--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আজি গুৱাহাটীৰ মাছখোৱাত স্বাধীনতা সংগ্ৰামী, অসমৰ বাঁওপন্থী আন্দোলনৰ অন্যতম মহীৰূহ নন্দেশ্বৰ তালুকদাৰৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়৷ অনুষ্ঠানত উপস্থিত চিপিআই (এম)ৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক, বৰ্ষীয়ান বামপন্থী নেতা সীতাৰাম য়েচুৰী৷ লগতে উপস্থিত থাকে বিশিষ্ট বুদ্ধিজীৱী ড° হীৰেন গোহাঁই, শিল্পী সুদক্ষিণা শৰ্মা, অৱনী ঠাকুৰকে ধৰি বহু বিশিষ্ট ব্যক্তি৷

অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে অংশ লৈ সীতাৰাম য়েচুৰীয়ে নন্দেশ্বৰ তালুকাদৰৰ সমগ্ৰামী জীৱনক স্মৰণ কৰে৷ কমিউনিষ্টেহে প্ৰথম স্বৰাজৰ প্ৰসংগ উত্থাপন কৰিছিল বুলি মন্তব্য কৰি য়েচুৰীয়ে কয়, কমিউনিষ্টৰ সেই প্ৰসংগক গান্ধীজীয়ে প্ৰথমে আদৰি লোৱা নাছিল। পাছলৈ ১৯২৯ চনত গান্ধীয়ে আদৰি লৈছিল। স্বাধীনতা সংগ্ৰামৰ কথা উল্লেখ কৰি বামপন্থীৰ ওপৰত ব্ৰিটিছ চৰকাৰে দমনমূলকভাৱে আতিশয্য চলাইছিল বুলি মন্তব্য কৰে য়েচুৰীয়ে৷ ভাষণ প্ৰসংগত বাঁওপন্থী নেতাগৰাকীয়ে কয় যে ৰাজনৈতিক স্বাধীনতা পালোঁ, কিন্তু, আৰ্থিক স্বাধীনতাও সমানে প্ৰয়োজন, যিটো সমাজবাদেহে প্ৰতিষ্ঠা কৰিব পাৰে৷ আৰু তাৰ বাবে কম কৰিছিল বামপন্থীসকলে।

নন্দেশ্বৰ তালুকদাৰৰ জন্ম শতবৰ্ষৰ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ লৈ চিন্তাবিদ ড° হীৰেন গোহাঁয়েও নন্দেশ্বৰ তালুকদাৰৰ জীৱনগাথাৰ সোঁৱৰণ কৰে৷ ভাষণ প্ৰসংগত ড° গোহাঁয়ে সমসাময়িক ৰাজনৈতিক পৰিৱেশৰ ওপৰত কেতবোৰ মন্তব্য কৰে৷ তেওঁ কয়, এই সময়ত মানুহৰ নিৰাপত্তা নাই।
ধৰ্ষণ, মাৰপিটৰ ঘটনা বাঢ়িছে৷ অথচ, গৰুৰ নিৰাপত্তাৰ বাবে উঠিপৰি লাগিছে ৰাজনৈতিক নেতা৷ এজন নেতাৰ ভাৱমূৰ্তি এনেধৰণৰ দেখুওৱা হয় যেন তেওঁ দেৱতাহে৷ মাজে মাজে সেইসকল নেতাই তপস্যা কৰে। আত্মনির্ভৰতাৰ কথা কয়। কিন্তু, সকলো শেষ। লগতে তেওঁ কয়, আদানী, আম্বানীয়ে মিলি জনতাৰ খাদ্য, স্বাস্থ্য অধিকাৰ অপহৰণ কৰিছে। মানুহ হিচাপে জীয়াই থাকিবলৈ অপশাসনৰ বিৰুদ্ধে যুঁজ দিব লাগিব৷ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ বিক্ৰী কৰা হ’ল৷ সমষ্টিয়ে সমষ্টিয়ে ইংৰাজী বিদ্যালয় পাতি ভাষা বিলুপ্ত কৰাৰ সিদ্ধান্ত লৈছে। চৰকাৰৰ এনে জনবিৰোধী নীতিৰ বিৰুদ্ধে আন্দোলনত চামিল হৈ প্ৰতিবাদ কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে৷

অসমীয়া, বঙালী হিন্দু-মুছলিম সকলো এক হৈ থাকিব লাগিব। ড° গোহাঁয়ে মন্তব্য কৰে যে মুছলমানক শত্ৰু ৰূপে দেখুৱাই একগোট কৰিব বিচৰা হৈছে। স্বামী প্ৰভুদাদণ্ডই কৈছে তৰোৱাল লৈ মুছলমানক কাটিব লাগে। কিন্তু, চৰকাৰ নীৰৱ। তেনে চৰকাৰৰ পৰা কিবা পাম বুলি মিছা আশা পালি লাভ নাই৷ একেদৰে, নিৰ্দিষ্ট বক্তা সীতাৰাম য়েচুৰীয়ে ভোটাৰ কাৰ্ডৰ লগত আধাৰ সংলগ্ন কৰাক সমালোচনা কৰি কয় যে গণতন্ত্রিক ব্যৱস্থা ধ্বংসৰ দিশে গতি কৰিছে৷ য়েচুৰীয়ে ন্যায়ালয়ক নিয়ন্ত্ৰণ কৰাৰ অভিযোগ উত্থাপন কৰে৷ নিৰ্বাচন আয়োগে ক’লে উত্তৰ প্ৰদেশৰ নিৰ্বাচন স্থগিত ৰাখক কৰ’নাৰ বাবে৷ কিন্তু, কাশীত মেলা পাতোঁতে কৰ’না নাছিল নেকি তেওঁ প্ৰশ্ন কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ