--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চণ্ডীগড় বিশ্ববিদ্যালয়ৰ MMS কাণ্ডই দেশজুৰি তীব্ৰ উত্তেজনা অব্যাহত ৰখাৰ লগতে পঞ্জাব আৰক্ষীৰ এক বৃহৎ সফলতা। MMS কাণ্ডৰ সৈতে জড়িতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে পঞ্জাব আৰক্ষীয়ে। পঞ্জাব আৰক্ষীয়ে অভিযুক্ত সেনা জোৱান সঞ্জীৱ সিঙক গ্ৰেপ্তাৰ কৰে।

পঞ্জাব আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ চেলা পাছৰ পৰা অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা অভিযুক্ত সেনা জোৱানজনৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীক ব্লেকমেইল কৰা আৰু আন ছাত্ৰীক অশ্লীল ভিডিঅ’ দাবী কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল।

অৰুণাচল আৰক্ষীৰ সহায়ত পঞ্জাব আৰক্ষীয়ে জোৱানজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ঘটনাটোক লৈ ছাত্ৰ-ছাত্ৰীৰ ক্ষোভৰ পাছতেই আৰক্ষীয়ে বিষয়টো তদন্ত অব্যাহত ৰাখে। তেওঁলোকে তদন্ত কৰি জানিব পাৰিছিল যে এগৰাকী যুৱতীয়ে ভিডিঅ’টো প্ৰস্তুত কৰি এজন সেনা জোৱানক ভিডিঅ’বোৰ প্ৰেৰণ কৰিছিল। সেনা জোৱানজনে আকৌ সেই ভিডিঅ’বোৰ আন কাৰোবালৈ প্ৰেৰণ কৰিছিল।

পাছত সেনা জোৱানজনে অশ্লীল ভিডিঅ’ৰ বাবে যুৱতীগৰাকীক ব্লেক মেইলো কৰিছিল। লগতে অধিক ভিডিঅ’ৰ বাবে হেঁচাও প্ৰয়োগ কৰিছিল। লগে লগে আৰক্ষীয়ে সেনা জোৱানজনৰ বিৰুদ্ধে তদন্ত চলাই শনিবাৰে পঞ্জাব আৰক্ষীয়ে জোৱানজনক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জানিব দিয়া মতে এই সেনা জোৱানজনৰ অৰুণাচল প্ৰদেশৰ ইটানগৰত কৰ্মৰত হৈ আছিল। জোৱানজনৰ ঘৰ জম্মু-কাশ্মীৰত বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ