--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজিকালি টিভি, ফোন আৰু কম্পিউটাৰ-লেপটপে চকুত বেয়াকৈ প্ৰভাম্বিত কৰিছে। এইবোৰ বহু সময় ব্যৱহাৰ কৰিলে চকু আৰু মাংসপেশীবোৰ দুৰ্বল হৈ পৰে। এনে অৱস্থাত চকু সুস্থ আৰু শক্তিশালী কৰি তুলিবলৈ স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিব লাগে। ভিটামিন-‘এ’সমৃদ্ধ খাদ্য নিয়মীতভাৱে গ্ৰহণ কৰিব লাগে। কাৰণ চকু সুস্থ কৰি ৰাখিবলৈ ভিটামিন-এ অতি প্ৰয়োজনীয়। ইয়াৰ বাবে আপুনি ফলমূল আৰু শাক-পাচলি খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে। চকু সুস্থ কৰি তুলিবলৈ খাদ্য তালিকাত কোনবোৰ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে জানি লওক।

চকুৰ বাবে খাদ্য-

১. বিলাহীঃ-চকু সুস্থ কৰি তুলিবলৈ বিলাহী খাব লাগে। বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন-এ থাকে, যাৰ ফলত চকু সুস্থ হৈ থাকে। প্ৰতিদিনে এটা মধ্যমীয়া আকাৰৰ বিলাহী খাব লাগে। ইয়াৰ দ্বাৰা আপুনি আপোনাৰ দৈনন্দিন প্ৰয়োজনীয় ভিটামিন-এ পূৰণ কৰিব পাৰিব।

২. এপ্ৰিকটঃ-এপ্ৰিকোট এবিধ অতি সোৱাদযুক্ত ফল। ইয়াত পটাছিয়াম, ভিটামিন-চি, ফাইবাৰ, ভিটামিন-এ, বিটা কেৰটিন আৰু লাইকোপেন থাকে। ইয়াৰ ফলত চকু সুস্থ হৈ থাকে।

৩. ডালিমঃ-ডালিমত ভিটামিন-এ থাকে। এনে অৱস্থাত ডালিম খালে চকু সুস্থ হৈ উঠিব। কুমলীয়া ডালিম খালেও ওজন কমোৱাত সহায়ক হয়।

৪. অমিতাঃ-অমিতা সকলো ঋতুতে সহজে পোৱা এবিধ ফল। ইয়াত ভিটামিন-চি আৰু ভিটামিন-এ পোৱা যায়। যিটো চকুৰ বাবে অতি উপকাৰী।

৫. কমলাঃ-ভিটামিন-চিৰ লগতে কমলাতো ভিটামিন-এ পোৱা যায়। কমলা খালেও কেলছিয়ামৰ অভাৱ পূৰণ হয়। প্ৰতিদিনে এটা কমলা খালেও চকুৰ স্থাস্থ্য অটুট থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ