--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বক্স অফিচত শক্তিশালী সমাদৰ লাভ কৰিছে ছানী দেউলৰ ছবি ‘গাদাৰ ২’-এ। ইফালে এতিয়া এই ছবিখনৰ নিৰ্মাতাসকলে হয়তো ডাঙৰ খৱৰ লাভ কৰিছে। আচলতে এই সমগ্ৰ ছবিখন ইউটিউবত লিক হৈছে। মুক্তিৰ তৃতীয় দিনটোত, য’ত নিৰ্মাতাসকলে ছবিখনৰ পৰা বৃহৎ উপাৰ্জনৰ আশা কৰিছে,তেনে স্থলত ইউটিউবত ছবিখন ফাদিল হোৱাটোৱে গাদাৰ ২ৰ নিৰ্মাতাসকলক  ডাঙৰ আঘাত দিছে।

ছানী দেউল আৰু আমীছা পেটেল অভিনীত গাদাৰ ২ক লৈ অনুৰাগীৰ মাজত যথেষ্ট উত্তেজনা দেখা গৈছে। ইফালে এই ছবিখন এতিয়া ইউটিউবত HTD 3 star boys নামৰ এটা চেনেলৰ দ্বাৰা লিক কৰা হৈছে। কোৱা হৈছে যে এই চেনেলত ছবিখনৰ সমগ্ৰ কাহিনী ফাদিল হৈছিল, যাৰ বাবে ছবিখনৰ নিৰ্মাতাসকলে ডাঙৰ ক্ষতিৰ সন্মুখীন হ’ব পাৰে। কিন্তু এই চেনেলত অহাৰ পিছত ৪ ঘণ্টাহে ছবিখন চাব পৰা গ’ল, তাৰ পাছত ছবিখন চেনেলৰ পৰা আঁতৰাই দিয়া হৈছে।

বক্স অফিচত ইতিমধ্যে শক্তিশালী ভেঁটি গঢ়ি তুলিছে গাদাৰ ২ য়ে। য’ত ছবিখনে প্ৰথম দিনাই ৪০ কোটিৰ পৰিসংখ্যা অতিক্ৰম কৰিছিল, দ্বিতীয় দিনা এই ছবিখনে ৪৩ কোটিৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। এনে পৰিস্থিতিত উইকেণ্ডৰ পৰা ছবিখনক বহুত আশা কৰা হৈছে। এতিয়া চাব লাগিব এই ছবিখনে কিমানৰ অংক পাৰ হ’ব পাৰে।

উল্লেখযোগ্য যে,বক্স অফিচৰ পৰিসংখ্যাত OMG 2, Gadar 2 ৰ বহু পাছ পৰি আছে। বক্স অফিচত গাদাৰ ২ৰ জনপ্ৰিয়তাৰ মাজতে ছবিখনে অক্ষয় অভিনীত ছবি অ’এমজি ২ক কঠোৰ প্ৰতিযোগিতা প্ৰদান কৰিছে। এতিয়া লক্ষণীয় হ’ব যে দুয়োখন ছবিয়ে উইকেণ্ডত প্ৰদৰ্শনৰ বাবে কিমান সুবিধা পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক