--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ জন বিৰোধী আইন প্ৰণয়ন কৰি জনতাৰ ৰোষত মোদী চৰকাৰ৷হিট এণ্ড ৰাণৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ৷দেশত স্তব্ধ হৈ পৰিব নেকি যাতায়তী ব্যৱস্থা৷দেশত এতিয়া বিশৃংখলতা৷কৃষকৰ পাছত এইবাৰ মোদী চৰকাৰ বিৰুদ্ধে অসন্তুষ্ট শ্ৰমিক৷

দেশজুৰি চালকৰ প্ৰতিবাদৰ মাজতেই ৪৮ ঘণ্টাৰ বাবে সম্পূৰ্ণ ৰূপে ৰাজ্যত চলাচল বন্ধ বাছ -ট্ৰাক,চিটিবাছ,মেজিক,কেব সেৱা,টেংকাৰ৷মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চৰ এই বন্ধৰ ঘোষণা৷বিভিন্ন ৰাজ্যত ট্ৰাক চালকে কৰা এই প্ৰতিবাদৰ বাবে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে।পৰিছে দেশৰ অৰ্থনীতিৰ‌ ওপৰতো প্ৰভাৱ।অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানত প্ৰভাৱ পৰিছে।যদিহে ট্ৰাকৰ ষ্ট্ৰাইক অব্যাহত থাকে তেন্তে দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰীৰ নাটনিৰ সন্মুখীন হ’ব পাৰে দেশৰ জনতা।বজাৰত দৈনন্দিন সামগ্ৰী ৰপ্তানি বা আমদানিত প্ৰভাৱ পৰাৰ লগতে মূল্যবৃদ্ধিয়ে জুৰুলা কৰা দেশবাসীক আকৌ দিব মাধমাৰ।প্ৰতিবাদ অব্যহত থাকিলে দেশত সৃষ্টি হ’ব পেট্ৰ’ল-ডিজেলৰ নাটনি।পেট্ৰ’ল-ডিজেল অনা টেংকাৰো এই ধৰ্মঘটৰ সৈতে জড়িত হোৱাৰ বাবে পৰিস্থিতি অধিক ভয়াৱহ হ’ব পাৰে বুলি আশংকা কৰা হৈছে।আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত দেশবলৈ পোৱা গৈছে প্ৰতিবাদ৷কিন্তু মোদী চৰকাৰৰ বিৰুদ্ধে চালক সকল ক্ষোভিত হোৱাৰ কাৰণ হ’ল হিট এণ্ড ৰান আইন৷ইতিমধ্যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অনুমোদন পোৱাৰ পাছত ভাৰতীয় ন্যায় সংহিতা এতিয়া আইনত পৰিণত হৈছে।কিন্তু ইয়াৰ এটা বিধানক লৈ মূলতঃ এই প্ৰতিবাদ।এই প্ৰতিবাদৰ কাৰণ হিট এণ্ড ৰানৰ নতুন আইন।নতুন আইন অনুসৰি যদি কোনো পথ দুৰ্ঘটনা হোৱাৰ পাছত কাৰোবাৰ মৃত্যু হয় আৰু চালকজনে সেই স্থানৰ পৰা পলায়ন কৰে তেন্তে তেওঁক ১০ বছৰৰ কাৰাদণ্ড বিহা হ’ব পাৰে।ইয়াৰ উপৰিও জৰিমনাও দিব লাগিব।পুৰণি আইন অনুসৰি হিট এণ্ড ৰান গোচৰত দুবছৰৰ কাৰাদণ্ডৰ ব্যৱস্থা আছিল আৰু জামিনৰো সুবিধা আছিল।অৱশ্যে নতুন আইনখনত চালকসকলেও কিছু ক্ষেত্ৰত সকাহ পাব। যদি গাড়ীখনে খুন্দা মৰা ব্যক্তিজনে ভুলকৈ পথ পাৰ হয় বা গাড়ীৰ সন্মুখত আহে তেন্তে চালকজনে সৰ্বোচ্চ পাঁচ বছৰৰ শাস্তি আৰু জৰিমনা ভৰিব লাগিব৷প্ৰতিবাদী চালকৰ যুক্তি সংঘৰ্ষৰ পাছত যদি পলাই যায় তেন্তে নতুন আইনৰ অধীনত কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব আৰু যদি ৰৈ যায় তেন্তে সেই স্থানত উপস্থিত থকা ৰাইজে তেওঁলোকক আক্ৰমণ কৰিব পাৰে। প্ৰায়ে পথ দুৰ্ঘটনা সংঘটিত হ’লে সেই স্থানত উপস্থিত থকা ৰাইজ ক্ষোভিত হৈ চালকক আক্ৰমণ কৰে।বহু সময়ত কেৱল মাৰপিট কৰাতে ৰৈ নাথাকি গুৰুতৰভাৱে আঘাত অথবা মৃত্যু পৰ্যন্তলৈ যায়।যাৰ বাবে এতিয়া চালক সমাজৰ দাবী শীঘ্ৰে বাতিল কৰক এই আইন৷অসমসহ অচল হৈ পৰিছে ভাৰতবৰ্ষ কৃষকৰ পাছত অসন্তুষ্ট শ্ৰমিক৷এতিয়া দেশ জুৰি চৰ্চা তথা বিৰোধী তথা দল সংগঠনৰ অভিযোগ জনবিৰোধী এই চৰকাৰ৷কেৱল পুঁজিপতিৰ পক্ষতহে মোদী চৰকাৰ ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু