--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰ্তমান সময়ত ভুল জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে হৃদৰোগ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পাইছে। কৰ’নাৰ পাছত হাৰ্টএটেক ৰোগীৰ সংখ্যা যথেষ্ট বাঢ়িবলৈ ধৰিছে। বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত হাৰ্টএটেকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। বহু সময়ত মানুহে হাৰ্টএটেকৰ লক্ষণসমূহ সঠিকভাৱে চিনাক্ত কৰিব নোৱাৰে। হাৰ্টএটেকৰ আগতে শৰীৰে অতিৰিক্ত ঘাম ত্যাগ কৰাটো এটা সাধাৰণ লক্ষণ। গ্ৰীষ্মকালত সকলোৰে ঘাম ওলায়, কিন্তু শীতকালত বা হঠাতে প্ৰচণ্ড ঘাম ওলোৱাটো হাৰ্টএটেকৰ লক্ষণ হ’ব পাৰে। হাৰ্টএটেকৰ লক্ষণসমূহ আৰু হাৰ্টএটেক অহাৰ আগতেই শৰীৰত কিয় ঘাম ওলাবলৈ আৰম্ভ কৰে জানো আহক।

 হাৰ্টএটেকৰ আগতে হঠাতে ঘাম ওলোৱা-

দৰাচলতে যেতিয়া ক’ৰ’নাৰী অৰ্থাৎ ৰক্তবাহী নলীবোৰে হৃদযন্ত্ৰলৈ তেজ পৰিবহণত অসুবিধা পায়, তেতিয়া এজন ব্যক্তি ঘামিবলৈ আৰম্ভ হয়। এই ক’ৰ’নাৰীবোৰত কলেষ্টেৰল জমা হোৱাৰ ফলত ব্লক হৈ পৰে। এনে অৱস্থাত হৃদযন্ত্ৰলৈ তেজৰ যোগান কমি যায় আৰু তেজ পাম্প কৰিবলৈ হৃদযন্ত্ৰই খুব কষ্ট কৰিবলগীয়া হয়। এনে অৱস্থাত যেতিয়া হৃদযন্ত্ৰৰ ওপৰত চাপ বৃদ্ধি পাই তেতিয়া শৰীৰে উষ্ণতা স্বাভাৱিক কৰি ৰাখিবলৈ চেষ্টা কৰে আৰু শৰীৰে অধিক দ্ৰুতগতিত ঘাম ত্যাগ কৰিবলৈ ধৰে। অত্যধিক ঘাম ওলোৱা হাৰ্টএটেকৰ লক্ষণ হ’ব পাৰে।

 হাৰ্টএটেকৰ লক্ষণসমূহ-

* বুকুৰ বিষ বা জ্বলা-পোৰা

* অস্বাভাৱিক অনুভৱ কৰা

* অত্যধিক ভাগৰ লগা আৰু মূৰ ঘূৰোৱা

* উশাহ লোৱাত কষ্ট পোৱা

* হৃদস্পন্দন দ্ৰুত বা কম হোৱা

* বাহু বা কান্ধৰ বিষ অনুভৱ কৰা

* দাঁতৰ বিষ হোৱা

* মূৰৰ বিষৰ হোৱা

 হাৰ্টএটেকৰ কাৰণসমূহ-

১. হাৰ্টএটেকৰ বহু কাৰণ হ’ব পাৰে, য’ত বৰ্তমানৰ ভুল জীৱনশৈলী আটাইতকৈ ডাঙৰ কাৰণ।

২. অধিক ড্ৰাগছ বা নিচাযুক্ত দ্ৰব্য সেৱন কৰাটো এটা কাৰণ। ইয়াৰ উপৰি মগজু আৰু হৃদযন্ত্ৰত প্ৰভাৱ পেলায়।

৩. প্ৰদূষণো হাৰ্টএটেকৰ অন্যতম কাৰণ। বিষাক্ত বায়ু আৰু দূষিত কণাবোৰে হাওঁফাওঁ আৰু হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সৃষ্টি কৰে।

৪. মেদবহুলতাও হাৰ্টএটেকৰ কাৰণ হ’ব পাৰে। অতিৰিক্ত ওজনৰ লোকৰ হাৰ্টএটেক হোৱাৰ আশংকা যথেষ্ট বেছি।

৫. ডায়েবেটিছ বা বৃক্কৰ ৰোগ হ’লেও হৃদৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

উচ্চ কলেষ্টেৰল হাৰ্টএটেকৰ এটা প্ৰধান কাৰণ। সেয়েহে খাদ্যাভ্যাসো হাৰ্টএটেকৰ কাৰণ হৈ উঠিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক