--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহম্মদ হাফিজৰ লাহোৰস্থিত ঘৰত চুৰি হৈছে। হেৰুৱালে প্ৰায় ভাৰতীয় মূল্যত ১৬ লাখ টকাৰ বিদেশী মুদ্ৰা।

বুধবাৰে বিষয়টো হাফিজৰ এজন আত্মীয়ৰ দৃষ্টিগোচৰ হয়। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। প্ৰথমে দেওবাৰৰ পৰা সোমবাৰৰ ভিতৰত এই চুৰিৰ ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে।

কিছুদিন ঘৰত নাছিল হাফিজ আৰু তেওঁৰ পত্নী। এতিয়া তেওঁ পাকিস্তান ছুপাৰ লীগত কুৱেটা গ্লেডিয়েটৰছৰ হৈ খেলে। তাৰ বাবে তেওঁ ইছলামবাগত পৰিয়ালৰ সৈতে আছে। চোৰে সেই সুযোগেই ব্যৱহাৰ কৰিছিল।

ঘৰটোৰ চিচিটিভি ফুটেজত কোনো দুষ্কৃতিকাৰীক দেখা পোৱা নাই। খবৰ অনুসৰি ঘৰৰ এটা অংশ ভাঙি ভিতৰলৈ সোমাইছিল চোৰ। বুধবাৰে এই বিষয়টো হাফিজৰ ককাক আৰু শহুৰেক শ্বাহিদ ইকবালৰ দৃষ্টিগোচৰ হয়। তেওঁলোকে আৰক্ষীক লিখিত এজাহাৰ দাখিল কৰে।

প্ৰথম অৱস্থাত হাফিজৰ ঘৰৰ পৰা ২০ হাজাৰ ডলাৰ, ৪ হাজাৰ পাউণ্ড, ৩ হাজাৰ ইউৰো আৰু ৫ হাজাৰ আৰব ডলাৰ হেৰায়। তদন্তকাৰীয়ে আৰু কি নোহোৱা হৈছে তাৰ সন্ধান কৰিছে। দেশৰ এগৰাকী শীৰ্ষস্থানীয় ক্ৰিকেটাৰৰ ঘৰত চুৰি হোৱাত বহু লোক আচৰিত হৈছে।

যোৱা ৩ জানুৱাৰীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল হাফিজে। ২০১৮ চনত তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। ২০১৯ চনৰ বিশ্বকাপৰ অন্তিমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। কেইবাদিনো ৰাষ্ট্ৰীয় দলৰ পৰা আঁতৰি থকাৰ পিছত ২০২০ চনত পুনৰ টি-২০ দললৈ উভতি আহে হাফিজে। সেই বছৰ টি-২০ ক্ৰিকেটত তেওঁ আছিল বিশ্বৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী।

পাকিস্তানৰ হৈ ৫৫খন টেষ্ট, ২১৮খন এদিনীয়া আৰু ১১৯খন টি-২০ মেচ খেলিছে হাফিজে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ প্ৰায় ১৩ হাজাৰ ৰান আছে। পাকিস্তানৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে টেষ্টত ১০ শতক আৰু এদিনীয়াত ১১টা শতক ৰান সংগ্ৰহ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল