--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰকাৰী চিকিৎসালয়ৰ  পয়ালগা ৰূপ পুনৰবাৰ প্ৰকট হৈ পৰিল। ৰাজস্থানৰ এখন চৰকাৰী চিকিৎসালয়ৰ যুৱ জনৰ বয়স আইচিইউত অক্সিজেন মাস্কত জুই লগাৰ ফলত এজন ৰোগীৰ মৃত্যু হয়। মৃত্যু ঘটা যুৱকজনৰ বয়স ২৩ বছৰ। 

যুৱকজন কোটাৰ এখন চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। তেওঁক আইচিইউত ৰখা হৈছিল। তাতেই অক্সিজেন মাস্কত জুই লাগে  আৰু যুৱকজনৰ মৃত্যু ঘটে। মৃত বৈভৱ শৰ্মা কোটাৰ অনন্তপুৰা তলৱাৰৰ বাসিন্দা আছিল। যুৱক জনৰ পৰিয়ালে অভিযোগ কৰিছে যে নিউ মেডিকেল কলেজ চিকিৎসালয়ৰ চিকিৎসক আৰু কৰ্মচাৰীৰ অৱহেলাৰ বাবেই যুৱকজনৰ মৃত্যু ঘটিছে। 

যুৱকজনৰ পৰিয়ালে  দাবী কৰিছে  যে যুৱকজনৰ মুখত অক্সিজেন মাস্ক আছিল আৰু সেই মাক্সতেই   জুই লাগিছিল।  জানিব পৰা মতে  যুৱক জনৰ মুখ আৰু বুকু জ্বলি যায়। যুৱকজনৰ পৰিয়ালৰ সদস্যসকলে ঘটনাটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু চিকিৎসালয়খনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। বিজেপি আৰু কংগ্ৰেছ নেতাসকলেও চিকিৎসালয়ৰ বাহিৰত ধৰ্ণাত বহিছে। 

চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ সংগীতা ছাক্সেনাই কয়  যে বিষয়টো তদন্ত  কৰিবলৈ এখন উচ্চ-পৰ্যায়ৰ সমিতি গঠন কৰা হৈছে। অভিজ্ঞ চিকিৎসক আৰু ফৰেনচিকৰ দলে তদন্ত কৰি প্ৰাথমিকভাবে অৱহেলাৰ কথাটো ধৰা পেলাইছে।  চিকিৎসালয়খনে প্ৰকাশ কৰা মতে যুৱকজন যক্ষ্মা ৰোগত আক্ৰান্ত আছিল। তেওঁৰ অৱস্থা সংকটজনক আছিল। ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ জি কে ব্যাসে ঘটনাটোক লৈ কোটা আৰক্ষী অধীক্ষক, মুখ্য স্বাস্থ্য বিষয়া আৰু নিউ মেডিকেল কলেজ চিকিৎসালয়ৰ অধ্যক্ষক জাননী জাৰি কৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ