--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবহুতৰে ভাব হ’ব   পাৰে যে এইখন ক্ৰিকেট খেল নহয়, হয়তো আন্তৰ্জাতিক সমাৱেশ, বা কোনো  অনুষ্ঠান উদযাপনৰ মঞ্চহে। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত-অষ্ট্ৰেলিয়া বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ গুৰুত্বপূৰ্ণ খেলখনৰ পূৰ্বে আধা ঘণ্টাৰ বাবে ষ্টেডিয়ামখনত তেনে পৰিবেশেই বিৰাজ কৰিলে৷ষ্টেডিয়ামৰ বাহিৰত ডাঙৰ বেনাৰ। 

ক’ৰবাত জিলিকি আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি , ক’ৰবাত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিজৰ ছবি । আকৌ কৰবাত দুয়ো একেলগে আছে। কিছুমান বেনাৰত ভাৰতীয় ক্ৰিকেটাৰসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ ফটোও আছে, কিন্তু সেইবোৰত ক্ৰিকেটাৰসকল গৌণ, প্ৰধানমন্ত্ৰী হৈছে মুখ্য। ষ্টেডিয়ামৰ বাহিৰৰ সজ্জাবোৰলৈ চাই ধৰিব পাৰি যে  খেলখনৰ আগতে এটা ডাঙৰ কিবা  অনুষ্ঠান হ'ব। বহুতৰে ধাৰণা মিছাও নহয়৷   খেলখনৰ ৪৫ মিনিট আগতে দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে ষ্টেডিয়ামত প্ৰৱেশ কৰে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ৭৫ বছৰীয়া ক্ৰিকেট বন্ধুত্ব উদযাপন কৰিবলৈয়েই এনে বিশাল অনুষ্ঠানৰ আয়োজন কৰা হয়। 

জনপ্ৰিয় গুজৰাটী গায়কে  খেলপথাৰত গীতেৰে এক মায়াময় পৰিবেশৰ সৃষ্টি কৰিলে । ইয়াৰ সমান্তৰালভাবে গুজৰাটৰ পৰম্পৰাগত নৃত্য কাৰ্যসূচীও  চলি থাকিল। এটা সময়ত দেখা গ’ল যে   দুয়োখন দেশৰ  অধিনায়কদ্বয়ে  দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ ওচৰলৈ গৈছিল। প্ৰধানমন্ত্ৰীদ্বয়ে  দুয়োখন দেশৰ 'টুপী' তেওঁলোকক অৰ্পন কৰিছিল। ইয়াৰ পিছত  দুয়োখন দেশৰ প্ৰধানমন্ত্ৰী আৰু অধিনায়কসকলে  ফটো চেছনৰ বাবে 'পোজ' দিছিল।  সমগ্ৰ ষ্টেডিয়াম 'মোদী-মোদী' শ্লোগানেৰে ৰজনজনাই গৈছিল৷ ফটো চেচন সম্পূৰ্ণ কৰাৰ পিছত  দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে এখন সুসজ্জিত গাড়ীত উঠি  ষ্টেডিয়ামৰ চাৰিওফালে ঘূৰি ফুৰে।  

মোদী আৰু এলবানিছে খেলপথাৰত থকা সকলো ক্ৰিকেটাৰৰ সৈতে কৰমৰ্দন কৰে। ইয়াৰ মাজতে বোৰ্ডৰ সম্পাদক জয় শ্বাহে দুয়োগৰাকী প্ৰধানমন্ত্ৰীক বিশেষ উপহাৰ প্ৰদান কৰে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ ক্ৰিকেট বন্ধুত্বৰ ৭৫ সংখ্যক  বাৰ্ষিকী উপলক্ষে ষ্টেডিয়ামৰ ভিতৰত এখন বিশেষ প্ৰদৰ্শনীৰো আয়োজন কৰা হয়। ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই গুৰুত্বপূৰ্ণ টেষ্টৰ টছত পৰাজিত হয় । আজিৰাই টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। আজিৰ খেল খনৰ বাবে ভাৰতীয় দলত মাত্ৰ এটা পৰিৱৰ্তন কৰা হৈছে। সেয়া হৈছে মহম্মদ ছামীয়ে দলটোত মহম্মদ চিৰাজৰ স্থানত খেলিছে৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক