--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰীদেৱী আৰু বনি কাপুৰৰ কন্যা খুশী কাপুৰে অৱশেষত বিবাহৰ প্ৰস্তাৱ লাভ কৰিছে। দেশৰ কোনো যুৱকে তেওঁক দিয়া নাই বিয়াৰ প্ৰস্তাৱ, এই প্ৰস্তাৱ আহিছে বিদেশৰ এগৰাকী অভিনেত্ৰীৰ পৰা! হয়, শ্ৰীদেৱীৰ কন্যা  খুশী  কাপুৰলৈ এগৰাকী বিদেশী অভিনেত্ৰীয়ে  বিয়াৰ প্ৰস্তাৱ দিছে।  


 খুশীক কানাডাৰ  অভিনেত্ৰী মৈত্ৰেয়ী ৰামকৃষ্ণনে  বিবাহৰ প্ৰস্তাৱ দিছে। এই প্ৰস্তাৱ লাভ কৰাৰ পিছত খুশীয়েও সন্মতি  জনাইছে।

 শেহতীয়াকৈ খুশীয়ে শাৰী পিন্ধি ইনষ্টাগ্ৰামত এখন ফটো পোষ্ট কৰিছিল। খুশী কাপুৰৰ অনুৰাগীসকলে ছবি খন দেখি বৰ ভাল পাইছিল। ছবি খন চায়েই  জনপ্ৰিয় কানাডিয়ান অভিনেত্ৰী মৈত্ৰেয়ী ৰামকৃষ্ণনে ইনষ্টাগ্ৰামত খুশীৰ সৈতে বিবাহৰ প্ৰস্তাৱ দিয়ে।
 
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by ᴋʜᴜsʜɪ ᴋᴀᴘᴏᴏʀ (@khushi05k)

 মৈত্ৰেয়ীয়ে লিখিছে, 'মই বিয়াৰ বাবে তোমাৰ হাতখন  বিচাৰো!' উত্তৰত খুশীয়েও লিখিছে  "মই সাজু, আপুনি কেতিয়া পাতিব?" খুশী কাপুৰে জয়া আখটাৰৰ নিৰ্দেশনাত নিৰ্মিত এখন ছবিৰ জড়িয়তে বলীউডত আত্মপ্ৰকাশ কৰিছে।

 জনপ্ৰিয় "আৰ্চি" কমিক্সৰ ওপৰত আধাৰিত নেটফ্লিক্সৰ মূল "দ্য আৰ্চিচ" ত তেওঁ অভিনয় কৰিছে। শ্বাহৰুখ খানৰ জীয়ৰী সুহানা খানেও ছবিখনত আত্মপ্ৰকাশ কৰিছে। ছিৰিজটোত খনত  বেদং ৰাইনা, মিহিৰ আহুজা, অদিতি দাত আৰু যুৱৰাজ মেণ্ডায়ো  অভিনয় কৰিছে। নৱেম্বৰত  'দ্য আৰ্চিচ'-এ মুক্তি পাব বুলি  আশা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু