--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমিকে টানি অনুৰোধ জনাইছিল এগৰাকী ছাত্ৰীক- ছাত্ৰীনিবাসৰ স্নানাগাৰত স্পাই কেমেৰা লগাব লাগে৷ প্ৰমিকৰ কথা মতেই ছাত্ৰীগৰাকীয়ে সেয়া কৰিছিল৷ এইঘটনা পিছে বেছিদিন গোপনে নাথাকিল৷ স্পাই কেমেৰাৰ উপস্থিতিৰ কথা ধৰা পৰাৰ পিছতে ছাত্ৰী নিবাসটোৰ আবাসী ছাত্ৰীসকলৰ মাজত আতংক বিয়পি পৰে৷ 

ঘটনাটো গৈ আৰক্ষীৰ কাষ পালে৷ অৱশেষত আৰক্ষীয়ে ছাত্ৰীগৰাকী আৰু তেওঁৰ প্ৰেমিকক বুধবাৰে চণ্ডীগড়ৰ ছেক্টৰ  ২২ৰ পৰা  গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্ত ছাত্ৰীগৰাকীয়ে  পিজিত আন চাৰিগৰাকী ছাত্ৰীৰ  সৈতে বাস কৰিছিল। ছাত্ৰীগৰাকীয়ে তেওঁৰ প্ৰেমিকৰ অনুৰোধত স্নানাগাৰত  এটা স্পাই কেমেৰা স্থাপন কৰিছিল আৰু আন ছাত্ৰীসকলৰ ব্যক্তিগত ভিডিঅ' ৰেকৰ্ড কৰিছিল।

ভুক্তভোগী সকলৰ মাজৰ এগৰাকীয়ে  একেটা ঘৰত থকা ঘৰৰ মালিকক কথাটো অৱগত কৰিছিল আৰু আৰক্ষীক খবৰ দিয়া হৈছিল। দুয়োজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছত   জামিনত মুক্তিও দিয়া হৈছে। তেওঁলোকৰ ফোন কেইটা  জব্দ কৰা হৈছে আৰু অনুসন্ধানৰ বাবে কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞানাগাৰলৈ   (চিএফএছএল) প্ৰেৰণ কৰা হৈছে।

উপ আৰক্ষী অধীক্ষক গুৰমুখ সিঙে সংবাদ মাধ্যমৰ আগত কয়, "প্ৰায় পাঁচ দিন আগতে ছোৱালীজনী আৰু ল’ৰাজনে চণ্ডীগড়ৰ পৰা স্পাই কেমেৰা ক্ৰয় কৰি ৱাছৰুমত স্থাপন কৰিছিল। আমি অনুসন্ধান কৰি আছো যে তেওঁলোকে ফটো আৰু ভিডিঅ'বোৰ ছ'চিয়েল মিডিয়াত আপলোড কৰিছে নে কাৰোবাৰ সৈতে শ্বেয়াৰ কৰিছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক