--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিতা বাঘৰ আক্ৰমণত ইতিমধ্যে ভাৰতত কেইবা জনো লোকৰ প্ৰাণ হানি ঘটিছে। শেহতীয়াকৈ এজন যুৱকক  চিতা বাঘে আক্ৰমণ কৰাৰ পিছতে সাহসী যুৱক জনেও বাঘটোক আক্ৰমণ কৰি ধৰাশায়ী কৰে আৰু  বাঘটোক তেওঁৰ বাইকৰ পিছফালে বান্ধি বন বিভাগৰ কাৰ্যালয়লৈ লৈ যায়।  যুৱক জনে আক্ৰমণকাৰী বাঘটোক বন বিভাগৰ হাতত  গতাই দিয়ে। 

এই ঘটনাই এতিয়া আলোড়ণৰ সৃষ্টি কৰিছে। চিতা  বাঘটোক বাইকত বান্ধি লৈ যোৱাৰ  ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অৱশ্যে, বন বিভাগৰ বিষয়াসকলে ইয়াত যুৱকজনৰ কোনো ভুল দেখা নাই।

তেওঁলোকে যুক্তি দিছে যে যুৱকজনে  আত্মৰক্ষাৰ বাবেহে এনে কৰিছে। কেৱল সেয়াই নহয়, তেওঁলোকে লগতে কয় যে যুৱকজনে বাঘটোক হত্যা কৰিবলৈ চেষ্টা কৰা নাছিল। কিন্তু বাঘটোক এনেদৰে বাইকৰ পিছপিনে বান্ধি নিয়াৰ কথাটো বহুতে সহজভাবে লোৱা নাই। ঘটনাটো কৰ্ণাটকৰ হাছান জিলাৰ বাগিভালু গাঁৱত সংঘটিত হৈছে। মুথু নামৰ যুৱক জন  গাঁওখনৰ  বাসিন্দা। তেওঁ শুক্ৰবাৰে পুৱা পথাৰলৈ  গৈছিল। খেতিপথাৰত প্ৰৱেশ কৰাৰ লগে লগে তেওঁ দেখিলে যে তাত এটা চিতা বাঘ বাঘ ঘূৰি আছে। 



গাওঁখনত চিতা বাঘৰ প্ৰৱেশৰ খবৰ বিয়পি পৰাৰ লগে লগে আতংক বিয়পি পৰে। গাওঁবাসীয়ে বন বিভাগক ঘটনাটো  অৱগত কৰিছিল। গাওঁবাসীয়ে দাবী কৰিছে  যে বন বিভাগৰ কৰ্মচাৰী আহি পোৱাৰ আগতে চিতা বাঘটোৱে মুথুক আক্ৰমণ কৰে। কিন্তু মুথুৱে চিতা  বাঘটোক কিবাকৈ ধৰাশায়ী  কৰি বাইকৰ পিছপিনে বান্ধি পেলায়। তেওঁ এনে কৰাত বাঘটো সামান্য পৰিমাণে  আঘাতপ্ৰাপ্ত হয়। চিতা বাঘটোৰ  ঠেং দুখন  তেওঁ ৰচীৰে বান্ধিছিল। তাৰ পিছত তেওঁ বাঘটো  বাইকৰ পিছফালে বান্ধি  বন বিভাগক হস্তান্তৰ কৰিবলৈ লৈ গৈছিল।   ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত মুথুৰ কামক বহুতে সমালোচনা কৰিছে। কিন্তু বন বিভাগে মুথুৰ কাষত থিয় দিছে।

বন বিভাগৰ এজন বিষয়াই কয়, "মুথুৰ কোনো অসৎ উদ্দেশ্য নাছিল। তেওঁ বাঘটো কঢ়িয়াই অনাৰ কাৰণ আছিল তেওঁৰ সজাগতাৰ অভাৱ। চিতা বাঘটোৰ বয়স ন মাহ, বিষয়াজনে লগতে কয়। ঘটনাটোত বাঘটো  আঘাতপ্ৰাপ্ত হৈছে। চিতা  বাঘটোৰ চিকিৎসা চলি আছে আৰু পৰ্যৱেক্ষণত ৰখা হৈছে।’’









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ