--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাঠানৰ গেৰুৱা বিকিনিৰ বিতৰ্ক তুংগত থকাৰ সময়তে অভিনেত্ৰী দীপিকা পাডুকনকলৈ চলিছে আন এক চৰ্চা৷ শেহতীয়াকৈ দীপিকাই ৩৭ বছৰত ভৰি দিছে৷ অতি সাধাৰণ ভাবে দীপিকাই উদযাপন কৰিছে তেওঁৰ জন্মদিন৷ ৰণবীৰ আৰু দীপিকাৰ বিয়া হৈছিল ২০১৮ চনত৷ 

এতিয়ালৈকে তেওঁলোকৰ সংসাৰলৈ তৃতীয়গৰাকী আলহীৰ আগমণ ঘটা নাই ঘটিবলৈ দিয়া নাই৷ এইবাৰ হয়তো কথাবোৰ অলপ বেলেগ হ’ব৷ আপাততঃ তেনে আশাই কৰিছে  দীপিকাৰ অনুৰাগীসকলে৷ ইতিমধ্যে দীপিকা আৰু ৰণবীৰেও তেওঁলোকৰ  সন্তানৰ পৰিকল্পনাৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে । দীপিকাৰ ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰা অনুসৰি তেওঁলোক দুয়ো এই মুহূৰ্তত তেওঁলোকৰ কেৰিয়াৰৰ শীৰ্ষত আছে।

 গতিকে তেওঁলোকে আৰু কিছু সময় ল'ব বিচাৰে।কিন্তু কিছু সময়ৰ অৰ্থ বহু বছৰ নহয় বুলিও সূত্ৰটোৱে কয়৷ এনে খবৰৰ পিছতে দীপিকাৰ অনুৰাগী একাংশই ধাৰণা কৰিছে যে দীপিকাই হয়তো চলিত বছৰতে সন্তানৰ পৰিকল্পনা কৰিছে৷  শেহতীয়া ছবি ছপাকৰ প্ৰচাৰৰ সময়তো  অভিনেত্ৰীগৰাকীক গৰ্ভৱতী ৰূপত দেখা গৈছিল বুলি বহুতে চৰ্চা কৰিছিল৷ আনকি ৰঙা সাজ পিন্ধি থকা গৰ্ভৱতী দীপিকাৰ ছবিও ভাইৰেল হৈছিল৷ 

দীপিকা বলীউডৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী। তেওঁ ভাৰতীয় চলচ্চিত্ৰক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাত  যথেষ্ট অৱদান আগবঢ়াইছে। দীপিকাৰ জন্মদিনটোতেই অনুৰাগীসকলৰ মাজত  সন্তানৰ আগমণআলোচনাৰ বিষয়  হৈ পৰিছিল৷ 

অনুৰাগীসকলৰ মতে  মতে দীপিকা আৰু ৰণবীৰ সিঙৰ এই বছৰে ঘৰলৈ নতুন সদস্য আহিব। আলিয়া ভাট আৰু সোনম কাপুৰ যোৱা বছৰ মাতৃ হৈছিল। গতিকে অনুৰাগীসকলৰ এটা অংশই এইবাৰ দীপিকাৰ পৰা  ভাল খবৰৰ আশাত দিন গণনা কৰা আকৰম্ভ কৰিছে৷


ৰণবীৰ আৰু দীপিকাই তেওঁলোকৰ সন্তানৰ পৰিকল্পনাৰ বিষয়ে মুকলি কৈছিল। দীপিকাই কৈছিল, "আশা কৰোঁ, যেতিয়া ৰণবীৰ আৰু মই পৰিয়ালটো আৰম্ভ কৰিম, আমি মোৰ শৈশৱৰ দৰে শিশুৰ এটাৰ সৈতে এটা সম্পূৰ্ণ পৰিয়াল গঢ়ি তুলিবলৈ সক্ষম হ'ম। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক