--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃচলিত মাহতে মুকলি হ’ব  পাৰে দেশৰ নতুন সংসদ ভৱন।  ৯৭১ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলৈ লোৱা  সংসদ ভৱনৰ বাবে নিৰ্মাণ ব্য়য়  ২২৯ কোটি টকা অতিৰিক্তভাৱে আৱণ্টন দি নতুন সংসদ ভৱন নিৰ্মাণ ব্যয় সৰ্বমুঠ ১,২৫০ কোটি টকা কৰা হৈছিল৷ 

  সংসদ ভৱন নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে টাটা গ্ৰুপে ৷চাৰিমহলীয়া নতুন সংসদ ভৱনটো ১৩ একৰ ভূমিত নিৰ্মাণ কৰা হৈছে।ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে চলিত মাহতে  নতুন সংসদ ভৱন উদ্বোধন কৰিবলৈ সাজু হৈছে। যদি সকলো ঠিকে থাকে, সংসদৰ আগন্তুক অধিৱেশন নতুন সংসদ ভৱনতে অনুষ্ঠিত হ'ব।

 কেন্দ্ৰৰ মোদী চৰকাৰে ২৬ মে'ত ন বছৰ সম্পূৰ্ণ কৰিব। মোদীয়ে তেওঁৰ চৰকাৰৰ বাৰ্ষিকী উদযাপনৰ বাবে খৰখেদাকৈ নতুন সংসদ ভৱন উদ্বোধন কৰিবলৈ সাজু হৈছে বুলি সেয়ে ধাৰণা কৰা হৈছে। ২০২০ চনৰ ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় ভিষ্টা প্ৰকল্পৰ অধীনত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিছিল। ১,২২৪ আসনৰ সংসদ ভৱনটো ইতিমধ্যে প্ৰায় নিৰ্মাণ হৈ উঠিছে।সংসদ ভৱনৰ ভিতৰৰ ফটোও মুকলি কৰা হৈছে। নতুন সংসদ ভৱনৰ পুথিভঁৰালৰ পৰা সভাকক্ষলৈকে সকলো ঠাইতে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। নতুন সংসদ ভৱনত এটা কোঠা আছে, য'ত ভাৰতীয় সংবিধানৰ পাণ্ডুলিপি ৰখা হৈছে আৰু এই কোঠাটো অত্যাধুনিক উপায়েৰে সজ্জিত কৰা হৈছে। নতুন সংসদ ভৱনত যাতে বিকলাঙ্গ লোকসকলে মুক্তভাৱে চলাচল কৰিব পাৰে তাৰ ব্যৱস্থাও কৰা হৈছে।

 নতুন সংসদ ভৱনৰ প্ৰতিটো কোণ দেশৰ বিভিন্ন ৰাজ্যৰ শিল্পকৰ্মেৰে সজোৱা বুলি জানিব পৰা গৈছে। নতুন সংসদত তিনি খন প্ৰৱেশদ্বাৰ আছে। জ্ঞানৰ দুৱাৰ, শক্তিৰ দুৱাৰ, আৰু কাৰ্যৰ দুৱাৰ। সাংসদ আৰু ভিআইপিসকলৰ বাবেও বিশেষ দুৱাৰ থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ চৰকাৰৰ নৱম বাৰ্ষিকীত লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজাব বিচাৰে। এয়া নতুন সংসদ ভৱনৰ উদ্বোধনৰ দ্বাৰাই আৰম্ভ হ'ব বুলি বহুতে চৰ্চা কৰিছে।  

















FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস