--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চকুক আত্মাৰ খিৰিকী বুলি কোৱা হয়। চকুৱে আমাৰ স্বাস্থ্যৰ কথাও কয়, যিটো আওকাণ কৰা উচিত নহয়। চিকিৎসা বিজ্ঞানৰ পৰীক্ষাত ধৰা পৰিছে যে চকুৱেও মানুহৰ কেন্সাৰ ৰোগৰ অৱস্থিতি ধৰা পেলাব পাৰে।

ভাৰত আৰু আমেৰিকাত কাম কৰা চিকিৎসকগৰাকীয়ে কিউৰিয়াছ জাৰ্নেল অৱ মেডিকেল চাইন্সত লিখিছে যে, ‘এগৰাকী মহিলা অসুস্থ হৈ পৰিছিল, ভোক অনুভৱ কৰা নাছিল আৰু সাধাৰণত ভাগৰতকৈ বেছি ভাগৰুৱা অনুভৱ কৰিছিল। পৰীক্ষাত ধৰা পৰিছিল যে মহিলাগৰাকীৰ মাৰাত্মক গেষ্ট্ৰিক এডিন’কাৰ্চিনোমা নামৰ কৰ্কট ৰোগ আছে।

পেটৰ কেন্সাৰ ৰোগৰ চিকিৎসা সফল হোৱাৰ সম্ভাৱনা বেছি যেতিয়া কেন্সাৰ ৰোগ পেটতে থাকে। কিন্তু মহিলাগৰাকীৰ কেন্সাৰ ইমানেই বাঢ়ি গৈছিল যে তেওঁৰ অন্ত্ৰলৈ বিয়পি পৰিছিল। 

এটা ডাঙৰ টিউমাৰে পেট আৰু ক্ষুদ্ৰান্ত্ৰৰ মাজত পাচন ৰস কঢ়িয়াই অনা নলীডাল বন্ধ কৰি ৰাখিছিল। ই আছিল অন্ত্ৰৰ বাধা, যাৰ বাবে মহিলাগৰাকীৰ চকু দুটা হালধীয়া হৈ পৰিছিল। এই অৱস্থাক জণ্ডিচ বুলি কোৱা হয়। বিলিৰুবিন নামৰ হালধীয়া ৰঙৰ পদাৰ্থ জমা হ’লে এনে হয়। মানুহৰ পিত্তত পাথৰ বা যকৃতৰ ক্ষতিৰ দৰে অৱস্থা হ’লেও প্ৰায়ে এনে হয়।

এই প্ৰতিবেদনত চিকিৎসকে লিখিছে যে হালধীয়া হৈ পৰা চকু পেটৰ কৰ্কট ৰোগৰ প্ৰথম ‘বিৰল’ লক্ষণ। মহিলাগৰাকীৰ অস্ত্ৰোপচাৰ কৰা হৈছিল যদিও কেন্সাৰ আৰোগ্য হোৱা নাছিল। খবৰ অনুসৰি পিছত তেওঁক ডিচচাৰ্জ দিয়া হয় যদিও কেমোথেৰাপিৰ দ্বাৰা অধিক চিকিৎসাৰ বাবে অস্বীকাৰ কৰা হয়। দুমাহৰ পিছত তেওঁৰ মৃত্যু হয়।

পেটৰ কৰ্কট ৰোগৰ ৮টা সাধাৰণ লক্ষণ

পেটৰ কৰ্কট ৰোগৰ লক্ষণ নিৰ্ভৰ কৰিব পাৰে কেন্সাৰ কোষবোৰ ক’ত বাঢ়িছে তাৰ ওপৰত। মেয়’ ক্লিনিকৰ মতে কলন কেন্সাৰৰ সাধাৰণ লক্ষণসমূহ হ’ল-

হাৰ্টবাৰ্ণ

কম খোৱাৰ পিছতো পেটটো ভৰ্তি থকা অনুভৱ কৰা

পেটবিষ

ওকট পাকট লগা

বদহজম

হঠাতে ওজন কমি যোৱা

খাদ্য খোৱাৰ পিছত ফুলি উঠা অনুভৱ কৰা

গিলিবলৈ অসুবিধা

চিকিৎসকে জনাইছে যে চকু হালধীয়া হলে তৎক্ষণাৎ চিকিৎসকৰ কাষ চাপিব লাগে, ই কেন্সাৰৰ আগজাননীও হ’ব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক