--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআমাৰ মাজৰে বহুতৰে নখৰ সন্মুখভাগ ববহু সময়ত বগা পৰি যোৱা দেখা যায়। এয়া বিশেষ কোনো ৰোগৰ লক্ষণো হ'ব পাৰে যদিও স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে নখৰ আগটো বগা পৰা আইৰণৰ অভাৱৰ বাবেও হ'ব পাৰে। মাৰ দেহৰ বাবে আইৰণ এবিধ অত্যন্ত প্ৰয়োজনীয় উপাদান। শৰীৰত যদি আইৰণৰ অভাৱ ঘটে তেন্তে   বিভিন্ন ধৰণৰ উপসৰ্গই দেখা দিব পাৰে।

আমাৰ দেশত দেহত আইৰণৰ অভাৱত দেখা দিয়া সমস্যা এক গুৰুতৰ সমস্যা হিচাবে পৰিগণিত হৈছে।আইৰণৰ অভাৱতএ  এনিমিয়া অৰ্থাৎ ৰক্তহীনতাৰ দৰে সমস্যাই দেখা দিব পাৰে ।স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে  ৰক্তহীনতা নিজে কোনো ৰোগ নহয় যদিও আন ৰোগৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত ৰক্তহীনতা এক গুৰুতৰ সমস্যা হিচাবে দেখা দিব পাৰে।সচৰাচৰ মহিলা আৰু শিশুসকলেই বেছিকৈ ৰক্তহীনতাত ভোগা বুলি বিভিন্ন সমীক্ষাত কোৱা হৈছে।

গ্ল’ৱেল নিউট্ৰিছনৰ প্ৰতিবেদন অনুসৰি ৰক্তহীনতাৰ দিশৰ পৰা বিশ্ব ১৪০ খন দেশৰ ভিতৰত ভাৰত বহু তলৰ পিনে থকা দেশ। অৰ্থাৎ ভাৰতত বহু লোক এতিয়াও ৰক্তহীনতাৰ চিকাৰ হৈছে।

ৰক্তহীনতাত ভোগাৰ প্ৰধান কেইটামান লক্ষণ হৈছে দুর্বল অনুভৱ কৰা,ছাল শোঁতৰা-শোঁতৰ পৰা,অলপ পৰিশ্ৰম কৰিলেই ভাগৰ লগা,বুকু ধৰফৰ কৰা, বাত বিষ অনুভৱ কৰা,হাত-ভৰি ঠাণ্ডা হৈ পৰা,নখ ফাটি যোৱা, অত্যধিক চুলি সৰা,জিভা শুকাই থকা, মুখৰভিতৰত ঘাঁ লগা আদি।একোগৰাকী সুস্থ লোকৰ বাবে প্ৰতিদিনে বিভিন্ন মাত্ৰাত আইৰণৰ প্ৰয়োজন হয়।

সেই অনুসৰি ৪ ৰ পৰা ৮ বছৰ বয়সৰ সকলোৰ বাবে নিতৌ ১০ মিলিগ্ৰাম,৯-১৩ বছৰৰ সকলৰ বাবে নিতৌ ৮ মিলিগ্ৰাম,১৯-৫০ বছৰৰ সকলোৰ বাবে নিতৌ ১৮ মিলিগ্ৰামৰ প্ৰয়োজন।আইৰণৰ অভাৱ দূৰ কৰাৰ বাবে বিন বা দাইল জাতীয় খাদ্য প্ৰচুৰ পৰিমাণে খোৱা উচিৎ বুলি চিকিৎসকসকলে কৈ আহিছে।বিনত ৭ ৰ পৰা ৯ মিলিগ্ৰাম পৰ্যন্ত আইৰণ থাকে।

বাদাম , পুৰাকল,কাজু , কল,কিছমিছ, ভিভিন্ন ধৰণৰ শাক আদিত প্ৰচুৰ পৰিমাণে আইৰণ পোৱা যায়। সকলো ধৰণৰ কচুতো আইৰণ থাকে। সেয়ে প্ৰাকৃতিক ভাবে লাভ কৰা আইৰণ আমি যিমান পাৰি সিমান গ্ৰহণ কৰিব লাগে।থ নিতৌ কমেও এটাকৈ ডালিম খালেও প্ৰায় ২৫-৩০ দিনতে তেজত আইৰণৰ পৰিমাণ ভালে খিনি বৃদ্ধি পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক