--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চকুক আত্মাৰ খিৰিকী বুলি কোৱা হয়। চকুৱে আমাৰ স্বাস্থ্যৰ কথাও কয়, যিটো আওকাণ কৰা উচিত নহয়। চিকিৎসা বিজ্ঞানৰ পৰীক্ষাত ধৰা পৰিছে যে চকুৱেও মানুহৰ কেন্সাৰ ৰোগৰ অৱস্থিতি ধৰা পেলাব পাৰে।

ভাৰত আৰু আমেৰিকাত কাম কৰা চিকিৎসকগৰাকীয়ে কিউৰিয়াছ জাৰ্নেল অৱ মেডিকেল চাইন্সত লিখিছে যে, ‘এগৰাকী মহিলা অসুস্থ হৈ পৰিছিল, ভোক অনুভৱ কৰা নাছিল আৰু সাধাৰণত ভাগৰতকৈ বেছি ভাগৰুৱা অনুভৱ কৰিছিল। পৰীক্ষাত ধৰা পৰিছিল যে মহিলাগৰাকীৰ মাৰাত্মক গেষ্ট্ৰিক এডিন’কাৰ্চিনোমা নামৰ কৰ্কট ৰোগ আছে।

পেটৰ কেন্সাৰ ৰোগৰ চিকিৎসা সফল হোৱাৰ সম্ভাৱনা বেছি যেতিয়া কেন্সাৰ ৰোগ পেটতে থাকে। কিন্তু মহিলাগৰাকীৰ কেন্সাৰ ইমানেই বাঢ়ি গৈছিল যে তেওঁৰ অন্ত্ৰলৈ বিয়পি পৰিছিল। 

এটা ডাঙৰ টিউমাৰে পেট আৰু ক্ষুদ্ৰান্ত্ৰৰ মাজত পাচন ৰস কঢ়িয়াই অনা নলীডাল বন্ধ কৰি ৰাখিছিল। ই আছিল অন্ত্ৰৰ বাধা, যাৰ বাবে মহিলাগৰাকীৰ চকু দুটা হালধীয়া হৈ পৰিছিল। এই অৱস্থাক জণ্ডিচ বুলি কোৱা হয়। বিলিৰুবিন নামৰ হালধীয়া ৰঙৰ পদাৰ্থ জমা হ’লে এনে হয়। মানুহৰ পিত্তত পাথৰ বা যকৃতৰ ক্ষতিৰ দৰে অৱস্থা হ’লেও প্ৰায়ে এনে হয়।

এই প্ৰতিবেদনত চিকিৎসকে লিখিছে যে হালধীয়া হৈ পৰা চকু পেটৰ কৰ্কট ৰোগৰ প্ৰথম ‘বিৰল’ লক্ষণ। মহিলাগৰাকীৰ অস্ত্ৰোপচাৰ কৰা হৈছিল যদিও কেন্সাৰ আৰোগ্য হোৱা নাছিল। খবৰ অনুসৰি পিছত তেওঁক ডিচচাৰ্জ দিয়া হয় যদিও কেমোথেৰাপিৰ দ্বাৰা অধিক চিকিৎসাৰ বাবে অস্বীকাৰ কৰা হয়। দুমাহৰ পিছত তেওঁৰ মৃত্যু হয়।

পেটৰ কৰ্কট ৰোগৰ ৮টা সাধাৰণ লক্ষণ

পেটৰ কৰ্কট ৰোগৰ লক্ষণ নিৰ্ভৰ কৰিব পাৰে কেন্সাৰ কোষবোৰ ক’ত বাঢ়িছে তাৰ ওপৰত। মেয়’ ক্লিনিকৰ মতে কলন কেন্সাৰৰ সাধাৰণ লক্ষণসমূহ হ’ল-

হাৰ্টবাৰ্ণ

কম খোৱাৰ পিছতো পেটটো ভৰ্তি থকা অনুভৱ কৰা

পেটবিষ

ওকট পাকট লগা

বদহজম

হঠাতে ওজন কমি যোৱা

খাদ্য খোৱাৰ পিছত ফুলি উঠা অনুভৱ কৰা

গিলিবলৈ অসুবিধা

চিকিৎসকে জনাইছে যে চকু হালধীয়া হলে তৎক্ষণাৎ চিকিৎসকৰ কাষ চাপিব লাগে, ই কেন্সাৰৰ আগজাননীও হ’ব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু