--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমকে ধৰি দেশৰ প্ৰায়ভাগ ৰাজ্যতে এতিয়া চকু ৰঙা পৰা অৰ্থাৎ কনজাংটিভাইটিছৰ সংহাৰ চলিছে। শিশুৰ লগতে ডাঙৰ সকলো এই ৰোগত আক্ৰান্ত হৈছে। কনজাংটিভাইটিছত আক্ৰান্ত হ’লে চকু ৰঙা পৰাৰ লগতে  চকুত  খজুৱতি হয়।চকু খচখচাই থাকে আৰু চকুৰ পোৰণি তথা  বিষ আৰম্ভ হ’ব পাৰে। বহু সময়ত চকু ফুলি উঠে আৰু চকুৰে পানী ওলাবলৈ ধৰে। ৰোগত আক্ৰান্ত হ’লে চকুৱে পোহৰৰ তীব্ৰতা সহ্য কৰিব নোৱাৰা হৈ পৰে। এনে ৰোগত  মূৰৰ বিষ, জ্বৰ আদিও  হ’ব পাৰে।

চকু ৰঙা পৰা ৰোগ অতি সংক্ৰামক । এই ৰোগ মূলতঃ  বীজাণু, ভাইৰাছ আদিৰ সংক্ৰমণৰ ফলত হয়। 

চকু ৰঙা পৰা ৰোগত কেতবোৰ ঘৰুৱা আয়ুৰ্বেদিক চিকিৎসাই ৰোগীক বেছ সকাহ দিব পাৰে। 


চকু ৰঙা পৰা ৰোগৰ চিকিৎসা কৰিবলৈ  চিকিৎসকে এণ্টিবায়টিক বা এণ্টিভাইৰেল চকুৰ ড্ৰপ দিব পাৰে।  কিন্তু  চকুক সকলো ধৰণৰ  সংক্ৰমণ আৰু এলাৰ্জিৰ পৰা সুৰক্ষিত কৰিবলৈ প্ৰাকৃতিক উপাদান-আধাৰিত আয়ুৰ্বেদিক পদ্ধতি ব্যৱহাৰ কৰিও বহু সুফল পাব পাৰি। এনে পদ্ধতিৰ বিষয়ে জানো আহক

চকু শীতল কৰি ৰখাঃ  চকু ৰঙা পৰা ৰোগত চকুযুৰিক শীতল কৰি ৰখাটো অতি প্ৰয়োজনীয়। চকু শীতল হৈ থাকিলে  ফুলাৰ পৰা সকাহ দিব পাৰে । ইয়াৰ বাবে  কেই মিনিট মানৰ বাবে বন্ধ চকুৰ ওপৰত ঠাণ্ডা পানীত তিয়াই থোৱা  পৰিষ্কাৰ কাপোৰ এখন ৰাখক।  দিনটোত কেইবাবাৰো ইয়াক পুনৰাবৃত্তি কৰক।

ত্ৰিফলা আই ৱাছঃ ত্ৰিফলা  এক পৰম্পৰাগত আয়ুৰ্বেদিক ভেষজ ঔষধ।  চকু পৰিষ্কাৰ আৰু শান্ত কৰি ৰাখিবলৈ  ত্ৰিফলাৰে  চকু ধুব পাৰে। একাপ  ফিল্টাৰ কৰা উতলাই চেঁচা কৰা পানীত এক চাহ চামুচ ত্ৰিফলা পাউডাৰ মিহলি কৰক।এনেদৰে ত্ৰিফলা খনি  কেইমিনিটমান তিয়াই ৰাখক।  পিছত সেয়া চেকি লৈ সেই পানী  চকু ধুবলৈ  ব্যৱহাৰ কৰিব পাৰে। এনে কৰিলে চকু ৰঙা পৰা ৰোগ উপশম হয়। সুস্থ লোকসকলেও এনে পানীৰে চকু ধুব পাৰে। 

গোলাপ জল - গোলাপ জলৰ শীতল আৰু আৰামদায়ক গুণাগুণ থাকে ।ই চকুৰ  প্ৰদাহ হ্ৰাস কৰাত  সহায় কৰিব পাৰে। কপাহেৰে বিশুদ্ধ গোলাপ জল  কেইমিনিটমানৰ বাবে বন্ধ চকুৰ ওপৰত  ৰাখক। গোটেই দিনটো প্ৰয়োজন অনুসৰি সেয়া পুনৰাবৃত্তি কৰি থাকিব। 


ঘিউৰে চকুৰ মালিচ - আয়ুৰ্বেদত. ঘিউৰে চিকিৎসা কৰাৰ গুুণৰ কথা উল্লেখ আছে।  চকুৰ চাৰিওফালে সামান্য পৰিমাণৰ ঘিউ ব্যৱহাৰ কৰি মৃদু মালিচ কৰিলে  চকুযুৰিয়ে আৰাম পাব আৰু সামগ্ৰিকভাবে  চকুৰ স্বাস্থ্য ৰক্ষাত  সহায় কৰিব পাৰে।
কাঠণ্ডা ফুলৰ পানীঃ কাঠণ্ডা ফুল অসমত প্ৰচুৰ পৰিমাণে পোৱা যায়। এইবিধ ফুল বগা। কাঠণ্ডা ফুল এমুঠি উতলাই চেঁচা কৰা পানীত তিয়াই থৈ সেই পানী চকুত দি থাকিলে চকু ৰঙা পৰা অতি সোনকালে আৰোগ্য হোৱাত সহায়ক হয়। 

চকু স্পৰ্শ কৰা পৰিহাৰ কৰকঃ সংক্ৰমণ বিয়পা প্ৰতিহত কৰিবলৈ অপৰিষ্কাৰ হাতেৰে চকু স্পৰ্শ কৰা পৰিহাৰ কৰক। এই সাৱধানতাই  সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে।অৱশ্যে এনে কৰাৰ পিছতো বিশেষ সকাহ নাপালে নিশ্চয়কৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো ভাল হ’ব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস