--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী  অৰবিন্দ কেজৰিৱালৰ চৰকাৰী বাংলোৰ নৱীকৰণৰ নামত হোৱা দুৰ্নীতিৰ অভিযোগ তদন্ত কৰি থকা বিশেষ সচিব (ভিজিলেন্স) ৱাই ভি ভি জে ৰাজশেখৰক তদন্তৰ পৰা আঁতৰ কৰিবলৈ  আপ চৰকাৰে আহ্বান জনাইছে। 

এই প্ৰসংগত ৰাজশেখৰে কৈছে  যে তেওঁক তেওঁৰ দায়িত্ব পালন কৰাত বাধা দিয়া হৈছে ।ৰাজশেখৰৰ বিৰুদ্ধে  ধন দাবীৰ অভিযোগ উল্লেখ কৰি দিল্লীৰ এগৰাকী  মন্ত্ৰী সৌৰভ ভৰদ্বাজে ১৩ মে'ত বিষয়াজনক আৱণ্টন কৰা সকলো কাম তাৎক্ষণিক ভাৱে প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিছিল। জানিব পৰা মতে ৰাজশেখৰ দিল্লীৰ সুৰা কেলেংকাৰী আৰু দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাংলোৰ নৱীকৰণৰ তদন্ত কৰি থকা ভিজিলেন্স বিষয়া। তেওঁ দিল্লী জল বোৰ্ডৰ তদানীন্তন মুখ্য কাৰ্যবাহী বিষয়া উদিত প্ৰকাশে নিজৰ বাবে এটা বিশাল বাংলো নিৰ্মাণৰ অৰ্থে  এটা ঐতিহ্যমণ্ডিত স্মৃতিস্তম্ভ ধ্বংস কৰাৰ তদন্ত কৰি আছে। এক বিবৃতিত চৰকাৰে কয়, "বিশেষ সচিব ভিজিলেন্সৰ বিৰুদ্ধে দুৰ্নীতিগ্ৰস্ত ব্যক্তিসকলৰ পৰা ধন দাবীৰ  অজস্ৰ অভিযোগ আছিল। 

দিল্লী চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে এক শূণ্য সহনশীলতা নীতি অনুসৰণ কৰে আৰু এনে দুৰ্নীতিক প্ৰশ্য় দিব নোৱাৰে। সেয়েহে, বিশেষ সচিব ভিজিলেন্সক তেওঁৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। যিহেতু কেন্দ্ৰীয় চৰকাৰ আৰু এলজিয়ে আমাক উচ্চতম ন্যায়ালয়ৰ আদেশ কাৰ্যকৰী কৰিবলৈ নিদিয়ে, আমি তেওঁক  স্থানান্তৰ কৰিব নোৱাৰিলোঁ’’।  উল্লেখ্য মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰী বাসভৱনৰ মেৰামতিৰ নামত কোটি কোটি টকা ব্যয় হোৱা বুলি উঠা অভিযোগে এতিয়া বিভিন্ন মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এনে  বিতৰ্কৰ মাজতে দিল্লীৰ উপ-ৰাজ্যপাল  ভি কে ছাক্সেনাই সংশ্লিষ্ট বিষয়াসকলক ব্যয়ৰ তথ্য সুৰক্ষিত কৰি ৰাখিবলৈ  নিৰ্দেশ দিছে ।  

উপ-ৰাজ্যপাল ছাক্সেনাই বিষয়টো সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছিল। বিজেপিয়ে কেজৰিৱাল আৰু আপক আক্ৰমণ কৰি এইবুলি  দাবী কৰিছে যে ২০২০-২২ বৰ্ষত মুখ্যমন্ত্ৰী কেজৰিৱালৰ ৬, ফ্লেগষ্টাফ ৰোডৰ বাসগৃহ মেৰামতি আৰু পুনৰ সৌন্দৰ্যবৰ্ধনৰ  বাবে ৪৫ কোটি টকা ব্যয় কৰা হৈছিল। আপে বিজেপিৰ এনে অভিযোগৰ প্ৰত্যুত্তৰ দি  কৈছে  যে বিজেপিয়ে এই বিষয়টো উত্থাপন কৰি প্ৰকৃত বিষয়বোৰৰ পৰা জনতাৰ মনোযোগ আঁতৰাই নিবলৈ  চেষ্টা কৰিছে। 

পিডব্লিউডিয়ে  বাসগৃহৰ নৱীকৰণত "ব্যাপক অনিয়ম" কৰা বুলি ৰাজভৱনৰ প্ৰতিবেদনতো  উল্লেখ কৰা হৈছে। উপ ৰাজ্যপালে এই সম্পৰ্কীয়  সংবাদ মাধ্যমৰ প্ৰতিবেদনবোৰৰ প্ৰতি  লক্ষ্য কৰি আৰু বিষয়টোৰ সংবেদনশীলতা উপলব্ধি কৰি   ঘৰ মেৰামতিৰ  সকলো প্ৰাসঙ্গিক ৰেকৰ্ড তৎক্ষণাৎ সুৰক্ষিত কৰিবলৈ  নিৰ্দেশ দিছে।  পৰৱৰ্তী সময়ত, ৰেকৰ্ডবোৰ পৰীক্ষা কৰি  প্ৰতিবেদন  দাখিল কৰিব লাগিব বুলি দিল্লী চৰকাৰৰ মুখ্য সচিবলৈ জাৰি কৰা নিৰ্দেশটোত কোৱা হৈছিল। 

সঞ্জয় সিং আৰু ৰাঘৱ চাধাকে ধৰি আপ নেতাসকলে প্ৰধানমন্ত্ৰী আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ বাসগৃহৰ বাবে কৰি অহা ব্যয়ৰ কথা উল্লেখ কৰি কেজৰিৱালক সমৰ্থন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনৰ "সংযোজন/পৰিৱৰ্তনত ৪৩.৭০ কোটি টকাৰ অনুমোদিত ধনৰ  মুঠ ৪৪.৭৮ কোটি টকা ব্যয় কৰা হৈছিল। এই পৰিমাণটো ছেপ্টেম্বৰ ২০২০  ৰ পৰা জুন ২০২২-ৰ ভিতৰত ছয়টা স্তৰত ব্যয় কৰা হৈছিল বুলি প্ৰাপ্ত  নথিত উল্লেখ কৰা হৈছে। 

তথ্য অনুসৰি অনুসৰি মুঠ ব্যয়ৰ ভিতৰত আছিল আভ্যন্তৰীণ সজ্জাৰ বাবে ১১.৩০  কোটি টকা, শিল আৰু মাৰ্বল ফ্লোৰিংত ৬,০২  কোটি টকা, আভ্যন্তৰীণ সজ্জাৰ  পৰামৰ্শৰ বাবে  ১ কোটি টকা, বৈদ্যুতিক ফিটিং আৰু সঁজুলিৰ বাবে ২.৫৮  কোটি টকা, অগ্নি নিৰ্বাপক প্ৰণালীৰ বাবে ২.৮৫  কোটি টকা, ৱাৰ্ডৰোব আৰু আনুষঙ্গিক সামগ্ৰী ফিটিঙৰ বাবে ১.৪১ কোটি টকা,  পাকঘৰৰ সঁজুলিৰ বাবে ১.১ কোটি টকা। 













FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়