--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এতিয়া আৰু কেন্সাৰ দুৰাৰোগ্য হৈ থকা নাই৷ কেন্সাৰ বুলি ক’লে সাধাৰণতে ৰোগীয়ে হওক বা পৰিয়ালৰ লোকেই হওক মনত এক ধৰণৰ ভীতি গঢ় লৈ উঠে সেয়া এতিয়া বহু পৰিমানে সহজ হৈ পৰিছে যদিও চিকিৎসাৰ ব্যয়বহুলতাই বহু ৰোগীক তথা পৰিয়ালক চিন্তিত কৰি তোলে৷ শেহতীয়া কৈ এক সংবাদ মাধ্যমৰ আগত পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি নৱজোৎ সিং সিদ্ধুৱে তেওঁৰ পত্নী প্ৰাক্তন বিধায়ক নৱজোত কৌৰ সিদ্ধুক কৰ্কট ৰোগমুক্ত বুলি ঘোষণা কৰি কয় যে তেওঁৰ পত্নীৰ জীয়াই থকাৰ সম্ভাৱনা মাত্ৰ ৩% বুলি চিকিৎসকে কোৱাৰ পিছতো চতুৰ্থ পৰ্যায়ৰ কেন্সাৰ অতিক্ৰম কৰিছে।

এবছৰৰো অধিক সময় ধৰি নৱজোত কৌৰে কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল৷ প্ৰথম অৱস্থাত চিকিৎসকে জীৱিত থকাৰ আঁশা কম বুলি কোৱাৰ পাছতো তেওঁ মনোবল শেষ হৈ যোৱা নাছিল৷ তেওঁ সাহসেৰে ৰোগৰ সৈতে যুঁজিছিল কেতিয়াও আঁশা হেৰুৱা নাছিল বুলি মত প্ৰকাশ কৰে৷

নৱজোৎ সিং সিদ্ধুৱে লগতে কয় তেওঁৰ পত্নীৰ প্ৰায় চিকিৎসা চৰকাৰী চিকিৎসালয়তে হৈছিল৷ তেওঁ স্পষ্টভাৱে কয় টকা থকাৰ বাবে নহয়, অনুশাসিত আৰু কঠোৰ ৰুটিন মানি চলাৰ বাবেই তেওঁৰ পত্নীয়ে কেন্সাৰক পৰাস্ত কৰিবলৈ সমক্ষম হয়। চৰকাৰী চিকিৎসালয়তো কৰ্কট ৰোগৰ ফলপ্ৰসূ চিকিৎসা কৰিব পৰা যায় বুলি উল্লেখ কৰে৷
      
নৱজোত কৌৰৰ আৰোগ্য লাভ কৰাৰ বাবে পালন কৰা অনুশাসিত জীৱনশৈলীৰ সবিশেষ সদৰি কৰে। তেওঁৰ দৈনন্দিনখাদ্যৰ তালিকাত প্ৰধানত নেমুৰ পানী, কেঁচা হালধী, আপে’ল চাইডাৰ ভিনেগাৰ, নিমৰ পাত, তুলসী আদি আছিল। ডালিম, আমলখি, বুটমাহ, আখৰোটৰ পৰা তৈয়াৰী আৰু ৰস টেঙা ফল তেওঁৰ খাদ্য আছিল। এন্টি-ইনফ্লেমেটৰী আৰু কেন্সাৰ প্ৰতিৰোধী খাদ্যও গ্ৰহণ কৰিছিল, ৰন্ধা-বঢ়া নাৰিকল তেল বা আলমণ্ড তেলত সীমাবদ্ধ আছিল। পুৱাৰ চাহত ডালচেনি, লৱণ, গুড়, ইলাচি আদি মছলা দি সেৱন কৰিছিল বুলি অৱগত কৰে

নৱজোত সিং সিদ্ধুৱে তেওঁৰ আৰোগ্য লাভৰ বাবে কৃতজ্ঞতা তথা বিশ্বাস প্ৰকাশ কৰি আনকো কেন্সাৰ আৰু ফেটি লিভাৰ ৰোগৰ দৰে গুৰুতৰ ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সুস্থ জীৱনশৈলী গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

তেওঁলোকৰ এই যাত্ৰাই আনকো অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰি তেওঁ কয় যে কঠোৰ অনুশাসন, সাহস আৰু সুস্থ জীৱনশৈলীৰ দ্বাৰা কৰ্কটৰ দৰে ৰোগক পৰাস্ত কৰিব পাৰি বুলি মত প্ৰকাশ কৰে৷ তেওঁলোকৰ এই সফলতাৰ যাত্ৰই প্ৰমান কৰিছে সুস্থ জীৱনশৈলীৰে নিজকে ৰোগ মুক্ত হৈ থাকিব বা হ’ব পাৰি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক