--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত চিতা বাঘ প্ৰজননৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাক বিভিন্ন মহলে প্ৰশংসা কৰিছে। কিন্তু একে সময়তে বহুতে  বিষয়টোকলৈ বিতৰ্কও কৰিছে। চিতা বাঘ ভাৰতৰ পৰা  বিলুপ্ত হোৱাৰ ৭০ বছৰৰ পিছত যোৱা বছৰৰ  ছেপ্টেম্বৰ মাহত ভাৰতলৈ আহিছিল। ২০২২ চনৰ ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ জন্মদিনত কেন্দ্ৰই দক্ষিণ আফ্ৰিকাৰ নামিবিয়াৰ পৰা আঠটা চিতা বাঘ ভাৰতলৈ  আনিছিল।তাৰে  পাঁচটা মাইকী আৰু তিনিটা মতা চিতা বাঘ । 
দেশখনত এনেদৰে চিতা বাঘৰ প্ৰজনন কৰাৰ পৰিকল্পনা চলি আছে। বিষয়টোকলৈ বিতৰ্কৰ মাজতে মোদীৰ  চৰকাৰে দেশলৈ আৰু বাৰটা চিতা বাঘ আনিবলৈ সিদ্ধান্ত লৈছে। 

যদি সকলো ঠিকে থাকে জানুৱাৰী মাহৰ মাজভাগত বা শেষ সপ্তাহত নামিবিয়াৰ কুনো ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰু সাতটা মতা আৰু পাঁচটা মাইকী নাহৰফুটুকী বাঘ দেশখনলৈ অনা হ’ব।   কৰ্ণাটকৰ বান্দিপুৰ ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত  নতুনকৈ  আনিবলগীয়া চিতা বাঘ কেইটা ৰখা হ’ব। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ এটা সূত্ৰই কয় যে ভাৰতলৈ অনাৰ বাবে যোৱা ছয় মাহ ধৰি কুনো অভয়াৰণ্যত বাৰটা চিতা পৃথকে ৰখা হৈছে।

ইয়াৰ পূৰ্বে কেন্দ্ৰই কৈছিল যে দেশত চিতাৰ প্ৰজননৰ বিষয়ত পাঁচ বছৰীয়া প্ৰকল্পৰ অধীনত দেশলৈ কমেও ১২ ৰ পৰা ১৪ টা নাহৰফুটুকী বাঘ অনাৰ পৰিকল্পনা কৰিছে। অৱশ্যেকাৰ্যক্ষেত্ৰত দেখা গৈছে  যে দেশত মুঠ চিতা  বাঘৰ সংখ্যা ২০  লৈ বৃদ্ধি হ'ব। চিতা বাঘ  ১৯৫২ চনৰ পৰা ভাৰতত বিলুপ্ত হৈ পৰিছিল। বিষয়টোকলৈ বিতৰ্কৰো সৃষ্টি হৈছে।  দেশৰ সাধাৰণ কৰদাতাসকলৰ ধন খৰচ কৰি  ৯০.৫ কোটি টকা ব্যয় কৰাটো  কিমান গুৰুত্বপূৰ্ণ তাকে লৈ প্ৰশ্ন উত্থাপিত হৈছে। অৱশ্যেএনে বিতৰ্কৰ মাজতেকেন্দ্ৰই জানুৱাৰীত দেশলৈ আৰু বাৰটা চিতা অনাৰ পৰিকল্পনা চূড়ান্ত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু