--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিতা বাঘৰ আক্ৰমণত ইতিমধ্যে ভাৰতত কেইবা জনো লোকৰ প্ৰাণ হানি ঘটিছে। শেহতীয়াকৈ এজন যুৱকক  চিতা বাঘে আক্ৰমণ কৰাৰ পিছতে সাহসী যুৱক জনেও বাঘটোক আক্ৰমণ কৰি ধৰাশায়ী কৰে আৰু  বাঘটোক তেওঁৰ বাইকৰ পিছফালে বান্ধি বন বিভাগৰ কাৰ্যালয়লৈ লৈ যায়।  যুৱক জনে আক্ৰমণকাৰী বাঘটোক বন বিভাগৰ হাতত  গতাই দিয়ে। 

এই ঘটনাই এতিয়া আলোড়ণৰ সৃষ্টি কৰিছে। চিতা  বাঘটোক বাইকত বান্ধি লৈ যোৱাৰ  ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অৱশ্যে, বন বিভাগৰ বিষয়াসকলে ইয়াত যুৱকজনৰ কোনো ভুল দেখা নাই।

তেওঁলোকে যুক্তি দিছে যে যুৱকজনে  আত্মৰক্ষাৰ বাবেহে এনে কৰিছে। কেৱল সেয়াই নহয়, তেওঁলোকে লগতে কয় যে যুৱকজনে বাঘটোক হত্যা কৰিবলৈ চেষ্টা কৰা নাছিল। কিন্তু বাঘটোক এনেদৰে বাইকৰ পিছপিনে বান্ধি নিয়াৰ কথাটো বহুতে সহজভাবে লোৱা নাই। ঘটনাটো কৰ্ণাটকৰ হাছান জিলাৰ বাগিভালু গাঁৱত সংঘটিত হৈছে। মুথু নামৰ যুৱক জন  গাঁওখনৰ  বাসিন্দা। তেওঁ শুক্ৰবাৰে পুৱা পথাৰলৈ  গৈছিল। খেতিপথাৰত প্ৰৱেশ কৰাৰ লগে লগে তেওঁ দেখিলে যে তাত এটা চিতা বাঘ বাঘ ঘূৰি আছে। 



গাওঁখনত চিতা বাঘৰ প্ৰৱেশৰ খবৰ বিয়পি পৰাৰ লগে লগে আতংক বিয়পি পৰে। গাওঁবাসীয়ে বন বিভাগক ঘটনাটো  অৱগত কৰিছিল। গাওঁবাসীয়ে দাবী কৰিছে  যে বন বিভাগৰ কৰ্মচাৰী আহি পোৱাৰ আগতে চিতা বাঘটোৱে মুথুক আক্ৰমণ কৰে। কিন্তু মুথুৱে চিতা  বাঘটোক কিবাকৈ ধৰাশায়ী  কৰি বাইকৰ পিছপিনে বান্ধি পেলায়। তেওঁ এনে কৰাত বাঘটো সামান্য পৰিমাণে  আঘাতপ্ৰাপ্ত হয়। চিতা বাঘটোৰ  ঠেং দুখন  তেওঁ ৰচীৰে বান্ধিছিল। তাৰ পিছত তেওঁ বাঘটো  বাইকৰ পিছফালে বান্ধি  বন বিভাগক হস্তান্তৰ কৰিবলৈ লৈ গৈছিল।   ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত মুথুৰ কামক বহুতে সমালোচনা কৰিছে। কিন্তু বন বিভাগে মুথুৰ কাষত থিয় দিছে।

বন বিভাগৰ এজন বিষয়াই কয়, "মুথুৰ কোনো অসৎ উদ্দেশ্য নাছিল। তেওঁ বাঘটো কঢ়িয়াই অনাৰ কাৰণ আছিল তেওঁৰ সজাগতাৰ অভাৱ। চিতা বাঘটোৰ বয়স ন মাহ, বিষয়াজনে লগতে কয়। ঘটনাটোত বাঘটো  আঘাতপ্ৰাপ্ত হৈছে। চিতা  বাঘটোৰ চিকিৎসা চলি আছে আৰু পৰ্যৱেক্ষণত ৰখা হৈছে।’’









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস