--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহম্মদ হাফিজৰ লাহোৰস্থিত ঘৰত চুৰি হৈছে। হেৰুৱালে প্ৰায় ভাৰতীয় মূল্যত ১৬ লাখ টকাৰ বিদেশী মুদ্ৰা।

বুধবাৰে বিষয়টো হাফিজৰ এজন আত্মীয়ৰ দৃষ্টিগোচৰ হয়। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। প্ৰথমে দেওবাৰৰ পৰা সোমবাৰৰ ভিতৰত এই চুৰিৰ ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে।

কিছুদিন ঘৰত নাছিল হাফিজ আৰু তেওঁৰ পত্নী। এতিয়া তেওঁ পাকিস্তান ছুপাৰ লীগত কুৱেটা গ্লেডিয়েটৰছৰ হৈ খেলে। তাৰ বাবে তেওঁ ইছলামবাগত পৰিয়ালৰ সৈতে আছে। চোৰে সেই সুযোগেই ব্যৱহাৰ কৰিছিল।

ঘৰটোৰ চিচিটিভি ফুটেজত কোনো দুষ্কৃতিকাৰীক দেখা পোৱা নাই। খবৰ অনুসৰি ঘৰৰ এটা অংশ ভাঙি ভিতৰলৈ সোমাইছিল চোৰ। বুধবাৰে এই বিষয়টো হাফিজৰ ককাক আৰু শহুৰেক শ্বাহিদ ইকবালৰ দৃষ্টিগোচৰ হয়। তেওঁলোকে আৰক্ষীক লিখিত এজাহাৰ দাখিল কৰে।

প্ৰথম অৱস্থাত হাফিজৰ ঘৰৰ পৰা ২০ হাজাৰ ডলাৰ, ৪ হাজাৰ পাউণ্ড, ৩ হাজাৰ ইউৰো আৰু ৫ হাজাৰ আৰব ডলাৰ হেৰায়। তদন্তকাৰীয়ে আৰু কি নোহোৱা হৈছে তাৰ সন্ধান কৰিছে। দেশৰ এগৰাকী শীৰ্ষস্থানীয় ক্ৰিকেটাৰৰ ঘৰত চুৰি হোৱাত বহু লোক আচৰিত হৈছে।

যোৱা ৩ জানুৱাৰীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল হাফিজে। ২০১৮ চনত তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। ২০১৯ চনৰ বিশ্বকাপৰ অন্তিমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। কেইবাদিনো ৰাষ্ট্ৰীয় দলৰ পৰা আঁতৰি থকাৰ পিছত ২০২০ চনত পুনৰ টি-২০ দললৈ উভতি আহে হাফিজে। সেই বছৰ টি-২০ ক্ৰিকেটত তেওঁ আছিল বিশ্বৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী।

পাকিস্তানৰ হৈ ৫৫খন টেষ্ট, ২১৮খন এদিনীয়া আৰু ১১৯খন টি-২০ মেচ খেলিছে হাফিজে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ প্ৰায় ১৩ হাজাৰ ৰান আছে। পাকিস্তানৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে টেষ্টত ১০ শতক আৰু এদিনীয়াত ১১টা শতক ৰান সংগ্ৰহ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ