--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চণ্ডীগড় বিশ্ববিদ্যালয়ৰ MMS কাণ্ডই দেশজুৰি তীব্ৰ উত্তেজনা অব্যাহত ৰখাৰ লগতে পঞ্জাব আৰক্ষীৰ এক বৃহৎ সফলতা। MMS কাণ্ডৰ সৈতে জড়িতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে পঞ্জাব আৰক্ষীয়ে। পঞ্জাব আৰক্ষীয়ে অভিযুক্ত সেনা জোৱান সঞ্জীৱ সিঙক গ্ৰেপ্তাৰ কৰে।

পঞ্জাব আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ চেলা পাছৰ পৰা অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা অভিযুক্ত সেনা জোৱানজনৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীক ব্লেকমেইল কৰা আৰু আন ছাত্ৰীক অশ্লীল ভিডিঅ’ দাবী কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল।

অৰুণাচল আৰক্ষীৰ সহায়ত পঞ্জাব আৰক্ষীয়ে জোৱানজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ঘটনাটোক লৈ ছাত্ৰ-ছাত্ৰীৰ ক্ষোভৰ পাছতেই আৰক্ষীয়ে বিষয়টো তদন্ত অব্যাহত ৰাখে। তেওঁলোকে তদন্ত কৰি জানিব পাৰিছিল যে এগৰাকী যুৱতীয়ে ভিডিঅ’টো প্ৰস্তুত কৰি এজন সেনা জোৱানক ভিডিঅ’বোৰ প্ৰেৰণ কৰিছিল। সেনা জোৱানজনে আকৌ সেই ভিডিঅ’বোৰ আন কাৰোবালৈ প্ৰেৰণ কৰিছিল।

পাছত সেনা জোৱানজনে অশ্লীল ভিডিঅ’ৰ বাবে যুৱতীগৰাকীক ব্লেক মেইলো কৰিছিল। লগতে অধিক ভিডিঅ’ৰ বাবে হেঁচাও প্ৰয়োগ কৰিছিল। লগে লগে আৰক্ষীয়ে সেনা জোৱানজনৰ বিৰুদ্ধে তদন্ত চলাই শনিবাৰে পঞ্জাব আৰক্ষীয়ে জোৱানজনক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জানিব দিয়া মতে এই সেনা জোৱানজনৰ অৰুণাচল প্ৰদেশৰ ইটানগৰত কৰ্মৰত হৈ আছিল। জোৱানজনৰ ঘৰ জম্মু-কাশ্মীৰত বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু