--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাস্পতালত এগৰাকী গৰ্ভৱতী মহিলাৰ অপাৰেচনত কৰা ভয়ংকৰ গাফিলতিৰ ঘটনা পোহৰলৈ আহিছে। চিকিৎসকসকলে ইমানেই গাফিলতি কৰিছিল যে মহিলাগৰাকীৰ জৰায়ুৰ লগতে প্ৰস্ৰাৱ নলীকো চিলাই কৰি দিলে। এই ঘটনা ঘটিছে উত্তৰ প্ৰদেশৰ দেওৰিয়াত। যেতিয়া মহিলাগৰাকীয়ে প্ৰস্ৰাৱ কৰিবলৈ অসুবিধা পাবলৈ ধৰিলে তেতিয়া তেওঁৰ অৱস্থা বহুত বেয়া হ’বলৈ ধৰিলে। 

লগে লগে মহিলাগৰাকীক উচ্চ পৰ্যায়ৰ চিকিৎসাৰ বাবে গোৰখপুৰলৈ প্ৰেৰণ কৰা হয়। গোৰখপুৰৰ চিকিৎসকে জনায় যে, মহিলাগৰাকীৰ জৰায়ুৰ লগতে প্ৰস্ৰাৱ নলীও চিলাই দিয়া হৈছে। ইয়াৰ ফলত জৰায়ু সংক্ৰমিত হোৱাৰ লগতে দুয়োটা কিডনীৰো ক্ষতিসাধন হৈছে। অৱশেষত কিডনী বিকল হৈ মহিলাগৰাকীৰ মৃত্যু হয়।

প্ৰায় দুমাহ ধৰি জীৱন-মৃত্যুৰ সৈতে যুঁজি থকা সন্ধ্যা পেটেল নামৰ মহিলাগৰাকীয়ে বুধবাৰে শেষ নিঃশ্বাস ত্যাগ কৰে। সন্ধ্যাৰ মৃত্যুৰ পাছত পৰিয়ালৰ লগতে সমগ্ৰ গাঁওখনতে গভীৰ শোকৰ ছাঁ পৰিছে। মাতৃহাৰা হ’ল এটি দুমহীয়া দেৱশিশু। গোৰখপুৰৰ চিকিৎসালয়ত তেতিয়াৰ পৰাই মহিলাগৰাকীৰ ডায়েলাইছিছ কৰি থকা হৈছিল। দুমাহৰ পাছতো সন্ধ্যাৰ স্বাস্থ্যৰ অৱস্থাৰ উন্নতি নোহোৱাত সোমবাৰে চিকিৎসকে ঘৰলৈ পঠিয়াই দিয়ে। ঘৰত বুধবাৰে পুৱা মৃত্যুক সাবটে সন্ধ্যাই। 

১৯ জানুৱাৰীত সন্ধ্যা পেটেলে যেতিয়া প্ৰসৱ বেদনাত ভুগিছিল, তেতিয়া গাঁৱৰ আশা কৰ্মীৰ সহযোগত তেওঁৰ পৰিয়ালে পাথাৰদেৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁক ভৰ্তি কৰায়। ইয়াত অপাৰেচনৰ জৰিয়তে জন্ম হৈছিল এটি কন্যা সন্তান। ইয়াৰ পিছত ডাক্তৰে জৰায়ুটো চিলাই দিলে। চিকিৎসকসকল ইমানেই অসাৱধান আছিল যে জৰায়ুৰ লগতে প্ৰস্ৰাৱ নলীও চিলাই কৰি দিলে। যাৰফলত তেওঁৰ কিডনীও বেয়া হৈ পৰিল। অৱশেষত দুমাহ কষ্ট ভুগি মৃত্যুক সাবটে সন্ধ্যা পেটেলে।

স্বাস্থ্য বিভাগে আস্থা হাস্পতাল নামৰ চিকিৎসালয়খনৰ পঞ্জীয়ন বাতিল কৰি ছীল কৰি দিয়াৰ লগতে এটা গোচৰো পঞ্জীয়ন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ