--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা নিয়াই কালি সমগ্ৰ দেশ ১৫ খন ৰাজ্যত পিএফআইৰ বিৰুদ্ধে চলোৱা অভিযানকলৈ কেৰালাকে ধৰি কেইবা খনো ৰাজ্যত তীব্ৰ প্ৰতিবাদ হৈছে। কেৰালাত আনকি বিজেপি সমৰ্থকক পিএফআইৰ সমৰ্থকে আক্ৰমণ কৰাৰো ঘটনা ঘটিছে। ইয়াৰ মাজতে পিএফআই সমৰ্থকে পুনেত কৰা প্ৰতিবাদৰ সময়তে শুনা গ’ল 'পাকিস্তান জিন্দাবাদ' শ্ল'গান । 

পুনে চহৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ বাহিৰত  পিএফআই সমৰ্থকসকলে ইডি-চিবিআই-আৰক্ষীৰ অভিযানৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকাৰ সময়তে কোনোৱাই 'পাকিস্তান জিন্দাবাদ' শ্ল'গান দিয়ে । আৰক্ষীয়ে ইয়াৰ পিছতে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰে। পুনে মহানগৰ আৰক্ষীয়ে কৈছে যে আৰক্ষীয়ে  বিষয়টো চোৱা-চিতা কৰি আছে। 

প্ৰতিবাদৰ সময়ত, আৰক্ষীয়ে প্ৰায় ৪০ জন প্ৰতিবাদকাৰীক আটক কৰে। প্ৰতিবাদকাৰীসকলক জিম্মাত লৈ আৰক্ষীৰ বাহনত উঠাবলৈ লোৱাৰ সময়তে  "পাকিস্তান জিন্দাবাদ" শ্ল'গান দিয়া শুনিবলৈ পোৱা যায়। 'পাকিস্তান জিন্দাবাদ' শ্ল'গান দিয়াৰ  ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।  আৰক্ষী উপ-আয়ুক্ত সাগৰ পাটিলে কয়, "আমি ইতিমধ্যে পিএফআই সদস্যসকলৰ বিৰুদ্ধে বেআইনী সমাবেশৰ  এটা গোচৰ ৰুজু কৰিছো আৰু  শ্ল'গানৰ বিষয়টো চোৱা-চিতা কৰি আছো।"উল্লেখ্য সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জৰিত থকাৰ অভিযোগত  কেন্দ্ৰীয় তদন্তকাৰী সংস্থা নিয়াই স্থানীয় আৰক্ষীক লগত লৈ দেশৰ ১৩ খন ৰাজ্যত পিএফআই-এছডিপিআইৰ বিৰুদ্ধে অভিযান চলাইছিল। গুৱাহাটীকে ধৰি দেশৰ বিভিন্ন স্থানৰ পৰা ১০৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

 এই  অভিযান  পুৱতি নিশা ৩.৩০ বজাত আৰম্ভ হৈছিল। বিশ্বাসযোগ্য প্ৰমাণ আৰু চোৰাংচোৱাৰ তথ্যৰ আধাৰত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ) প্ৰৱৰ্তন সঞ্চালকালয় আৰু ৰাজ্যিক আৰক্ষীক লগতলৈ  সন্ত্ৰাসবাদীক পুঁজিৰ সৰবৰাহ আদিৰ অভিযোগত   পিএফআই, এছডিপিআইৰ বিৰুদ্ধে ১৩  খন ৰাজ্যক সামৰি অভিযান চলায়। 

কেৰালা, তামিলনাডু, কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, পুডুচেৰী, অসম, ৰাজস্থানত এই অভিযান চলোৱা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু