--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বদৌনত সংঘটিত হৈছে এক বৃহৎ ঘটনা। শনিবাৰে পুৱা চৰকাৰী বাসগৃহত মহিলা ন্যায়াধীশ জ্যোৎস্না ৰায়ৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ হয়। এই সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে আৰক্ষী প্ৰশাসনত হাহাকাৰৰ সৃষ্টি হয়। ডি এম-এছ এছ পিকে ধৰি সকলো বিষয়াই সেই স্থানত উপস্থিত হয়। ঘটনাস্থলীত তদন্ত অব্যাহত আছে। জানিব পৰা গৈছে যে সেই স্থানৰ পৰা এখন ছুইচাইড নোটো উদ্ধাৰ কৰা হৈছে। ছুইচাইড নোটত কি লিখা আছে সেই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই।

জ্যোৎস্না ৰায় আছিল দেৱানী ন্যায়াধীশ কনিষ্ঠ সংমণ্ডলৰ মুনছিফ দণ্ডাধীশ। ন্যায়াধীশৰ চৰকাৰী বাসগৃহৰ বাহিৰত ভিৰ লাগিছে। তথ্য অনুসৰি শনিবাৰে পুৱা তেওঁৰ আদালতত উপস্থিত নহ’ল দেৱানী ন্যায়াধীশ কনিষ্ঠ সংমণ্ডল আদালতৰ ন্যায়াধীশ জ্যোৎস্না ৰায়। সহযোগী বিচাৰকসকলে তেওঁৰ নম্বৰত ফোন কৰিলে, কিন্তু লাভ নহ’ল। কৰ্মচাৰীসকলৰ মতে, ন্যায়াধীশৰ বাসগৃহৰ দুৱাৰত ভিতৰৰ পৰা তলা লগোৱা আছিল। ফোন কৰাৰ পিছতো যেতিয়া দুৱাৰখন খোলা নাছিল তেতিয়া আৰক্ষীক খবৰ দিয়া হৈছিল।

সেই স্থানত উপস্থিত হৈ আৰক্ষীয়ে তেওঁৰ বাসগৃহৰ দুৱাৰখন ঠেলি খুলি দিলে। তাৰ পিছতে ঘৰৰ ভিতৰলৈ সোমাই গ’ল পুলিচ। এটা কোঠাৰ ভিতৰত ফেন এখনত ওলমি আছিল তেওঁৰ মৃতদেহ। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ডি এম মনোজ কুমাৰ আৰু এছ এছ পি আলোক প্ৰিয়াদৰ্শীকে ধৰি সকলো বিষয়াই তাত উপস্থিত হয়। ঘটনাস্থলীত ফৰেনছিক দলক মাতি অনা হয়। এছ এছ পি আলোক প্ৰিয়াদৰ্শীয়ে কয় যে থিতাতে তদন্তৰ সময়ত কিছু তথ্য পোৱা গৈছে, যিবোৰ ঘটনাৰ সৈতে জড়িত হ’ব পাৰে। সকলো তথ্যৰ পুংখানুপুংখ তদন্ত চলি আছে।

জানিব পৰা মতে জ্যোৎস্না ৰায় প্ৰথমে মৌ জিলাৰ বাসিন্দা আছিল। বদৌনৰ চিভিল জজ জুনিয়ৰ ডিভিজনৰ মুনছিফ মেজিষ্ট্ৰেট আছিল। তেওঁৰ দ্বিতীয়টো পোষ্টিং আছিল বদৌণত। ইয়াৰ আগতে তেওঁক অযোধ্যাতো পোষ্ট কৰা হৈছিল। ২০১৯ চনত তেওঁ দেৱানী ন্যায়াধীশ হয়। তেওঁৰ বয়স ২৯ বছৰ বুলি উল্লেখ কৰা হৈছে। চৰকাৰী বাসগৃহত এগৰাকী মহিলা ন্যায়াধীশৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সকলো স্তম্ভিত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু