--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃচলিত মাহতে মুকলি হ’ব  পাৰে দেশৰ নতুন সংসদ ভৱন।  ৯৭১ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলৈ লোৱা  সংসদ ভৱনৰ বাবে নিৰ্মাণ ব্য়য়  ২২৯ কোটি টকা অতিৰিক্তভাৱে আৱণ্টন দি নতুন সংসদ ভৱন নিৰ্মাণ ব্যয় সৰ্বমুঠ ১,২৫০ কোটি টকা কৰা হৈছিল৷ 

  সংসদ ভৱন নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে টাটা গ্ৰুপে ৷চাৰিমহলীয়া নতুন সংসদ ভৱনটো ১৩ একৰ ভূমিত নিৰ্মাণ কৰা হৈছে।ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে চলিত মাহতে  নতুন সংসদ ভৱন উদ্বোধন কৰিবলৈ সাজু হৈছে। যদি সকলো ঠিকে থাকে, সংসদৰ আগন্তুক অধিৱেশন নতুন সংসদ ভৱনতে অনুষ্ঠিত হ'ব।

 কেন্দ্ৰৰ মোদী চৰকাৰে ২৬ মে'ত ন বছৰ সম্পূৰ্ণ কৰিব। মোদীয়ে তেওঁৰ চৰকাৰৰ বাৰ্ষিকী উদযাপনৰ বাবে খৰখেদাকৈ নতুন সংসদ ভৱন উদ্বোধন কৰিবলৈ সাজু হৈছে বুলি সেয়ে ধাৰণা কৰা হৈছে। ২০২০ চনৰ ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় ভিষ্টা প্ৰকল্পৰ অধীনত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিছিল। ১,২২৪ আসনৰ সংসদ ভৱনটো ইতিমধ্যে প্ৰায় নিৰ্মাণ হৈ উঠিছে।সংসদ ভৱনৰ ভিতৰৰ ফটোও মুকলি কৰা হৈছে। নতুন সংসদ ভৱনৰ পুথিভঁৰালৰ পৰা সভাকক্ষলৈকে সকলো ঠাইতে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। নতুন সংসদ ভৱনত এটা কোঠা আছে, য'ত ভাৰতীয় সংবিধানৰ পাণ্ডুলিপি ৰখা হৈছে আৰু এই কোঠাটো অত্যাধুনিক উপায়েৰে সজ্জিত কৰা হৈছে। নতুন সংসদ ভৱনত যাতে বিকলাঙ্গ লোকসকলে মুক্তভাৱে চলাচল কৰিব পাৰে তাৰ ব্যৱস্থাও কৰা হৈছে।

 নতুন সংসদ ভৱনৰ প্ৰতিটো কোণ দেশৰ বিভিন্ন ৰাজ্যৰ শিল্পকৰ্মেৰে সজোৱা বুলি জানিব পৰা গৈছে। নতুন সংসদত তিনি খন প্ৰৱেশদ্বাৰ আছে। জ্ঞানৰ দুৱাৰ, শক্তিৰ দুৱাৰ, আৰু কাৰ্যৰ দুৱাৰ। সাংসদ আৰু ভিআইপিসকলৰ বাবেও বিশেষ দুৱাৰ থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ চৰকাৰৰ নৱম বাৰ্ষিকীত লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজাব বিচাৰে। এয়া নতুন সংসদ ভৱনৰ উদ্বোধনৰ দ্বাৰাই আৰম্ভ হ'ব বুলি বহুতে চৰ্চা কৰিছে।  

















FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়