--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বঞ্চিত বহুজন আঘাড়ীৰ মুৰব্বী তথা সংবিধান নিৰ্মাতা বাবাচাহেব আম্বেদকাৰৰ নাতি প্ৰকাশ আম্বেদকাৰে অহা বছৰৰ লোকসভা নিৰ্বাচন ২০২৪ত শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীক লৈ ডাঙৰ দাবী উত্থাপন কৰিছে। তেওঁ কয় যে আগন্তুক নিৰ্বাচনৰ পিছত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হিচাপে ঘূৰি আহিব নোৱাৰে।

প্ৰকাশ আম্বেদকাৰে বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে যে তেওঁলোকে কেৱল হিন্দু-মুছলমানক বিভাজন কৰিব বিচাৰে। তেওঁলোকে ভাবে যে এনে কৰিলে আগন্তুক নিৰ্বাচনত জয়ী হ’ব পাৰিব। মহাৰাষ্ট্ৰৰ চোলাপুৰত ভাষণ প্ৰদানৰ সময়ত আম্বেদকাৰে কয় যে বিজেপি আৰু আৰএছএছৰ একমাত্ৰ এজেণ্ডা হৈছে দেশত সাম্প্ৰদায়িক সংঘৰ্ষক উচটনি দিয়া।

ৰাজ্যসভাৰ সাংসদ তথা লোকসভাৰ সাংসদ হৈ অহা প্ৰকাশ আম্বেদকাৰে কয় যে অহা বছৰ নিৰ্বাচনৰ পাছত কোনে চৰকাৰ গঠন কৰিব নাজানে, কিন্তু ২০২৪ চনত এক বৃহৎ পৰিৱৰ্তন হ’বলৈ গৈ আছে। তেওঁৰ মতে, প্ৰধানমন্ত্ৰী মোদী নিশ্চিতভাৱে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নহ’ব, ১০ বছৰ ধৰি বিজেপিৰ ভয়ৰ শাসনৰ অন্তত অৱশেষত দেশত শান্তি হ’ব।

আম্বেদকাৰে লগতে দাবী কৰে যে বিজেপিৰ তথাকথিত লাভ-জেহাদে সমগ্ৰ দেশতে সাম্প্ৰতিক সংঘৰ্ষ জগাই তুলিছে আৰু আনকি বহিঃ ধৰ্মীয় বিবাহ কৰা পৰিয়ালকো অশান্তি দিছে। কৰ্ণাটকৰ পৰাজয় হজম কৰিবলৈ সক্ষম হোৱা নাই বিজেপিয়ে। তেওঁলোকৰ কোনো সুনিৰ্দিষ্ট ইছ্যু নাই, সেয়েহে এনে স্পৰ্শকাতৰ বিষয়বোৰে ভাৰতত সংঘৰ্ষ জগাই তোলাৰ কাম কৰে।

উল্লেখ্য যে,উদ্ধৱ থাকৰেৰ শিৱসেনা ফৈদৰ সৈতে মিত্ৰতা কৰিছে ভিবিএৰ মুৰব্বী প্ৰকাশ আম্বেদকাৰ। কংগ্ৰেছৰ পৰা দূৰত্বৰ বাবে এতিয়াও মহাৰাষ্ট্ৰৰ এম ভি এ মিত্ৰতাৰ অংশ নহয়। কোৱা হৈছে যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত আছাদুদ্দিন ওৱেইছিৰ এআইএমআইএমৰ সৈতে ভিবিএৰ মিত্ৰতাৰ বাবে দলিত আৰু মুছলমানৰ ভোট বিভাজন হৈছিল। যাৰ বাবে কংগ্ৰেছ আৰু শাৰদ পাৱাৰৰ দলৰ লোকচান হৈছিল, গতিকে  তেওঁলোকক মিত্ৰতাৰ অংশ কৰি লোৱা নাই।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ