--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এতিয়া আৰু কেন্সাৰ দুৰাৰোগ্য হৈ থকা নাই৷ কেন্সাৰ বুলি ক’লে সাধাৰণতে ৰোগীয়ে হওক বা পৰিয়ালৰ লোকেই হওক মনত এক ধৰণৰ ভীতি গঢ় লৈ উঠে সেয়া এতিয়া বহু পৰিমানে সহজ হৈ পৰিছে যদিও চিকিৎসাৰ ব্যয়বহুলতাই বহু ৰোগীক তথা পৰিয়ালক চিন্তিত কৰি তোলে৷ শেহতীয়া কৈ এক সংবাদ মাধ্যমৰ আগত পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি নৱজোৎ সিং সিদ্ধুৱে তেওঁৰ পত্নী প্ৰাক্তন বিধায়ক নৱজোত কৌৰ সিদ্ধুক কৰ্কট ৰোগমুক্ত বুলি ঘোষণা কৰি কয় যে তেওঁৰ পত্নীৰ জীয়াই থকাৰ সম্ভাৱনা মাত্ৰ ৩% বুলি চিকিৎসকে কোৱাৰ পিছতো চতুৰ্থ পৰ্যায়ৰ কেন্সাৰ অতিক্ৰম কৰিছে।

এবছৰৰো অধিক সময় ধৰি নৱজোত কৌৰে কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল৷ প্ৰথম অৱস্থাত চিকিৎসকে জীৱিত থকাৰ আঁশা কম বুলি কোৱাৰ পাছতো তেওঁ মনোবল শেষ হৈ যোৱা নাছিল৷ তেওঁ সাহসেৰে ৰোগৰ সৈতে যুঁজিছিল কেতিয়াও আঁশা হেৰুৱা নাছিল বুলি মত প্ৰকাশ কৰে৷

নৱজোৎ সিং সিদ্ধুৱে লগতে কয় তেওঁৰ পত্নীৰ প্ৰায় চিকিৎসা চৰকাৰী চিকিৎসালয়তে হৈছিল৷ তেওঁ স্পষ্টভাৱে কয় টকা থকাৰ বাবে নহয়, অনুশাসিত আৰু কঠোৰ ৰুটিন মানি চলাৰ বাবেই তেওঁৰ পত্নীয়ে কেন্সাৰক পৰাস্ত কৰিবলৈ সমক্ষম হয়। চৰকাৰী চিকিৎসালয়তো কৰ্কট ৰোগৰ ফলপ্ৰসূ চিকিৎসা কৰিব পৰা যায় বুলি উল্লেখ কৰে৷
      
নৱজোত কৌৰৰ আৰোগ্য লাভ কৰাৰ বাবে পালন কৰা অনুশাসিত জীৱনশৈলীৰ সবিশেষ সদৰি কৰে। তেওঁৰ দৈনন্দিনখাদ্যৰ তালিকাত প্ৰধানত নেমুৰ পানী, কেঁচা হালধী, আপে’ল চাইডাৰ ভিনেগাৰ, নিমৰ পাত, তুলসী আদি আছিল। ডালিম, আমলখি, বুটমাহ, আখৰোটৰ পৰা তৈয়াৰী আৰু ৰস টেঙা ফল তেওঁৰ খাদ্য আছিল। এন্টি-ইনফ্লেমেটৰী আৰু কেন্সাৰ প্ৰতিৰোধী খাদ্যও গ্ৰহণ কৰিছিল, ৰন্ধা-বঢ়া নাৰিকল তেল বা আলমণ্ড তেলত সীমাবদ্ধ আছিল। পুৱাৰ চাহত ডালচেনি, লৱণ, গুড়, ইলাচি আদি মছলা দি সেৱন কৰিছিল বুলি অৱগত কৰে

নৱজোত সিং সিদ্ধুৱে তেওঁৰ আৰোগ্য লাভৰ বাবে কৃতজ্ঞতা তথা বিশ্বাস প্ৰকাশ কৰি আনকো কেন্সাৰ আৰু ফেটি লিভাৰ ৰোগৰ দৰে গুৰুতৰ ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সুস্থ জীৱনশৈলী গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

তেওঁলোকৰ এই যাত্ৰাই আনকো অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰি তেওঁ কয় যে কঠোৰ অনুশাসন, সাহস আৰু সুস্থ জীৱনশৈলীৰ দ্বাৰা কৰ্কটৰ দৰে ৰোগক পৰাস্ত কৰিব পাৰি বুলি মত প্ৰকাশ কৰে৷ তেওঁলোকৰ এই সফলতাৰ যাত্ৰই প্ৰমান কৰিছে সুস্থ জীৱনশৈলীৰে নিজকে ৰোগ মুক্ত হৈ থাকিব বা হ’ব পাৰি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ