--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা নিয়াই কালি সমগ্ৰ দেশ ১৫ খন ৰাজ্যত পিএফআইৰ বিৰুদ্ধে চলোৱা অভিযানকলৈ কেৰালাকে ধৰি কেইবা খনো ৰাজ্যত তীব্ৰ প্ৰতিবাদ হৈছে। কেৰালাত আনকি বিজেপি সমৰ্থকক পিএফআইৰ সমৰ্থকে আক্ৰমণ কৰাৰো ঘটনা ঘটিছে। ইয়াৰ মাজতে পিএফআই সমৰ্থকে পুনেত কৰা প্ৰতিবাদৰ সময়তে শুনা গ’ল 'পাকিস্তান জিন্দাবাদ' শ্ল'গান । 

পুনে চহৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ বাহিৰত  পিএফআই সমৰ্থকসকলে ইডি-চিবিআই-আৰক্ষীৰ অভিযানৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকাৰ সময়তে কোনোৱাই 'পাকিস্তান জিন্দাবাদ' শ্ল'গান দিয়ে । আৰক্ষীয়ে ইয়াৰ পিছতে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰে। পুনে মহানগৰ আৰক্ষীয়ে কৈছে যে আৰক্ষীয়ে  বিষয়টো চোৱা-চিতা কৰি আছে। 

প্ৰতিবাদৰ সময়ত, আৰক্ষীয়ে প্ৰায় ৪০ জন প্ৰতিবাদকাৰীক আটক কৰে। প্ৰতিবাদকাৰীসকলক জিম্মাত লৈ আৰক্ষীৰ বাহনত উঠাবলৈ লোৱাৰ সময়তে  "পাকিস্তান জিন্দাবাদ" শ্ল'গান দিয়া শুনিবলৈ পোৱা যায়। 'পাকিস্তান জিন্দাবাদ' শ্ল'গান দিয়াৰ  ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।  আৰক্ষী উপ-আয়ুক্ত সাগৰ পাটিলে কয়, "আমি ইতিমধ্যে পিএফআই সদস্যসকলৰ বিৰুদ্ধে বেআইনী সমাবেশৰ  এটা গোচৰ ৰুজু কৰিছো আৰু  শ্ল'গানৰ বিষয়টো চোৱা-চিতা কৰি আছো।"উল্লেখ্য সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জৰিত থকাৰ অভিযোগত  কেন্দ্ৰীয় তদন্তকাৰী সংস্থা নিয়াই স্থানীয় আৰক্ষীক লগত লৈ দেশৰ ১৩ খন ৰাজ্যত পিএফআই-এছডিপিআইৰ বিৰুদ্ধে অভিযান চলাইছিল। গুৱাহাটীকে ধৰি দেশৰ বিভিন্ন স্থানৰ পৰা ১০৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

 এই  অভিযান  পুৱতি নিশা ৩.৩০ বজাত আৰম্ভ হৈছিল। বিশ্বাসযোগ্য প্ৰমাণ আৰু চোৰাংচোৱাৰ তথ্যৰ আধাৰত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ) প্ৰৱৰ্তন সঞ্চালকালয় আৰু ৰাজ্যিক আৰক্ষীক লগতলৈ  সন্ত্ৰাসবাদীক পুঁজিৰ সৰবৰাহ আদিৰ অভিযোগত   পিএফআই, এছডিপিআইৰ বিৰুদ্ধে ১৩  খন ৰাজ্যক সামৰি অভিযান চলায়। 

কেৰালা, তামিলনাডু, কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, পুডুচেৰী, অসম, ৰাজস্থানত এই অভিযান চলোৱা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক