--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশত হীৰা ওলোৱাৰ খবৰে এতিয়া বেছ চৰ্চা লাভ কৰিছে। কেৱল কাহিনীতে নহয়,  এইবাৰ বাস্তৱতো মাটি খান্দিলেই হীৰা ওলোৱাৰ কথাই বহুতকে আচৰিত কৰি তুলিছে। মধ্য প্ৰদেশৰ পান্না জিলাত শ শ লোকে হীৰাৰ সন্ধানত মাটি খনন কৰি আছে। পৰিস্থিতি এনেকুৱা হৈছে যে চুবুৰীয়া ৰাজ্য উত্তৰ প্ৰদেশৰ বহুলোকও অঞ্চলটোলৈ আহি হীৰাৰ সন্ধান কৰিছে।  কিন্তু হীৰাৰ বাবে হঠাতে কিয় ইমান উথপথপ লাগিছে?

ৰাজ্য খনৰ ৰুঞ্জ নদীৰ ওপৰত আঠ কিলোমিটাৰ দৈৰ্ঘ্যৰ  বান্ধ নিৰ্মাণৰ কাম  কেইবাদিনো ধৰি চলি আছে। প্ৰায় ১২,০০০ হেক্টৰ ভূমিত জলসিঞ্চন সেৱা আৰম্ভ কৰাৰ বাবেই সেই বান্ধটো নিৰ্মাণ কৰা হৈছে। শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈছে। য'ত দাবী কৰা হৈছে যে বান্ধ নিৰ্মাণৰ সৈতে জড়িত এজন ঠিকাদাৰে হীৰা পাইছে। এই খবৰ  জুইৰ দৰে বিয়পি পৰিছে। ইয়াৰ ফলস্বৰূপে চুবুৰীয়া ৰাজ্যসমূহৰ পৰাওহীৰাৰ  সন্ধানত শ শ লোকৰ আগমন ঘটিছে।

অঞ্চলটো জলসিঞ্চন বিভাগৰ অধীনত আহে। ফলস্বৰূপে, আঢ়ৈ ফুট মাটি খনন কৰাত কোনো বাধা নাই। এই কাৰণে ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী মোতায়েন কৰা হৈছে। যোৱা ১৫  দিনত, আৰক্ষীয়ে একাধিক কাৰণত ১০০ খনতকৈও অধিক বাইক জব্দও কৰিছে। হীৰাৰ  সন্ধানত মাটি খননত ব্যস্ত এজন ব্যক্তিয়ে কয়, "মই ইয়াত হীৰা পোৱাৰ খবৰ পাইছো। মই নাজানো কি হ'ব। মই মোৰ ভাগ্য পৰীক্ষা  কৰিবলৈ আহিছো। মই আঢ়ৈ ফুটলৈমাটি খান্দিছো। "

উল্লেখ্য পান্না জিলাৰ মাজগানৱাত এটা কয়লা খনি আছিল। ৬০  বছৰ পুৰণি খনিটো ৩১ ডিচেম্বৰ ২০২০ত বন্ধ কৰি দিয়া হৈছিল। কয়লা খনি থকাৰ বাবেই অঞ্চলটোত হীৰা পোৱাৰ সম্ভাৱনা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিব নোৱাৰি বুলি বহুতে কৈছে। ২০২১ চনৰ জানুৱাৰী মাহত  মাজগানৱাত এডোখৰ  ৭৭.৭২ কেৰেটৰ হীৰা পোৱা গৈছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু