--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ‘সমাজৰ মেৰুদণ্ড স্বৰূপ শিক্ষকক চৰকাৰী গিনিপিক সজাইছে…’- এই মন্তব্য ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাৰ৷ তেওঁৰ মতে, শিক্ষকসকলৰ ওপৰত অন্যায় কৰা হৈছে৷ আজি ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন বিস্ফোৰক অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে৷

তেওঁৰ মতে, শিক্ষকসকলক চৰকাৰে গিনিপিক সজাইছে৷ শিক্ষকসকলক অন্যায় কৰা হৈছে৷ উল্লেখ্য চৰকাৰে উন্মোচন কৰিছিল ‘ৰিমছ এপ’৷ এই এপটোৱে শিক্ষকৰ মৰ্যাদা হানি কৰিছে বুলিও অভিহিত কৰে তেওঁ৷ ‘ৰিমছ এপ’ৰ দৰে ডিজিটেল ব্যৱস্থাৰ জৰিয়তে প্ৰধান শিক্ষকৰ পদমৰ্যাদাত আঘাত হনা হৈছে বুলিও অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে৷ ৰিপুন বৰাৰ মতে, ‘শিক্ষকসকলক মানসিক চাপ দিয়া হৈছে৷ ৰিমছ এপে শিক্ষকসকলৰ গোপনীয়তা ভংগ কৰিব৷’

আনহাতে, এটা ব্যক্তিগত কোম্পানীক লাভান্বিত কৰিবৰ বাবে চৰকাৰে এই ব্যৱস্থা কৰিছে বুলিও মন্তব্য কৰে তেওঁ৷ ৰিপুন বৰাৰ দাবী বিষয়টোৰ সন্দৰ্ভত চৰকাৰে শ্বেতপত্ৰ দিয়ক৷ আনহাতে, টেট পৰীক্ষাৰ বিসংগতিৰ ওপৰতো মন্তব্য কৰে সাংসদগৰাকীয়ে৷ সাংসদগৰাকীৰ মতে, টেট পৰীক্ষাৰ পুনৰীক্ষণ কৰিব লাগে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু