--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত চিতা বাঘ প্ৰজননৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাক বিভিন্ন মহলে প্ৰশংসা কৰিছে। কিন্তু একে সময়তে বহুতে  বিষয়টোকলৈ বিতৰ্কও কৰিছে। চিতা বাঘ ভাৰতৰ পৰা  বিলুপ্ত হোৱাৰ ৭০ বছৰৰ পিছত যোৱা বছৰৰ  ছেপ্টেম্বৰ মাহত ভাৰতলৈ আহিছিল। ২০২২ চনৰ ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ জন্মদিনত কেন্দ্ৰই দক্ষিণ আফ্ৰিকাৰ নামিবিয়াৰ পৰা আঠটা চিতা বাঘ ভাৰতলৈ  আনিছিল।তাৰে  পাঁচটা মাইকী আৰু তিনিটা মতা চিতা বাঘ । 
দেশখনত এনেদৰে চিতা বাঘৰ প্ৰজনন কৰাৰ পৰিকল্পনা চলি আছে। বিষয়টোকলৈ বিতৰ্কৰ মাজতে মোদীৰ  চৰকাৰে দেশলৈ আৰু বাৰটা চিতা বাঘ আনিবলৈ সিদ্ধান্ত লৈছে। 

যদি সকলো ঠিকে থাকে জানুৱাৰী মাহৰ মাজভাগত বা শেষ সপ্তাহত নামিবিয়াৰ কুনো ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰু সাতটা মতা আৰু পাঁচটা মাইকী নাহৰফুটুকী বাঘ দেশখনলৈ অনা হ’ব।   কৰ্ণাটকৰ বান্দিপুৰ ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত  নতুনকৈ  আনিবলগীয়া চিতা বাঘ কেইটা ৰখা হ’ব। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ এটা সূত্ৰই কয় যে ভাৰতলৈ অনাৰ বাবে যোৱা ছয় মাহ ধৰি কুনো অভয়াৰণ্যত বাৰটা চিতা পৃথকে ৰখা হৈছে।

ইয়াৰ পূৰ্বে কেন্দ্ৰই কৈছিল যে দেশত চিতাৰ প্ৰজননৰ বিষয়ত পাঁচ বছৰীয়া প্ৰকল্পৰ অধীনত দেশলৈ কমেও ১২ ৰ পৰা ১৪ টা নাহৰফুটুকী বাঘ অনাৰ পৰিকল্পনা কৰিছে। অৱশ্যেকাৰ্যক্ষেত্ৰত দেখা গৈছে  যে দেশত মুঠ চিতা  বাঘৰ সংখ্যা ২০  লৈ বৃদ্ধি হ'ব। চিতা বাঘ  ১৯৫২ চনৰ পৰা ভাৰতত বিলুপ্ত হৈ পৰিছিল। বিষয়টোকলৈ বিতৰ্কৰো সৃষ্টি হৈছে।  দেশৰ সাধাৰণ কৰদাতাসকলৰ ধন খৰচ কৰি  ৯০.৫ কোটি টকা ব্যয় কৰাটো  কিমান গুৰুত্বপূৰ্ণ তাকে লৈ প্ৰশ্ন উত্থাপিত হৈছে। অৱশ্যেএনে বিতৰ্কৰ মাজতেকেন্দ্ৰই জানুৱাৰীত দেশলৈ আৰু বাৰটা চিতা অনাৰ পৰিকল্পনা চূড়ান্ত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক