--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিসকল লোকে লেপটপ বা ডেস্কটপত দীৰ্ঘ সময় কাম কৰে তেওঁলোকৰ চকু শুকাই যায়, বিষ হয় বা দৃষ্টিশক্তি ম্লান হৈ পৰে। মোবাইলত বহু সময় চাৰ্ফ কৰা সকলৰ ক্ষেত্ৰতো এই সমস্যাৰ সৃষ্টি হয়। সময়মতে এই সমস্যাৰ চিকিৎসা নকৰিলে তেতিয়া আমাৰ দৃষ্টিশক্তিও গুচি যাব পাৰে। আজি আমি আপোনালোকক এনে ৪ টা বস্তু (Food for Eye Care) সেৱনৰ বিষয়ে ক'ম, সেইবোৰ আপোনাৰ ডায়েট চাৰ্টত অন্তৰ্ভুক্ত কৰিলে আপোনাৰ চকুৰ দৃষ্টিশক্তি বৃদ্ধি হ'ব। সেইবোৰ কি কি সেই কথা জানো আহক।

১) গাজৰে চকুৰ উপকাৰ কৰেঃ গাজৰ শীতকালত প্ৰচুৰ পৰিমাণে পোৱা এবিধ সাধাৰণ পাচলি। চকুৰ দৃষ্টিশক্তি বৃদ্ধিত গাজৰ সেৱন কৰাটো উপকাৰী বুলি ধৰা হয়। আচলতে ইয়াত ভিটামিন এ আৰু ডি প্ৰচুৰ পৰিমাণে পোৱা যায়। যাৰ ফলত চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায়। সেয়ে শীতকালত যিমানেই গাজৰ খাব সিমানেই চকুৰ দৃষ্টিশক্তি বাঢ়িব।

২) কেপচিকামে চকুৰ দৃষ্টিশক্তি উজ্জ্বল কৰেঃ  ভিটামিন এ-বি ৬, চি, ফলিক এচিড, থাইয়ামিন আৰু বিটা-কেৰটিন কেপচিকামত পোৱা যায়। এই পাচলিত ৯৪ শতাংশ পানী থাকে। এই সকলোবোৰ পুষ্টিকৰ উপাদানে চকুৰ শক্তি বৃদ্ধি কৰি উজ্জল কৰি তোলে। সেয়ে যিমান পাৰি কেপচিকাম খাব লাগে।

৩) টেঙা ফল সেৱনৰ উপকাৰিতাঃ নেমু, কমলা, কীনু, মৌচম্বী টেঙা আৰু আমলখি আদি টেঙাজাতীয় ফলত ভিটামিন-চি প্ৰচুৰ পৰিমাণে পোৱা যায়। এই ভিটামিনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। এই ফলবোৰ সেৱন কৰিলে চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায় আৰু অস্পষ্ট দৃষ্টিশক্তিৰ অন্ত পৰে। সেয়ে যেতিয়াই সম্ভাৱনা থাকে তেতিয়াই এই ছাইট্ৰাছ ফলবোৰ সেৱন কৰিব লাগে।

৪) কচু খাব লাগেঃ গোটা কচুত ভিটামিন-এ প্ৰচুৰ পৰিমাণে পোৱা যায়। চকুৰ দৃষ্টিশক্তিৰ বাবে এইটোৱেই আটাইতকৈ ভাল ভিটামিন। যেতিয়া শৰীৰত ভিটামিন এৰ অভাৱ হয়, তেতিয়া দৃষ্টিশক্তিও বহু পৰিমাণে কমি যায়। কচু খালে শৰীৰত এই ভিটামিন পূৰ্ণ হয়, যাৰফলত চকুৰ সমস্যাৰ পৰা হাত সাৰিব পাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক