--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন বিয়াগোম চোৰ আৰক্ষীৰ জালত পৰিল। এই চোৰজন কোনো হাতীচোৰ, মাখিচোৰ নহয়..এই চোৰজন পেছাত এজন চিকিৎসক। শুনিবলৈ আচৰিত যেন লাগিছে নহয়নে? চিকিৎসকে আৰু চুৰ কৰিব নে? পাছে এই কথা শুনি চকু কপালত উঠিলেও সত্য এয়াই। 

ৰাজস্থানৰ ভৰতপুৰৰ এজন চিকিৎসকে মাজনিশা ফুটপাথৰ পৰা কম্বল চুৰি কৰি ধৰা পৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত চিকিৎসক আৰু তেওঁৰ ৩ সহযোগীক। ফুটপাথত কম্বল বিক্ৰী কৰা ব্যৱসায়ী এজনৰ পৰা চিকিৎসকগৰাকী আৰু তেওঁৰ সহযোগীসকলে আঠখন কম্বলৰ বাণ্ডিল এটা চুৰি কৰি লৈ গৈছিল।

মথুৰা গেট থানাৰ ভাৰপ্ৰাপ্ত ৰামনাথে জনোৱা মতে, দেওবাৰে নিশা ২.৪৫ বজাত পথৰ কম্বল বিক্ৰেতাজনে সৰস ক্ৰছৰোডত থকা তেওঁৰ দোকানৰ পৰা কম্বলৰ বাণ্ডিল চুৰি হোৱা বুলি অৱগত কৰিছিল। এই সন্দৰ্ভত টহলদাৰী বিষয়াক অৱগত কৰা হয়। 

আৰক্ষীৰ দলে অঞ্চলটোত তালাচী চলাইছিল। ইফালে বি নাৰায়ণ গেটৰ সমীপত দুখন বাইকত চাৰিজন যুৱকক অহা দেখা গৈছিল। আৰক্ষী দেখি বাইক আৰোহীসকলে কম্বলৰ বাণ্ডিলটো পেলাই দিলে আৰু পলাবলৈ ধৰিলে। তাৰপাছত আৰক্ষীয়ে তেওঁলোকক ঘেৰি ধৰি ধৰিলে।

অভিযুক্ত ডাঃ শৈলেন্দ্ৰ ভৰতপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসক হিচাপে কৰ্মৰত।

তথ্য অনুসৰি, গভীৰ নিশা ডাঃ শৈলেন্দ্ৰ কুমাৰ (২৭) দীপক (২২) ৰাহুল (২১) ইন্দৰ আৰু এগৰাকী নাবালকে দুখন বাইকেৰে তালৈ আহিছিল। এই সময়ত তেওঁলোকে মধ্যপ্ৰদেশৰ নীমুচৰ বাসিন্দা শ্যামলালৰ দোকানৰ ওচৰত ৰৈছিল, যিজনে ফুটপাথত কম্বল বিক্ৰী কৰে। তেওঁলোকে ইয়াৰে পৰা  টাৰ্পলিন কাটি দুখন বাইকত ৮ খন কম্বল লৈ পলাই যায়।

শ্যামলাল সেই সময়ত দোকানতে শুই আছিল। তেওঁ লগে লগে আৰক্ষীক খবৰ দিয়ে। আটাইকেইজন অভিযুক্ত ধৰা পৰিল। ইয়াৰ পিছতে শ্যামলালে মথুৰা গেট থানাত উপস্থিত হৈ অভিযুক্তৰ বিৰুদ্ধে চুৰিৰ গোচৰ ৰুজু কৰে।

তথ্য অনুসৰি ডাঃ শৈলেন্দ্ৰ কুমাৰ BHMS (Homeopathy Medical and Science ত স্নাতক) আৰু ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত। আৰক্ষীয়ে যেতিয়া শৈলেন্দ্ৰক ধৰিলে তেতিয়া তেওঁ চুট-বুট পিন্ধি আছিল। কিয় কম্বল চুৰি কৰিলে সেই সন্দৰ্ভত চিকিৎসক আৰু তেওঁৰ সহযোগীসকলক সোধা-পোছা কৰিছে আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু