--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বঞ্চিত বহুজন আঘাড়ীৰ মুৰব্বী তথা সংবিধান নিৰ্মাতা বাবাচাহেব আম্বেদকাৰৰ নাতি প্ৰকাশ আম্বেদকাৰে অহা বছৰৰ লোকসভা নিৰ্বাচন ২০২৪ত শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীক লৈ ডাঙৰ দাবী উত্থাপন কৰিছে। তেওঁ কয় যে আগন্তুক নিৰ্বাচনৰ পিছত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হিচাপে ঘূৰি আহিব নোৱাৰে।

প্ৰকাশ আম্বেদকাৰে বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে যে তেওঁলোকে কেৱল হিন্দু-মুছলমানক বিভাজন কৰিব বিচাৰে। তেওঁলোকে ভাবে যে এনে কৰিলে আগন্তুক নিৰ্বাচনত জয়ী হ’ব পাৰিব। মহাৰাষ্ট্ৰৰ চোলাপুৰত ভাষণ প্ৰদানৰ সময়ত আম্বেদকাৰে কয় যে বিজেপি আৰু আৰএছএছৰ একমাত্ৰ এজেণ্ডা হৈছে দেশত সাম্প্ৰদায়িক সংঘৰ্ষক উচটনি দিয়া।

ৰাজ্যসভাৰ সাংসদ তথা লোকসভাৰ সাংসদ হৈ অহা প্ৰকাশ আম্বেদকাৰে কয় যে অহা বছৰ নিৰ্বাচনৰ পাছত কোনে চৰকাৰ গঠন কৰিব নাজানে, কিন্তু ২০২৪ চনত এক বৃহৎ পৰিৱৰ্তন হ’বলৈ গৈ আছে। তেওঁৰ মতে, প্ৰধানমন্ত্ৰী মোদী নিশ্চিতভাৱে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নহ’ব, ১০ বছৰ ধৰি বিজেপিৰ ভয়ৰ শাসনৰ অন্তত অৱশেষত দেশত শান্তি হ’ব।

আম্বেদকাৰে লগতে দাবী কৰে যে বিজেপিৰ তথাকথিত লাভ-জেহাদে সমগ্ৰ দেশতে সাম্প্ৰতিক সংঘৰ্ষ জগাই তুলিছে আৰু আনকি বহিঃ ধৰ্মীয় বিবাহ কৰা পৰিয়ালকো অশান্তি দিছে। কৰ্ণাটকৰ পৰাজয় হজম কৰিবলৈ সক্ষম হোৱা নাই বিজেপিয়ে। তেওঁলোকৰ কোনো সুনিৰ্দিষ্ট ইছ্যু নাই, সেয়েহে এনে স্পৰ্শকাতৰ বিষয়বোৰে ভাৰতত সংঘৰ্ষ জগাই তোলাৰ কাম কৰে।

উল্লেখ্য যে,উদ্ধৱ থাকৰেৰ শিৱসেনা ফৈদৰ সৈতে মিত্ৰতা কৰিছে ভিবিএৰ মুৰব্বী প্ৰকাশ আম্বেদকাৰ। কংগ্ৰেছৰ পৰা দূৰত্বৰ বাবে এতিয়াও মহাৰাষ্ট্ৰৰ এম ভি এ মিত্ৰতাৰ অংশ নহয়। কোৱা হৈছে যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত আছাদুদ্দিন ওৱেইছিৰ এআইএমআইএমৰ সৈতে ভিবিএৰ মিত্ৰতাৰ বাবে দলিত আৰু মুছলমানৰ ভোট বিভাজন হৈছিল। যাৰ বাবে কংগ্ৰেছ আৰু শাৰদ পাৱাৰৰ দলৰ লোকচান হৈছিল, গতিকে  তেওঁলোকক মিত্ৰতাৰ অংশ কৰি লোৱা নাই।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু