--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাস্পতালত এগৰাকী গৰ্ভৱতী মহিলাৰ অপাৰেচনত কৰা ভয়ংকৰ গাফিলতিৰ ঘটনা পোহৰলৈ আহিছে। চিকিৎসকসকলে ইমানেই গাফিলতি কৰিছিল যে মহিলাগৰাকীৰ জৰায়ুৰ লগতে প্ৰস্ৰাৱ নলীকো চিলাই কৰি দিলে। এই ঘটনা ঘটিছে উত্তৰ প্ৰদেশৰ দেওৰিয়াত। যেতিয়া মহিলাগৰাকীয়ে প্ৰস্ৰাৱ কৰিবলৈ অসুবিধা পাবলৈ ধৰিলে তেতিয়া তেওঁৰ অৱস্থা বহুত বেয়া হ’বলৈ ধৰিলে। 

লগে লগে মহিলাগৰাকীক উচ্চ পৰ্যায়ৰ চিকিৎসাৰ বাবে গোৰখপুৰলৈ প্ৰেৰণ কৰা হয়। গোৰখপুৰৰ চিকিৎসকে জনায় যে, মহিলাগৰাকীৰ জৰায়ুৰ লগতে প্ৰস্ৰাৱ নলীও চিলাই দিয়া হৈছে। ইয়াৰ ফলত জৰায়ু সংক্ৰমিত হোৱাৰ লগতে দুয়োটা কিডনীৰো ক্ষতিসাধন হৈছে। অৱশেষত কিডনী বিকল হৈ মহিলাগৰাকীৰ মৃত্যু হয়।

প্ৰায় দুমাহ ধৰি জীৱন-মৃত্যুৰ সৈতে যুঁজি থকা সন্ধ্যা পেটেল নামৰ মহিলাগৰাকীয়ে বুধবাৰে শেষ নিঃশ্বাস ত্যাগ কৰে। সন্ধ্যাৰ মৃত্যুৰ পাছত পৰিয়ালৰ লগতে সমগ্ৰ গাঁওখনতে গভীৰ শোকৰ ছাঁ পৰিছে। মাতৃহাৰা হ’ল এটি দুমহীয়া দেৱশিশু। গোৰখপুৰৰ চিকিৎসালয়ত তেতিয়াৰ পৰাই মহিলাগৰাকীৰ ডায়েলাইছিছ কৰি থকা হৈছিল। দুমাহৰ পাছতো সন্ধ্যাৰ স্বাস্থ্যৰ অৱস্থাৰ উন্নতি নোহোৱাত সোমবাৰে চিকিৎসকে ঘৰলৈ পঠিয়াই দিয়ে। ঘৰত বুধবাৰে পুৱা মৃত্যুক সাবটে সন্ধ্যাই। 

১৯ জানুৱাৰীত সন্ধ্যা পেটেলে যেতিয়া প্ৰসৱ বেদনাত ভুগিছিল, তেতিয়া গাঁৱৰ আশা কৰ্মীৰ সহযোগত তেওঁৰ পৰিয়ালে পাথাৰদেৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁক ভৰ্তি কৰায়। ইয়াত অপাৰেচনৰ জৰিয়তে জন্ম হৈছিল এটি কন্যা সন্তান। ইয়াৰ পিছত ডাক্তৰে জৰায়ুটো চিলাই দিলে। চিকিৎসকসকল ইমানেই অসাৱধান আছিল যে জৰায়ুৰ লগতে প্ৰস্ৰাৱ নলীও চিলাই কৰি দিলে। যাৰফলত তেওঁৰ কিডনীও বেয়া হৈ পৰিল। অৱশেষত দুমাহ কষ্ট ভুগি মৃত্যুক সাবটে সন্ধ্যা পেটেলে।

স্বাস্থ্য বিভাগে আস্থা হাস্পতাল নামৰ চিকিৎসালয়খনৰ পঞ্জীয়ন বাতিল কৰি ছীল কৰি দিয়াৰ লগতে এটা গোচৰো পঞ্জীয়ন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু