--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ জন বিৰোধী আইন প্ৰণয়ন কৰি জনতাৰ ৰোষত মোদী চৰকাৰ৷হিট এণ্ড ৰাণৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ৷দেশত স্তব্ধ হৈ পৰিব নেকি যাতায়তী ব্যৱস্থা৷দেশত এতিয়া বিশৃংখলতা৷কৃষকৰ পাছত এইবাৰ মোদী চৰকাৰ বিৰুদ্ধে অসন্তুষ্ট শ্ৰমিক৷

দেশজুৰি চালকৰ প্ৰতিবাদৰ মাজতেই ৪৮ ঘণ্টাৰ বাবে সম্পূৰ্ণ ৰূপে ৰাজ্যত চলাচল বন্ধ বাছ -ট্ৰাক,চিটিবাছ,মেজিক,কেব সেৱা,টেংকাৰ৷মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চৰ এই বন্ধৰ ঘোষণা৷বিভিন্ন ৰাজ্যত ট্ৰাক চালকে কৰা এই প্ৰতিবাদৰ বাবে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে।পৰিছে দেশৰ অৰ্থনীতিৰ‌ ওপৰতো প্ৰভাৱ।অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানত প্ৰভাৱ পৰিছে।যদিহে ট্ৰাকৰ ষ্ট্ৰাইক অব্যাহত থাকে তেন্তে দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰীৰ নাটনিৰ সন্মুখীন হ’ব পাৰে দেশৰ জনতা।বজাৰত দৈনন্দিন সামগ্ৰী ৰপ্তানি বা আমদানিত প্ৰভাৱ পৰাৰ লগতে মূল্যবৃদ্ধিয়ে জুৰুলা কৰা দেশবাসীক আকৌ দিব মাধমাৰ।প্ৰতিবাদ অব্যহত থাকিলে দেশত সৃষ্টি হ’ব পেট্ৰ’ল-ডিজেলৰ নাটনি।পেট্ৰ’ল-ডিজেল অনা টেংকাৰো এই ধৰ্মঘটৰ সৈতে জড়িত হোৱাৰ বাবে পৰিস্থিতি অধিক ভয়াৱহ হ’ব পাৰে বুলি আশংকা কৰা হৈছে।আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত দেশবলৈ পোৱা গৈছে প্ৰতিবাদ৷কিন্তু মোদী চৰকাৰৰ বিৰুদ্ধে চালক সকল ক্ষোভিত হোৱাৰ কাৰণ হ’ল হিট এণ্ড ৰান আইন৷ইতিমধ্যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অনুমোদন পোৱাৰ পাছত ভাৰতীয় ন্যায় সংহিতা এতিয়া আইনত পৰিণত হৈছে।কিন্তু ইয়াৰ এটা বিধানক লৈ মূলতঃ এই প্ৰতিবাদ।এই প্ৰতিবাদৰ কাৰণ হিট এণ্ড ৰানৰ নতুন আইন।নতুন আইন অনুসৰি যদি কোনো পথ দুৰ্ঘটনা হোৱাৰ পাছত কাৰোবাৰ মৃত্যু হয় আৰু চালকজনে সেই স্থানৰ পৰা পলায়ন কৰে তেন্তে তেওঁক ১০ বছৰৰ কাৰাদণ্ড বিহা হ’ব পাৰে।ইয়াৰ উপৰিও জৰিমনাও দিব লাগিব।পুৰণি আইন অনুসৰি হিট এণ্ড ৰান গোচৰত দুবছৰৰ কাৰাদণ্ডৰ ব্যৱস্থা আছিল আৰু জামিনৰো সুবিধা আছিল।অৱশ্যে নতুন আইনখনত চালকসকলেও কিছু ক্ষেত্ৰত সকাহ পাব। যদি গাড়ীখনে খুন্দা মৰা ব্যক্তিজনে ভুলকৈ পথ পাৰ হয় বা গাড়ীৰ সন্মুখত আহে তেন্তে চালকজনে সৰ্বোচ্চ পাঁচ বছৰৰ শাস্তি আৰু জৰিমনা ভৰিব লাগিব৷প্ৰতিবাদী চালকৰ যুক্তি সংঘৰ্ষৰ পাছত যদি পলাই যায় তেন্তে নতুন আইনৰ অধীনত কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব আৰু যদি ৰৈ যায় তেন্তে সেই স্থানত উপস্থিত থকা ৰাইজে তেওঁলোকক আক্ৰমণ কৰিব পাৰে। প্ৰায়ে পথ দুৰ্ঘটনা সংঘটিত হ’লে সেই স্থানত উপস্থিত থকা ৰাইজ ক্ষোভিত হৈ চালকক আক্ৰমণ কৰে।বহু সময়ত কেৱল মাৰপিট কৰাতে ৰৈ নাথাকি গুৰুতৰভাৱে আঘাত অথবা মৃত্যু পৰ্যন্তলৈ যায়।যাৰ বাবে এতিয়া চালক সমাজৰ দাবী শীঘ্ৰে বাতিল কৰক এই আইন৷অসমসহ অচল হৈ পৰিছে ভাৰতবৰ্ষ কৃষকৰ পাছত অসন্তুষ্ট শ্ৰমিক৷এতিয়া দেশ জুৰি চৰ্চা তথা বিৰোধী তথা দল সংগঠনৰ অভিযোগ জনবিৰোধী এই চৰকাৰ৷কেৱল পুঁজিপতিৰ পক্ষতহে মোদী চৰকাৰ ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান