--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআমাৰ মাজৰে বহুতৰে নখৰ সন্মুখভাগ ববহু সময়ত বগা পৰি যোৱা দেখা যায়। এয়া বিশেষ কোনো ৰোগৰ লক্ষণো হ'ব পাৰে যদিও স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে নখৰ আগটো বগা পৰা আইৰণৰ অভাৱৰ বাবেও হ'ব পাৰে। মাৰ দেহৰ বাবে আইৰণ এবিধ অত্যন্ত প্ৰয়োজনীয় উপাদান। শৰীৰত যদি আইৰণৰ অভাৱ ঘটে তেন্তে   বিভিন্ন ধৰণৰ উপসৰ্গই দেখা দিব পাৰে।

আমাৰ দেশত দেহত আইৰণৰ অভাৱত দেখা দিয়া সমস্যা এক গুৰুতৰ সমস্যা হিচাবে পৰিগণিত হৈছে।আইৰণৰ অভাৱতএ  এনিমিয়া অৰ্থাৎ ৰক্তহীনতাৰ দৰে সমস্যাই দেখা দিব পাৰে ।স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে  ৰক্তহীনতা নিজে কোনো ৰোগ নহয় যদিও আন ৰোগৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত ৰক্তহীনতা এক গুৰুতৰ সমস্যা হিচাবে দেখা দিব পাৰে।সচৰাচৰ মহিলা আৰু শিশুসকলেই বেছিকৈ ৰক্তহীনতাত ভোগা বুলি বিভিন্ন সমীক্ষাত কোৱা হৈছে।

গ্ল’ৱেল নিউট্ৰিছনৰ প্ৰতিবেদন অনুসৰি ৰক্তহীনতাৰ দিশৰ পৰা বিশ্ব ১৪০ খন দেশৰ ভিতৰত ভাৰত বহু তলৰ পিনে থকা দেশ। অৰ্থাৎ ভাৰতত বহু লোক এতিয়াও ৰক্তহীনতাৰ চিকাৰ হৈছে।

ৰক্তহীনতাত ভোগাৰ প্ৰধান কেইটামান লক্ষণ হৈছে দুর্বল অনুভৱ কৰা,ছাল শোঁতৰা-শোঁতৰ পৰা,অলপ পৰিশ্ৰম কৰিলেই ভাগৰ লগা,বুকু ধৰফৰ কৰা, বাত বিষ অনুভৱ কৰা,হাত-ভৰি ঠাণ্ডা হৈ পৰা,নখ ফাটি যোৱা, অত্যধিক চুলি সৰা,জিভা শুকাই থকা, মুখৰভিতৰত ঘাঁ লগা আদি।একোগৰাকী সুস্থ লোকৰ বাবে প্ৰতিদিনে বিভিন্ন মাত্ৰাত আইৰণৰ প্ৰয়োজন হয়।

সেই অনুসৰি ৪ ৰ পৰা ৮ বছৰ বয়সৰ সকলোৰ বাবে নিতৌ ১০ মিলিগ্ৰাম,৯-১৩ বছৰৰ সকলৰ বাবে নিতৌ ৮ মিলিগ্ৰাম,১৯-৫০ বছৰৰ সকলোৰ বাবে নিতৌ ১৮ মিলিগ্ৰামৰ প্ৰয়োজন।আইৰণৰ অভাৱ দূৰ কৰাৰ বাবে বিন বা দাইল জাতীয় খাদ্য প্ৰচুৰ পৰিমাণে খোৱা উচিৎ বুলি চিকিৎসকসকলে কৈ আহিছে।বিনত ৭ ৰ পৰা ৯ মিলিগ্ৰাম পৰ্যন্ত আইৰণ থাকে।

বাদাম , পুৰাকল,কাজু , কল,কিছমিছ, ভিভিন্ন ধৰণৰ শাক আদিত প্ৰচুৰ পৰিমাণে আইৰণ পোৱা যায়। সকলো ধৰণৰ কচুতো আইৰণ থাকে। সেয়ে প্ৰাকৃতিক ভাবে লাভ কৰা আইৰণ আমি যিমান পাৰি সিমান গ্ৰহণ কৰিব লাগে।থ নিতৌ কমেও এটাকৈ ডালিম খালেও প্ৰায় ২৫-৩০ দিনতে তেজত আইৰণৰ পৰিমাণ ভালে খিনি বৃদ্ধি পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ