--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন বিয়াগোম চোৰ আৰক্ষীৰ জালত পৰিল। এই চোৰজন কোনো হাতীচোৰ, মাখিচোৰ নহয়..এই চোৰজন পেছাত এজন চিকিৎসক। শুনিবলৈ আচৰিত যেন লাগিছে নহয়নে? চিকিৎসকে আৰু চুৰ কৰিব নে? পাছে এই কথা শুনি চকু কপালত উঠিলেও সত্য এয়াই। 

ৰাজস্থানৰ ভৰতপুৰৰ এজন চিকিৎসকে মাজনিশা ফুটপাথৰ পৰা কম্বল চুৰি কৰি ধৰা পৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত চিকিৎসক আৰু তেওঁৰ ৩ সহযোগীক। ফুটপাথত কম্বল বিক্ৰী কৰা ব্যৱসায়ী এজনৰ পৰা চিকিৎসকগৰাকী আৰু তেওঁৰ সহযোগীসকলে আঠখন কম্বলৰ বাণ্ডিল এটা চুৰি কৰি লৈ গৈছিল।

মথুৰা গেট থানাৰ ভাৰপ্ৰাপ্ত ৰামনাথে জনোৱা মতে, দেওবাৰে নিশা ২.৪৫ বজাত পথৰ কম্বল বিক্ৰেতাজনে সৰস ক্ৰছৰোডত থকা তেওঁৰ দোকানৰ পৰা কম্বলৰ বাণ্ডিল চুৰি হোৱা বুলি অৱগত কৰিছিল। এই সন্দৰ্ভত টহলদাৰী বিষয়াক অৱগত কৰা হয়। 

আৰক্ষীৰ দলে অঞ্চলটোত তালাচী চলাইছিল। ইফালে বি নাৰায়ণ গেটৰ সমীপত দুখন বাইকত চাৰিজন যুৱকক অহা দেখা গৈছিল। আৰক্ষী দেখি বাইক আৰোহীসকলে কম্বলৰ বাণ্ডিলটো পেলাই দিলে আৰু পলাবলৈ ধৰিলে। তাৰপাছত আৰক্ষীয়ে তেওঁলোকক ঘেৰি ধৰি ধৰিলে।

অভিযুক্ত ডাঃ শৈলেন্দ্ৰ ভৰতপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসক হিচাপে কৰ্মৰত।

তথ্য অনুসৰি, গভীৰ নিশা ডাঃ শৈলেন্দ্ৰ কুমাৰ (২৭) দীপক (২২) ৰাহুল (২১) ইন্দৰ আৰু এগৰাকী নাবালকে দুখন বাইকেৰে তালৈ আহিছিল। এই সময়ত তেওঁলোকে মধ্যপ্ৰদেশৰ নীমুচৰ বাসিন্দা শ্যামলালৰ দোকানৰ ওচৰত ৰৈছিল, যিজনে ফুটপাথত কম্বল বিক্ৰী কৰে। তেওঁলোকে ইয়াৰে পৰা  টাৰ্পলিন কাটি দুখন বাইকত ৮ খন কম্বল লৈ পলাই যায়।

শ্যামলাল সেই সময়ত দোকানতে শুই আছিল। তেওঁ লগে লগে আৰক্ষীক খবৰ দিয়ে। আটাইকেইজন অভিযুক্ত ধৰা পৰিল। ইয়াৰ পিছতে শ্যামলালে মথুৰা গেট থানাত উপস্থিত হৈ অভিযুক্তৰ বিৰুদ্ধে চুৰিৰ গোচৰ ৰুজু কৰে।

তথ্য অনুসৰি ডাঃ শৈলেন্দ্ৰ কুমাৰ BHMS (Homeopathy Medical and Science ত স্নাতক) আৰু ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত। আৰক্ষীয়ে যেতিয়া শৈলেন্দ্ৰক ধৰিলে তেতিয়া তেওঁ চুট-বুট পিন্ধি আছিল। কিয় কম্বল চুৰি কৰিলে সেই সন্দৰ্ভত চিকিৎসক আৰু তেওঁৰ সহযোগীসকলক সোধা-পোছা কৰিছে আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement