--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বদৌনত সংঘটিত হৈছে এক বৃহৎ ঘটনা। শনিবাৰে পুৱা চৰকাৰী বাসগৃহত মহিলা ন্যায়াধীশ জ্যোৎস্না ৰায়ৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ হয়। এই সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে আৰক্ষী প্ৰশাসনত হাহাকাৰৰ সৃষ্টি হয়। ডি এম-এছ এছ পিকে ধৰি সকলো বিষয়াই সেই স্থানত উপস্থিত হয়। ঘটনাস্থলীত তদন্ত অব্যাহত আছে। জানিব পৰা গৈছে যে সেই স্থানৰ পৰা এখন ছুইচাইড নোটো উদ্ধাৰ কৰা হৈছে। ছুইচাইড নোটত কি লিখা আছে সেই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই।

জ্যোৎস্না ৰায় আছিল দেৱানী ন্যায়াধীশ কনিষ্ঠ সংমণ্ডলৰ মুনছিফ দণ্ডাধীশ। ন্যায়াধীশৰ চৰকাৰী বাসগৃহৰ বাহিৰত ভিৰ লাগিছে। তথ্য অনুসৰি শনিবাৰে পুৱা তেওঁৰ আদালতত উপস্থিত নহ’ল দেৱানী ন্যায়াধীশ কনিষ্ঠ সংমণ্ডল আদালতৰ ন্যায়াধীশ জ্যোৎস্না ৰায়। সহযোগী বিচাৰকসকলে তেওঁৰ নম্বৰত ফোন কৰিলে, কিন্তু লাভ নহ’ল। কৰ্মচাৰীসকলৰ মতে, ন্যায়াধীশৰ বাসগৃহৰ দুৱাৰত ভিতৰৰ পৰা তলা লগোৱা আছিল। ফোন কৰাৰ পিছতো যেতিয়া দুৱাৰখন খোলা নাছিল তেতিয়া আৰক্ষীক খবৰ দিয়া হৈছিল।

সেই স্থানত উপস্থিত হৈ আৰক্ষীয়ে তেওঁৰ বাসগৃহৰ দুৱাৰখন ঠেলি খুলি দিলে। তাৰ পিছতে ঘৰৰ ভিতৰলৈ সোমাই গ’ল পুলিচ। এটা কোঠাৰ ভিতৰত ফেন এখনত ওলমি আছিল তেওঁৰ মৃতদেহ। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ডি এম মনোজ কুমাৰ আৰু এছ এছ পি আলোক প্ৰিয়াদৰ্শীকে ধৰি সকলো বিষয়াই তাত উপস্থিত হয়। ঘটনাস্থলীত ফৰেনছিক দলক মাতি অনা হয়। এছ এছ পি আলোক প্ৰিয়াদৰ্শীয়ে কয় যে থিতাতে তদন্তৰ সময়ত কিছু তথ্য পোৱা গৈছে, যিবোৰ ঘটনাৰ সৈতে জড়িত হ’ব পাৰে। সকলো তথ্যৰ পুংখানুপুংখ তদন্ত চলি আছে।

জানিব পৰা মতে জ্যোৎস্না ৰায় প্ৰথমে মৌ জিলাৰ বাসিন্দা আছিল। বদৌনৰ চিভিল জজ জুনিয়ৰ ডিভিজনৰ মুনছিফ মেজিষ্ট্ৰেট আছিল। তেওঁৰ দ্বিতীয়টো পোষ্টিং আছিল বদৌণত। ইয়াৰ আগতে তেওঁক অযোধ্যাতো পোষ্ট কৰা হৈছিল। ২০১৯ চনত তেওঁ দেৱানী ন্যায়াধীশ হয়। তেওঁৰ বয়স ২৯ বছৰ বুলি উল্লেখ কৰা হৈছে। চৰকাৰী বাসগৃহত এগৰাকী মহিলা ন্যায়াধীশৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সকলো স্তম্ভিত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ