--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত-অষ্ট্ৰেলিয়া চতুৰ্থ টেষ্টৰ প্ৰথম দিন। উছমান খোৱাজা আৰু মাৰ্নাছ লাবুচেনে বেটিং কৰি আছিল। প্ৰথম স্লিপত ফিল্ডিং কৰি আছিল বিৰাট কোহলীয়ে। বলে যিকোনো সময়তে বেটৰ ধাৰে স্পৰ্শ কৰিব পাৰে। কিন্তু চকলেট খোৱাতহে ব্যস্ত আছিল কোহলী৷

অষ্ট্ৰেলিয়াৰ ইনিংছৰ ২২ অভাৰ তেতিয়ালৈ শেষ হৈছে। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতি দুটা বা তিনিটা অভাৰৰ পিছতে হ’ব।  কোহলীয়ে নিজৰ ভোক দমন কৰিব নোৱাৰিলে। প্ৰাক্তন অধিনায়কজনে পকেটৰ পৰা চকলেট উলিয়াই খাবলৈ ধৰিলে। লাবুচেনে বেটিং কৰি থাকোতেই কোহলীক চকলেট খাই থকা দেখা গৈছিল।

দ্বিতীয় স্লিপত তেওঁৰ কাষত থিয় হৈ আছিল শ্ৰেয়াছ আয়াৰ। কোহলীয়ে শ্ৰেয়াছক প্ৰশ্ন কৰে যে তেওঁ চকলেট খাব নেকি? আয়াৰে মান্তি হোৱাত কোহলীয়ে চকলেটটো তেওঁলৈ দলিয়াই দিলে। মহম্মদ ছামীয়ে ইতিমধ্যে বলৰ বাবে দৌৰিবলৈ আৰম্ভ কৰিছিল। সেইটো দেখি শ্ৰেয়াছে আৰু চকলেট নাখালে। কোহলীয়েও খৰধৰকৈ চকলেটটো পকেটত ভৰাই ফিল্ডিং কৰিবলৈ সাজু হ’ল।

কোহলীয়ে চকলেট খোৱাৰ ছবি ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে। ক্ৰিকেট প্ৰেমীসকলেও কোহলীৰ এই ফটোখন চাই ভাল পাইছে। বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক