--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰ্তমান সময়ত ভুল জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে হৃদৰোগ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পাইছে। কৰ’নাৰ পাছত হাৰ্টএটেক ৰোগীৰ সংখ্যা যথেষ্ট বাঢ়িবলৈ ধৰিছে। বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত হাৰ্টএটেকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। বহু সময়ত মানুহে হাৰ্টএটেকৰ লক্ষণসমূহ সঠিকভাৱে চিনাক্ত কৰিব নোৱাৰে। হাৰ্টএটেকৰ আগতে শৰীৰে অতিৰিক্ত ঘাম ত্যাগ কৰাটো এটা সাধাৰণ লক্ষণ। গ্ৰীষ্মকালত সকলোৰে ঘাম ওলায়, কিন্তু শীতকালত বা হঠাতে প্ৰচণ্ড ঘাম ওলোৱাটো হাৰ্টএটেকৰ লক্ষণ হ’ব পাৰে। হাৰ্টএটেকৰ লক্ষণসমূহ আৰু হাৰ্টএটেক অহাৰ আগতেই শৰীৰত কিয় ঘাম ওলাবলৈ আৰম্ভ কৰে জানো আহক।

 হাৰ্টএটেকৰ আগতে হঠাতে ঘাম ওলোৱা-

দৰাচলতে যেতিয়া ক’ৰ’নাৰী অৰ্থাৎ ৰক্তবাহী নলীবোৰে হৃদযন্ত্ৰলৈ তেজ পৰিবহণত অসুবিধা পায়, তেতিয়া এজন ব্যক্তি ঘামিবলৈ আৰম্ভ হয়। এই ক’ৰ’নাৰীবোৰত কলেষ্টেৰল জমা হোৱাৰ ফলত ব্লক হৈ পৰে। এনে অৱস্থাত হৃদযন্ত্ৰলৈ তেজৰ যোগান কমি যায় আৰু তেজ পাম্প কৰিবলৈ হৃদযন্ত্ৰই খুব কষ্ট কৰিবলগীয়া হয়। এনে অৱস্থাত যেতিয়া হৃদযন্ত্ৰৰ ওপৰত চাপ বৃদ্ধি পাই তেতিয়া শৰীৰে উষ্ণতা স্বাভাৱিক কৰি ৰাখিবলৈ চেষ্টা কৰে আৰু শৰীৰে অধিক দ্ৰুতগতিত ঘাম ত্যাগ কৰিবলৈ ধৰে। অত্যধিক ঘাম ওলোৱা হাৰ্টএটেকৰ লক্ষণ হ’ব পাৰে।

 হাৰ্টএটেকৰ লক্ষণসমূহ-

* বুকুৰ বিষ বা জ্বলা-পোৰা

* অস্বাভাৱিক অনুভৱ কৰা

* অত্যধিক ভাগৰ লগা আৰু মূৰ ঘূৰোৱা

* উশাহ লোৱাত কষ্ট পোৱা

* হৃদস্পন্দন দ্ৰুত বা কম হোৱা

* বাহু বা কান্ধৰ বিষ অনুভৱ কৰা

* দাঁতৰ বিষ হোৱা

* মূৰৰ বিষৰ হোৱা

 হাৰ্টএটেকৰ কাৰণসমূহ-

১. হাৰ্টএটেকৰ বহু কাৰণ হ’ব পাৰে, য’ত বৰ্তমানৰ ভুল জীৱনশৈলী আটাইতকৈ ডাঙৰ কাৰণ।

২. অধিক ড্ৰাগছ বা নিচাযুক্ত দ্ৰব্য সেৱন কৰাটো এটা কাৰণ। ইয়াৰ উপৰি মগজু আৰু হৃদযন্ত্ৰত প্ৰভাৱ পেলায়।

৩. প্ৰদূষণো হাৰ্টএটেকৰ অন্যতম কাৰণ। বিষাক্ত বায়ু আৰু দূষিত কণাবোৰে হাওঁফাওঁ আৰু হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সৃষ্টি কৰে।

৪. মেদবহুলতাও হাৰ্টএটেকৰ কাৰণ হ’ব পাৰে। অতিৰিক্ত ওজনৰ লোকৰ হাৰ্টএটেক হোৱাৰ আশংকা যথেষ্ট বেছি।

৫. ডায়েবেটিছ বা বৃক্কৰ ৰোগ হ’লেও হৃদৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

উচ্চ কলেষ্টেৰল হাৰ্টএটেকৰ এটা প্ৰধান কাৰণ। সেয়েহে খাদ্যাভ্যাসো হাৰ্টএটেকৰ কাৰণ হৈ উঠিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু