--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী  অৰবিন্দ কেজৰিৱালৰ চৰকাৰী বাংলোৰ নৱীকৰণৰ নামত হোৱা দুৰ্নীতিৰ অভিযোগ তদন্ত কৰি থকা বিশেষ সচিব (ভিজিলেন্স) ৱাই ভি ভি জে ৰাজশেখৰক তদন্তৰ পৰা আঁতৰ কৰিবলৈ  আপ চৰকাৰে আহ্বান জনাইছে। 

এই প্ৰসংগত ৰাজশেখৰে কৈছে  যে তেওঁক তেওঁৰ দায়িত্ব পালন কৰাত বাধা দিয়া হৈছে ।ৰাজশেখৰৰ বিৰুদ্ধে  ধন দাবীৰ অভিযোগ উল্লেখ কৰি দিল্লীৰ এগৰাকী  মন্ত্ৰী সৌৰভ ভৰদ্বাজে ১৩ মে'ত বিষয়াজনক আৱণ্টন কৰা সকলো কাম তাৎক্ষণিক ভাৱে প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিছিল। জানিব পৰা মতে ৰাজশেখৰ দিল্লীৰ সুৰা কেলেংকাৰী আৰু দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাংলোৰ নৱীকৰণৰ তদন্ত কৰি থকা ভিজিলেন্স বিষয়া। তেওঁ দিল্লী জল বোৰ্ডৰ তদানীন্তন মুখ্য কাৰ্যবাহী বিষয়া উদিত প্ৰকাশে নিজৰ বাবে এটা বিশাল বাংলো নিৰ্মাণৰ অৰ্থে  এটা ঐতিহ্যমণ্ডিত স্মৃতিস্তম্ভ ধ্বংস কৰাৰ তদন্ত কৰি আছে। এক বিবৃতিত চৰকাৰে কয়, "বিশেষ সচিব ভিজিলেন্সৰ বিৰুদ্ধে দুৰ্নীতিগ্ৰস্ত ব্যক্তিসকলৰ পৰা ধন দাবীৰ  অজস্ৰ অভিযোগ আছিল। 

দিল্লী চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে এক শূণ্য সহনশীলতা নীতি অনুসৰণ কৰে আৰু এনে দুৰ্নীতিক প্ৰশ্য় দিব নোৱাৰে। সেয়েহে, বিশেষ সচিব ভিজিলেন্সক তেওঁৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। যিহেতু কেন্দ্ৰীয় চৰকাৰ আৰু এলজিয়ে আমাক উচ্চতম ন্যায়ালয়ৰ আদেশ কাৰ্যকৰী কৰিবলৈ নিদিয়ে, আমি তেওঁক  স্থানান্তৰ কৰিব নোৱাৰিলোঁ’’।  উল্লেখ্য মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰী বাসভৱনৰ মেৰামতিৰ নামত কোটি কোটি টকা ব্যয় হোৱা বুলি উঠা অভিযোগে এতিয়া বিভিন্ন মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এনে  বিতৰ্কৰ মাজতে দিল্লীৰ উপ-ৰাজ্যপাল  ভি কে ছাক্সেনাই সংশ্লিষ্ট বিষয়াসকলক ব্যয়ৰ তথ্য সুৰক্ষিত কৰি ৰাখিবলৈ  নিৰ্দেশ দিছে ।  

উপ-ৰাজ্যপাল ছাক্সেনাই বিষয়টো সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছিল। বিজেপিয়ে কেজৰিৱাল আৰু আপক আক্ৰমণ কৰি এইবুলি  দাবী কৰিছে যে ২০২০-২২ বৰ্ষত মুখ্যমন্ত্ৰী কেজৰিৱালৰ ৬, ফ্লেগষ্টাফ ৰোডৰ বাসগৃহ মেৰামতি আৰু পুনৰ সৌন্দৰ্যবৰ্ধনৰ  বাবে ৪৫ কোটি টকা ব্যয় কৰা হৈছিল। আপে বিজেপিৰ এনে অভিযোগৰ প্ৰত্যুত্তৰ দি  কৈছে  যে বিজেপিয়ে এই বিষয়টো উত্থাপন কৰি প্ৰকৃত বিষয়বোৰৰ পৰা জনতাৰ মনোযোগ আঁতৰাই নিবলৈ  চেষ্টা কৰিছে। 

পিডব্লিউডিয়ে  বাসগৃহৰ নৱীকৰণত "ব্যাপক অনিয়ম" কৰা বুলি ৰাজভৱনৰ প্ৰতিবেদনতো  উল্লেখ কৰা হৈছে। উপ ৰাজ্যপালে এই সম্পৰ্কীয়  সংবাদ মাধ্যমৰ প্ৰতিবেদনবোৰৰ প্ৰতি  লক্ষ্য কৰি আৰু বিষয়টোৰ সংবেদনশীলতা উপলব্ধি কৰি   ঘৰ মেৰামতিৰ  সকলো প্ৰাসঙ্গিক ৰেকৰ্ড তৎক্ষণাৎ সুৰক্ষিত কৰিবলৈ  নিৰ্দেশ দিছে।  পৰৱৰ্তী সময়ত, ৰেকৰ্ডবোৰ পৰীক্ষা কৰি  প্ৰতিবেদন  দাখিল কৰিব লাগিব বুলি দিল্লী চৰকাৰৰ মুখ্য সচিবলৈ জাৰি কৰা নিৰ্দেশটোত কোৱা হৈছিল। 

সঞ্জয় সিং আৰু ৰাঘৱ চাধাকে ধৰি আপ নেতাসকলে প্ৰধানমন্ত্ৰী আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ বাসগৃহৰ বাবে কৰি অহা ব্যয়ৰ কথা উল্লেখ কৰি কেজৰিৱালক সমৰ্থন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনৰ "সংযোজন/পৰিৱৰ্তনত ৪৩.৭০ কোটি টকাৰ অনুমোদিত ধনৰ  মুঠ ৪৪.৭৮ কোটি টকা ব্যয় কৰা হৈছিল। এই পৰিমাণটো ছেপ্টেম্বৰ ২০২০  ৰ পৰা জুন ২০২২-ৰ ভিতৰত ছয়টা স্তৰত ব্যয় কৰা হৈছিল বুলি প্ৰাপ্ত  নথিত উল্লেখ কৰা হৈছে। 

তথ্য অনুসৰি অনুসৰি মুঠ ব্যয়ৰ ভিতৰত আছিল আভ্যন্তৰীণ সজ্জাৰ বাবে ১১.৩০  কোটি টকা, শিল আৰু মাৰ্বল ফ্লোৰিংত ৬,০২  কোটি টকা, আভ্যন্তৰীণ সজ্জাৰ  পৰামৰ্শৰ বাবে  ১ কোটি টকা, বৈদ্যুতিক ফিটিং আৰু সঁজুলিৰ বাবে ২.৫৮  কোটি টকা, অগ্নি নিৰ্বাপক প্ৰণালীৰ বাবে ২.৮৫  কোটি টকা, ৱাৰ্ডৰোব আৰু আনুষঙ্গিক সামগ্ৰী ফিটিঙৰ বাবে ১.৪১ কোটি টকা,  পাকঘৰৰ সঁজুলিৰ বাবে ১.১ কোটি টকা। 













FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ