--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ পৰাও মোদীৰ সপোনৰ ৰে’ল বন্দে ভাৰত চলাৰ কথাটোৱে বহুতকে আনন্দিত কৰিছে। এনেসময়তে বংগৰ মুখ্যমন্ত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী মমা বেনাৰ্জীয়ে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

 মমতাৰ মতে পুৰণি দবাত ৰং সানি  'বন্দে ভাৰত' হিচাপে বংগক দিয়া হৈছে। মমতাই কয় "বন্দে ভাৰতৰ নামত   পুৰণি ৰে’লৰ দবাকে  ৰং কৰিছে আৰু ইয়াক এখন  নতুন ৰে’ল হিচাবে প্ৰচাৰ চলোৱা হৈছে। ইঞ্জিনৰ বাহিৰে সকলো ৰে’ল খনৰ সকলো দবাই পুৰণি দবা। । মোৰ সময়ত, মই বছৰত কমেও ১০০ খন নতুন ৰেল দিছিলোঁ।যোৱা  ১১বছৰত, এখনো  নতুন ৰে’ল দিয়া হোৱা নাই।যি দিছে সেয়াও পুৰণি"।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে গংগাসাগৰত এনে এক চাঞ্চল্যকৰ দাবী কৰে। মমতাই উষ্মাভৰা স্বৰেৰে কয় "যোৱা ১১ বছৰত পশ্চিম বংগই প্ৰথমবাৰৰ বাবে ৰে’ল পাইছে।তাকো এখন পুৰণি ৰে’ল।"ইপিনে মমতাৰ এনে অভিযোগৰ বিপৰীতে একাংশই কৈছে যে  অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত বন্দে ভাৰত এক্সপ্ৰেছত ইঞ্জিন বুলি একো  বস্তু নাই। 

এই ৰে’লখনত এটা উচ্চ-ক্ষমতাসম্পন্ন বৈদ্যুতিক মটৰ  স্থাপন কৰা হৈছে। ফলস্বৰূপে, এই ৰে’লখনে দ্ৰুতগতিত যাত্ৰা কৰিব পাৰে। ৰে’লখনত বিশ্বমানৰ সুবিধাও আছে। যিটো পুৰণি দবাত কেতিয়াও  কৰিব নোৱাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক