--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমিকে টানি অনুৰোধ জনাইছিল এগৰাকী ছাত্ৰীক- ছাত্ৰীনিবাসৰ স্নানাগাৰত স্পাই কেমেৰা লগাব লাগে৷ প্ৰমিকৰ কথা মতেই ছাত্ৰীগৰাকীয়ে সেয়া কৰিছিল৷ এইঘটনা পিছে বেছিদিন গোপনে নাথাকিল৷ স্পাই কেমেৰাৰ উপস্থিতিৰ কথা ধৰা পৰাৰ পিছতে ছাত্ৰী নিবাসটোৰ আবাসী ছাত্ৰীসকলৰ মাজত আতংক বিয়পি পৰে৷ 

ঘটনাটো গৈ আৰক্ষীৰ কাষ পালে৷ অৱশেষত আৰক্ষীয়ে ছাত্ৰীগৰাকী আৰু তেওঁৰ প্ৰেমিকক বুধবাৰে চণ্ডীগড়ৰ ছেক্টৰ  ২২ৰ পৰা  গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্ত ছাত্ৰীগৰাকীয়ে  পিজিত আন চাৰিগৰাকী ছাত্ৰীৰ  সৈতে বাস কৰিছিল। ছাত্ৰীগৰাকীয়ে তেওঁৰ প্ৰেমিকৰ অনুৰোধত স্নানাগাৰত  এটা স্পাই কেমেৰা স্থাপন কৰিছিল আৰু আন ছাত্ৰীসকলৰ ব্যক্তিগত ভিডিঅ' ৰেকৰ্ড কৰিছিল।

ভুক্তভোগী সকলৰ মাজৰ এগৰাকীয়ে  একেটা ঘৰত থকা ঘৰৰ মালিকক কথাটো অৱগত কৰিছিল আৰু আৰক্ষীক খবৰ দিয়া হৈছিল। দুয়োজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছত   জামিনত মুক্তিও দিয়া হৈছে। তেওঁলোকৰ ফোন কেইটা  জব্দ কৰা হৈছে আৰু অনুসন্ধানৰ বাবে কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞানাগাৰলৈ   (চিএফএছএল) প্ৰেৰণ কৰা হৈছে।

উপ আৰক্ষী অধীক্ষক গুৰমুখ সিঙে সংবাদ মাধ্যমৰ আগত কয়, "প্ৰায় পাঁচ দিন আগতে ছোৱালীজনী আৰু ল’ৰাজনে চণ্ডীগড়ৰ পৰা স্পাই কেমেৰা ক্ৰয় কৰি ৱাছৰুমত স্থাপন কৰিছিল। আমি অনুসন্ধান কৰি আছো যে তেওঁলোকে ফটো আৰু ভিডিঅ'বোৰ ছ'চিয়েল মিডিয়াত আপলোড কৰিছে নে কাৰোবাৰ সৈতে শ্বেয়াৰ কৰিছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ