--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশত হীৰা ওলোৱাৰ খবৰে এতিয়া বেছ চৰ্চা লাভ কৰিছে। কেৱল কাহিনীতে নহয়,  এইবাৰ বাস্তৱতো মাটি খান্দিলেই হীৰা ওলোৱাৰ কথাই বহুতকে আচৰিত কৰি তুলিছে। মধ্য প্ৰদেশৰ পান্না জিলাত শ শ লোকে হীৰাৰ সন্ধানত মাটি খনন কৰি আছে। পৰিস্থিতি এনেকুৱা হৈছে যে চুবুৰীয়া ৰাজ্য উত্তৰ প্ৰদেশৰ বহুলোকও অঞ্চলটোলৈ আহি হীৰাৰ সন্ধান কৰিছে।  কিন্তু হীৰাৰ বাবে হঠাতে কিয় ইমান উথপথপ লাগিছে?

ৰাজ্য খনৰ ৰুঞ্জ নদীৰ ওপৰত আঠ কিলোমিটাৰ দৈৰ্ঘ্যৰ  বান্ধ নিৰ্মাণৰ কাম  কেইবাদিনো ধৰি চলি আছে। প্ৰায় ১২,০০০ হেক্টৰ ভূমিত জলসিঞ্চন সেৱা আৰম্ভ কৰাৰ বাবেই সেই বান্ধটো নিৰ্মাণ কৰা হৈছে। শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈছে। য'ত দাবী কৰা হৈছে যে বান্ধ নিৰ্মাণৰ সৈতে জড়িত এজন ঠিকাদাৰে হীৰা পাইছে। এই খবৰ  জুইৰ দৰে বিয়পি পৰিছে। ইয়াৰ ফলস্বৰূপে চুবুৰীয়া ৰাজ্যসমূহৰ পৰাওহীৰাৰ  সন্ধানত শ শ লোকৰ আগমন ঘটিছে।

অঞ্চলটো জলসিঞ্চন বিভাগৰ অধীনত আহে। ফলস্বৰূপে, আঢ়ৈ ফুট মাটি খনন কৰাত কোনো বাধা নাই। এই কাৰণে ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী মোতায়েন কৰা হৈছে। যোৱা ১৫  দিনত, আৰক্ষীয়ে একাধিক কাৰণত ১০০ খনতকৈও অধিক বাইক জব্দও কৰিছে। হীৰাৰ  সন্ধানত মাটি খননত ব্যস্ত এজন ব্যক্তিয়ে কয়, "মই ইয়াত হীৰা পোৱাৰ খবৰ পাইছো। মই নাজানো কি হ'ব। মই মোৰ ভাগ্য পৰীক্ষা  কৰিবলৈ আহিছো। মই আঢ়ৈ ফুটলৈমাটি খান্দিছো। "

উল্লেখ্য পান্না জিলাৰ মাজগানৱাত এটা কয়লা খনি আছিল। ৬০  বছৰ পুৰণি খনিটো ৩১ ডিচেম্বৰ ২০২০ত বন্ধ কৰি দিয়া হৈছিল। কয়লা খনি থকাৰ বাবেই অঞ্চলটোত হীৰা পোৱাৰ সম্ভাৱনা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিব নোৱাৰি বুলি বহুতে কৈছে। ২০২১ চনৰ জানুৱাৰী মাহত  মাজগানৱাত এডোখৰ  ৭৭.৭২ কেৰেটৰ হীৰা পোৱা গৈছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক