--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্প’ৰেট অনুদানেৰে নিতৌ ধনী হৈছে ভাৰতীয় জনতা পাৰ্টী। বিপৰীতে কৰ্প’ৰেট জগতত গুৰুত্ব হ্ৰাস পাইছে কংগ্ৰেছৰ। কৰ্প’ৰেট অনুদান লাভৰ শীৰ্ষত ভাৰতীয় জনতা পাৰ্টী। 

অনুদান লাভৰ তালিকাত পঞ্চম স্থানত আছে শতিকা প্ৰাচীন দল কংগ্ৰেছ। প্ৰকাশ পালে ২০২২–২৩ বৰ্ষৰ ইলেকট্ৰ’ৰেল ট্ৰাষ্টৰ জৰিয়তে অনুদান লাভ কৰা দলৰ তালিকা। ২০২২–২৩ বৰ্ষত ইলেকট্ৰ’ৰেল ট্ৰাষ্টৰ জৰিয়তে মুঠ ৩৬৩ কোটি টকা লাভ কৰিছে বিভিন্ন ৰাজনৈতিক দলে। 

দেশৰ ৩৯টাকৈ ব্যৱসায়িক তথা কৰ্প’ৰেট প্ৰতিষ্ঠানৰ পৰা দলসমূহে লাভ কৰিছে এই ধন। দলসমূহে লাভ কৰা মুঠ অনুদানৰ ৭০ শতাংশতকৈও অধিক লাভ কৰিছে বিজেপিয়ে। এছ’চিয়েছন ফ’ৰ ডেম’ক্ৰেটিক ৰিফৰ্ম নামৰ সংস্থাটোৱে প্ৰকাশ কৰিছে এই তথ্য। সংস্থাটোৰ তথ্য অনুসৰি বিগত বছৰটোত বিজেপিয়ে লাভ কৰিছিল ২৫৯ কোটি ৮ লাখ টকা। তালিকাৰ দ্বিতীয় স্থানত আছে তেলেংগানাৰ ভাৰত ৰাষ্ট্র সমিতি চমুকৈ BRS। দলটোৱে লাভ কৰিছে ৯০ কোটিৰ অনুদান। তৃতীয় স্থানত আছে অন্ধ্ৰপ্ৰদেশৰ শাসকীয় দল YSR কংগ্ৰেছ। তালিকাৰ চতুৰ্থ স্থানত আছে আম আদমী পাৰ্টী। 

দেশৰ মূল বিৰোধী দল কংগ্ৰেছ তালিকাৰ পঞ্চম স্থানত থকা কথাই বহন কৰিছে বিশেষ তাৎপৰ্য। সাধাৰণতে শাসনত থকা দলটোৱেই পুঁজিপতিৰ বন্ধু হিচাপে পৰিচিত হৈ আহিছে। যি দলেই শাসনত থাকে কৰ্প’ৰেট জগতত সেই দলৰে গুৰুত্ব সৰ্বাধিক। এসময়ত শাসনত থাকোতেই একাংশ পুঁজিপতিৰ আপোন আছিল কংগ্ৰেছ। এতিয়া শাসনত নথকাৰ বাবে দলটোৰ সৈতে যে কৰ্প’ৰেট জগতৰ দূৰত্ব হ্ৰাস পাইছে সেই কথা স্পষ্ট হৈছে এই তথ্যৰ জৰিয়তে। 

ইপিনে, কৰ্প’ৰেট অনুদানৰ যি তথ্য প্ৰকাশ কৰা হৈছে বাস্তৱ ক্ষেত্ৰত ইয়াতকৈও অধিক ধন লাভ কৰি আহিছে ৰাজনৈতিক দলসমূহে। পূৰ্বে ইলেকট্ৰ’ৰেল বণ্ডৰ জৰিয়তে জানিব পৰা গৈছিল ৰাজনৈতিক দলসমূহে লাভ কৰা অনুদানৰ বিষয়ে। কিন্তু ২০১৬ চনত আইন সংশোধনৰ জৰিয়তে জনসাধাৰণক সেই অধিকাৰৰ পৰাও বঞ্চিত কৰিলে মোদী চৰকাৰে। 

পূৰ্বে ৰাজনৈতিক দলসমূহে ২০ হাজাৰতকৈও অধিক অনুদান লাভ কৰিলে সেই কথা ৰাজহুৱা কৰিব লাগিছিল। কিন্তু এতিয়া সেই তথ্য ৰাজহুৱা কৰাটো বাধ্যতামূলক নহয় ৰাজনৈতিক দলসমূহৰ বাবে। অৰ্থাৎ কোন দলে কিমান পৰিমাণৰ অনুদান লাভ কৰিছে সেই কথা এতিয়া জানিব পৰা নাযায়। তেনেস্থলত একাংশ দল যে কৰ্প’ৰেট অনুদানৰ জৰিয়তে অধিক ধনবান হৈ পৰিছে সেই কথা প্ৰায় নিশ্চিত। এনে অনুদানে কোন দলক অধিক লাভান্বিত কৰিছে সেই কথাও সহজে অনুমান কৰিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু