--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাঠানৰ গেৰুৱা বিকিনিৰ বিতৰ্ক তুংগত থকাৰ সময়তে অভিনেত্ৰী দীপিকা পাডুকনকলৈ চলিছে আন এক চৰ্চা৷ শেহতীয়াকৈ দীপিকাই ৩৭ বছৰত ভৰি দিছে৷ অতি সাধাৰণ ভাবে দীপিকাই উদযাপন কৰিছে তেওঁৰ জন্মদিন৷ ৰণবীৰ আৰু দীপিকাৰ বিয়া হৈছিল ২০১৮ চনত৷ 

এতিয়ালৈকে তেওঁলোকৰ সংসাৰলৈ তৃতীয়গৰাকী আলহীৰ আগমণ ঘটা নাই ঘটিবলৈ দিয়া নাই৷ এইবাৰ হয়তো কথাবোৰ অলপ বেলেগ হ’ব৷ আপাততঃ তেনে আশাই কৰিছে  দীপিকাৰ অনুৰাগীসকলে৷ ইতিমধ্যে দীপিকা আৰু ৰণবীৰেও তেওঁলোকৰ  সন্তানৰ পৰিকল্পনাৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে । দীপিকাৰ ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰা অনুসৰি তেওঁলোক দুয়ো এই মুহূৰ্তত তেওঁলোকৰ কেৰিয়াৰৰ শীৰ্ষত আছে।

 গতিকে তেওঁলোকে আৰু কিছু সময় ল'ব বিচাৰে।কিন্তু কিছু সময়ৰ অৰ্থ বহু বছৰ নহয় বুলিও সূত্ৰটোৱে কয়৷ এনে খবৰৰ পিছতে দীপিকাৰ অনুৰাগী একাংশই ধাৰণা কৰিছে যে দীপিকাই হয়তো চলিত বছৰতে সন্তানৰ পৰিকল্পনা কৰিছে৷  শেহতীয়া ছবি ছপাকৰ প্ৰচাৰৰ সময়তো  অভিনেত্ৰীগৰাকীক গৰ্ভৱতী ৰূপত দেখা গৈছিল বুলি বহুতে চৰ্চা কৰিছিল৷ আনকি ৰঙা সাজ পিন্ধি থকা গৰ্ভৱতী দীপিকাৰ ছবিও ভাইৰেল হৈছিল৷ 

দীপিকা বলীউডৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী। তেওঁ ভাৰতীয় চলচ্চিত্ৰক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাত  যথেষ্ট অৱদান আগবঢ়াইছে। দীপিকাৰ জন্মদিনটোতেই অনুৰাগীসকলৰ মাজত  সন্তানৰ আগমণআলোচনাৰ বিষয়  হৈ পৰিছিল৷ 

অনুৰাগীসকলৰ মতে  মতে দীপিকা আৰু ৰণবীৰ সিঙৰ এই বছৰে ঘৰলৈ নতুন সদস্য আহিব। আলিয়া ভাট আৰু সোনম কাপুৰ যোৱা বছৰ মাতৃ হৈছিল। গতিকে অনুৰাগীসকলৰ এটা অংশই এইবাৰ দীপিকাৰ পৰা  ভাল খবৰৰ আশাত দিন গণনা কৰা আকৰম্ভ কৰিছে৷


ৰণবীৰ আৰু দীপিকাই তেওঁলোকৰ সন্তানৰ পৰিকল্পনাৰ বিষয়ে মুকলি কৈছিল। দীপিকাই কৈছিল, "আশা কৰোঁ, যেতিয়া ৰণবীৰ আৰু মই পৰিয়ালটো আৰম্ভ কৰিম, আমি মোৰ শৈশৱৰ দৰে শিশুৰ এটাৰ সৈতে এটা সম্পূৰ্ণ পৰিয়াল গঢ়ি তুলিবলৈ সক্ষম হ'ম। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু