--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবহুতৰে ভাব হ’ব   পাৰে যে এইখন ক্ৰিকেট খেল নহয়, হয়তো আন্তৰ্জাতিক সমাৱেশ, বা কোনো  অনুষ্ঠান উদযাপনৰ মঞ্চহে। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত-অষ্ট্ৰেলিয়া বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ গুৰুত্বপূৰ্ণ খেলখনৰ পূৰ্বে আধা ঘণ্টাৰ বাবে ষ্টেডিয়ামখনত তেনে পৰিবেশেই বিৰাজ কৰিলে৷ষ্টেডিয়ামৰ বাহিৰত ডাঙৰ বেনাৰ। 

ক’ৰবাত জিলিকি আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি , ক’ৰবাত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিজৰ ছবি । আকৌ কৰবাত দুয়ো একেলগে আছে। কিছুমান বেনাৰত ভাৰতীয় ক্ৰিকেটাৰসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ ফটোও আছে, কিন্তু সেইবোৰত ক্ৰিকেটাৰসকল গৌণ, প্ৰধানমন্ত্ৰী হৈছে মুখ্য। ষ্টেডিয়ামৰ বাহিৰৰ সজ্জাবোৰলৈ চাই ধৰিব পাৰি যে  খেলখনৰ আগতে এটা ডাঙৰ কিবা  অনুষ্ঠান হ'ব। বহুতৰে ধাৰণা মিছাও নহয়৷   খেলখনৰ ৪৫ মিনিট আগতে দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে ষ্টেডিয়ামত প্ৰৱেশ কৰে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ৭৫ বছৰীয়া ক্ৰিকেট বন্ধুত্ব উদযাপন কৰিবলৈয়েই এনে বিশাল অনুষ্ঠানৰ আয়োজন কৰা হয়। 

জনপ্ৰিয় গুজৰাটী গায়কে  খেলপথাৰত গীতেৰে এক মায়াময় পৰিবেশৰ সৃষ্টি কৰিলে । ইয়াৰ সমান্তৰালভাবে গুজৰাটৰ পৰম্পৰাগত নৃত্য কাৰ্যসূচীও  চলি থাকিল। এটা সময়ত দেখা গ’ল যে   দুয়োখন দেশৰ  অধিনায়কদ্বয়ে  দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ ওচৰলৈ গৈছিল। প্ৰধানমন্ত্ৰীদ্বয়ে  দুয়োখন দেশৰ 'টুপী' তেওঁলোকক অৰ্পন কৰিছিল। ইয়াৰ পিছত  দুয়োখন দেশৰ প্ৰধানমন্ত্ৰী আৰু অধিনায়কসকলে  ফটো চেছনৰ বাবে 'পোজ' দিছিল।  সমগ্ৰ ষ্টেডিয়াম 'মোদী-মোদী' শ্লোগানেৰে ৰজনজনাই গৈছিল৷ ফটো চেচন সম্পূৰ্ণ কৰাৰ পিছত  দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে এখন সুসজ্জিত গাড়ীত উঠি  ষ্টেডিয়ামৰ চাৰিওফালে ঘূৰি ফুৰে।  

মোদী আৰু এলবানিছে খেলপথাৰত থকা সকলো ক্ৰিকেটাৰৰ সৈতে কৰমৰ্দন কৰে। ইয়াৰ মাজতে বোৰ্ডৰ সম্পাদক জয় শ্বাহে দুয়োগৰাকী প্ৰধানমন্ত্ৰীক বিশেষ উপহাৰ প্ৰদান কৰে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ ক্ৰিকেট বন্ধুত্বৰ ৭৫ সংখ্যক  বাৰ্ষিকী উপলক্ষে ষ্টেডিয়ামৰ ভিতৰত এখন বিশেষ প্ৰদৰ্শনীৰো আয়োজন কৰা হয়। ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই গুৰুত্বপূৰ্ণ টেষ্টৰ টছত পৰাজিত হয় । আজিৰাই টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। আজিৰ খেল খনৰ বাবে ভাৰতীয় দলত মাত্ৰ এটা পৰিৱৰ্তন কৰা হৈছে। সেয়া হৈছে মহম্মদ ছামীয়ে দলটোত মহম্মদ চিৰাজৰ স্থানত খেলিছে৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল