--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰকাৰী চিকিৎসালয়ৰ  পয়ালগা ৰূপ পুনৰবাৰ প্ৰকট হৈ পৰিল। ৰাজস্থানৰ এখন চৰকাৰী চিকিৎসালয়ৰ যুৱ জনৰ বয়স আইচিইউত অক্সিজেন মাস্কত জুই লগাৰ ফলত এজন ৰোগীৰ মৃত্যু হয়। মৃত্যু ঘটা যুৱকজনৰ বয়স ২৩ বছৰ। 

যুৱকজন কোটাৰ এখন চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। তেওঁক আইচিইউত ৰখা হৈছিল। তাতেই অক্সিজেন মাস্কত জুই লাগে  আৰু যুৱকজনৰ মৃত্যু ঘটে। মৃত বৈভৱ শৰ্মা কোটাৰ অনন্তপুৰা তলৱাৰৰ বাসিন্দা আছিল। যুৱক জনৰ পৰিয়ালে অভিযোগ কৰিছে যে নিউ মেডিকেল কলেজ চিকিৎসালয়ৰ চিকিৎসক আৰু কৰ্মচাৰীৰ অৱহেলাৰ বাবেই যুৱকজনৰ মৃত্যু ঘটিছে। 

যুৱকজনৰ পৰিয়ালে  দাবী কৰিছে  যে যুৱকজনৰ মুখত অক্সিজেন মাস্ক আছিল আৰু সেই মাক্সতেই   জুই লাগিছিল।  জানিব পৰা মতে  যুৱক জনৰ মুখ আৰু বুকু জ্বলি যায়। যুৱকজনৰ পৰিয়ালৰ সদস্যসকলে ঘটনাটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু চিকিৎসালয়খনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। বিজেপি আৰু কংগ্ৰেছ নেতাসকলেও চিকিৎসালয়ৰ বাহিৰত ধৰ্ণাত বহিছে। 

চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ সংগীতা ছাক্সেনাই কয়  যে বিষয়টো তদন্ত  কৰিবলৈ এখন উচ্চ-পৰ্যায়ৰ সমিতি গঠন কৰা হৈছে। অভিজ্ঞ চিকিৎসক আৰু ফৰেনচিকৰ দলে তদন্ত কৰি প্ৰাথমিকভাবে অৱহেলাৰ কথাটো ধৰা পেলাইছে।  চিকিৎসালয়খনে প্ৰকাশ কৰা মতে যুৱকজন যক্ষ্মা ৰোগত আক্ৰান্ত আছিল। তেওঁৰ অৱস্থা সংকটজনক আছিল। ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ জি কে ব্যাসে ঘটনাটোক লৈ কোটা আৰক্ষী অধীক্ষক, মুখ্য স্বাস্থ্য বিষয়া আৰু নিউ মেডিকেল কলেজ চিকিৎসালয়ৰ অধ্যক্ষক জাননী জাৰি কৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস