--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বক্স অফিচত শক্তিশালী সমাদৰ লাভ কৰিছে ছানী দেউলৰ ছবি ‘গাদাৰ ২’-এ। ইফালে এতিয়া এই ছবিখনৰ নিৰ্মাতাসকলে হয়তো ডাঙৰ খৱৰ লাভ কৰিছে। আচলতে এই সমগ্ৰ ছবিখন ইউটিউবত লিক হৈছে। মুক্তিৰ তৃতীয় দিনটোত, য’ত নিৰ্মাতাসকলে ছবিখনৰ পৰা বৃহৎ উপাৰ্জনৰ আশা কৰিছে,তেনে স্থলত ইউটিউবত ছবিখন ফাদিল হোৱাটোৱে গাদাৰ ২ৰ নিৰ্মাতাসকলক  ডাঙৰ আঘাত দিছে।

ছানী দেউল আৰু আমীছা পেটেল অভিনীত গাদাৰ ২ক লৈ অনুৰাগীৰ মাজত যথেষ্ট উত্তেজনা দেখা গৈছে। ইফালে এই ছবিখন এতিয়া ইউটিউবত HTD 3 star boys নামৰ এটা চেনেলৰ দ্বাৰা লিক কৰা হৈছে। কোৱা হৈছে যে এই চেনেলত ছবিখনৰ সমগ্ৰ কাহিনী ফাদিল হৈছিল, যাৰ বাবে ছবিখনৰ নিৰ্মাতাসকলে ডাঙৰ ক্ষতিৰ সন্মুখীন হ’ব পাৰে। কিন্তু এই চেনেলত অহাৰ পিছত ৪ ঘণ্টাহে ছবিখন চাব পৰা গ’ল, তাৰ পাছত ছবিখন চেনেলৰ পৰা আঁতৰাই দিয়া হৈছে।

বক্স অফিচত ইতিমধ্যে শক্তিশালী ভেঁটি গঢ়ি তুলিছে গাদাৰ ২ য়ে। য’ত ছবিখনে প্ৰথম দিনাই ৪০ কোটিৰ পৰিসংখ্যা অতিক্ৰম কৰিছিল, দ্বিতীয় দিনা এই ছবিখনে ৪৩ কোটিৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। এনে পৰিস্থিতিত উইকেণ্ডৰ পৰা ছবিখনক বহুত আশা কৰা হৈছে। এতিয়া চাব লাগিব এই ছবিখনে কিমানৰ অংক পাৰ হ’ব পাৰে।

উল্লেখযোগ্য যে,বক্স অফিচৰ পৰিসংখ্যাত OMG 2, Gadar 2 ৰ বহু পাছ পৰি আছে। বক্স অফিচত গাদাৰ ২ৰ জনপ্ৰিয়তাৰ মাজতে ছবিখনে অক্ষয় অভিনীত ছবি অ’এমজি ২ক কঠোৰ প্ৰতিযোগিতা প্ৰদান কৰিছে। এতিয়া লক্ষণীয় হ’ব যে দুয়োখন ছবিয়ে উইকেণ্ডত প্ৰদৰ্শনৰ বাবে কিমান সুবিধা পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?