--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এটা বিশেষ ভিডিঅ'। ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী নাৰ্ছে মহিলাগৰাকীৰ চুলিত ধৰি টানি খালী বিচনা এখনলৈ লৈ যায় আৰু ৰোগীজনক বিচনাত ঠেলি দিয়ে। এজন পুৰুষ স্বাস্থ্যকৰ্মীয়েও তেওঁক  এই কামত সহায় কৰে। এই ঘটনা উত্তৰ প্ৰদেশৰ জিলাৰ  চিকিৎসালয়ৰ। ঘটনা মৰ্মে এগৰাকী নাৰ্ছে মহিলা ৰোগীৰ সৈতে অসৎ আচৰণৰ এটা গোচৰ চৰ্চালৈ আহিছে। এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। কোৱা হৈছে যে এই ভিডিঅ'টো সীতাপুৰ জিলা চিকিৎসালয়ৰ। এই গোটেই বিষয়টোত চিকিৎসালয় প্ৰশাসনে কৰ্মচাৰীৰ পক্ষ লয়।

ভাইৰেল ভিডিঅ’টোত এগৰাকী নাৰ্ছে মহিলাগৰাকীৰ চুলিত ধৰি খালী বিচনাত টানি লৈ যোৱা দেখা গৈছে। ইয়াৰ পাছত নাৰ্ছে  আকৌ খালী বিচনাখনত চুলিখিনি ধৰি থকা মহিলাগৰাকীক জোকাৰি দিয়ে। ইয়াৰ সময়ত নাৰ্ছগৰাকীক এজন পুৰুষ স্বাস্থ্যকৰ্মীয়েও সহায় কৰে।


ভাইৰেল ভিডিঅ’টোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জিলা চিকিৎসালয়ৰ চিএমএছ ডাঃ আৰ কে সিঙে চিকিৎসালয়ৰ কৰ্মচাৰীসকলক ৰক্ষা কৰি মহিলা ৰোগীগৰাকী হিংসাত্মক ৰূপ লোৱা বুলি দাবী কৰে। তেওঁ জনোৱা মতে, ১৮ অক্টোবৰত মহিলা ৰোগীগৰাকীক ভৰ্তি কৰা হৈছিল। চিএমএছৰ তথ্য অনুসৰি ১৯ অক্টোবৰৰ নিশা দিনৰ ১২ৰ পৰা ১ বজাৰ ভিতৰত মহিলাগৰাকীয়ে ৱাশ্বৰুমলৈ গৈ হঠাতে হিংসাত্মক আচৰণ কৰিবলৈ আৰম্ভ কৰে।

ডাঃ সিঙে কয় যে মহিলাগৰাকীয়ে  কাপোৰ ফালিবলৈ আৰম্ভ কৰে। এই সকলোবোৰ দেখি ৱাৰ্ডৰ আন মহিলা ৰোগীসকল ভয় খাবলৈ ধৰিলে।  চিকিৎসালয়ৰ কৰ্মচাৰীয়ে মহিলাগৰাকীক ৰখাবলৈ বাধ্য হয়। তেওঁ কয় যে ৱাৰ্ডত কৰ্তব্যৰত নাৰ্ছগৰাকীয়েও সমগ্ৰ বিষয়টো আৰক্ষীক অৱগত কৰিছিল। ইফালে আনটো ৱাৰ্ডৰ নাৰ্ছসকলো সহায় কৰিবলৈ আহিছিল।

মহিলাগৰাকীৰ সৈতে অসৎ আচৰণৰ সকলো অভিযোগ খাৰিজ কৰে ডাঃ সিঙে। তেওঁ কয় যে বেজী দিয়াৰ আগতে মহিলা ৰোগীগৰাকীক বিচনাত আনিব লাগিব, তেতিয়াহে তাই শান্ত হ’ব পাৰিব। তেওঁ জনোৱা মতে, ৰোগী গৰাকীৰ। আত্মীয় চিকিৎসালয়লৈ অহাৰ পাছতে মহিলাগৰাকীক ঘৰলৈ যাবলৈ দিয়া হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু