--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ষষ্ঠদশ বিত্ত আয়োগৰ চৰ্তাৱলীত অনুমোদন জনায়।সঠিক সময়ত ষষ্ঠদশ বিত্ত আয়োগৰ চৰ্তাৱলী সম্পৰ্কে জাননী জাৰি কৰা হ’ব। ষষ্ঠদশ বিত্ত আয়োগৰ পৰামৰ্শসমূহ ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ পাঁচ (৫)বছৰৰ বাবে চৰকাৰে গ্ৰহণ কৰিব।

 সংবিধানৰ ২৮০(১) অনুচ্ছেদত ৰাজ্যসমূহৰ কৰ, অনুদান-সাহায্য আৰু ৰাজহৰ প্ৰকৃত আয় কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যসমূহৰ মাজত বিতৰণ আৰু সংস্থাসমূহৰ পৰিপূৰক হিচাপে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ, ৰাজ্যসমূহৰ মাজত শ্বেয়াৰ আবণ্টনৰ পৰামৰ্শ প্ৰদান আৰু পঞ্চায়তসমূহৰ নিৰ্দিষ্ট সময়সীমা আৰু আয়ৰ সৈতে জড়িত ইত্যাদি দিশৰ প্ৰতি লক্ষ্য ৰাখি বিত্ত আয়োগ গঠনৰ পদ্ধতিসমূহ গ্ৰহণ কৰা হ’ব।

 ২০১৭ চনৰ ২৭ নৱেম্বৰত পঞ্চদশ বিত্ত আয়োগ গঠন কৰা হৈছিল। ২০২০ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ছবছৰৰ বাবে অন্তৱৰ্তীকালীন আৰু চূড়ান্ত প্ৰতিবেদনৰ জৰিয়তে পৰামৰ্শ প্ৰদান কৰা হৈছে৷ পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শসমূহ ২০২৫-২৬ বিত্তীয় বৰ্ষলৈকে বাহাল থাকিব৷

ষষ্ঠদশ বিত্তীয় আয়োগৰ চৰ্তাৱলীঃ

বিত্ত আয়োগে নিম্নোলিখিত বিষয়সমূহত পৰামৰ্শৱলী আগবঢ়াব, সেইবোৰ হৈছেঃ

সংবিধানৰ প্ৰথম অধ্যায়, দ্বাদশ অংশৰ অধীনত তেওঁলোকৰ মাজত বিভক্ত হ’বলগীয়া বা হ’ব পৰা কৰৰ প্ৰকৃত আয় আৰু ৰাজ্যসমূহৰ মাজত বিতৰণ আৰু এনে আয়ৰ নিজ নিজ অংশ ৰাজ্যসমূহৰ মাজত আবণ্টন;

ভাৰতৰ সমন্বিত পুঁজিৰ পৰা ৰাজ্যসমূহৰ ৰাজহৰ অনুদান-সাহায্য আৰু সংবিধানৰ ২৭৫ অনুচ্ছেদৰ অধীনত ৰাজ্যসমূহক তেওঁলোকৰ ৰাজহৰ অনুদান-সাহায্যৰ জৰিয়তে প্ৰদান কৰিবলগীয়া ধনৰাশি নিয়ন্ত্ৰণ কৰিবলগীয়া নীতিসমূহ সেই অনুচ্ছেদৰ দফা (১)ৰ বিধানসমূহত উল্লেখ কৰা উদ্দেশ্যৰ বাহিৰে আন উদ্দেশ্যসমূহ; আৰু

ৰাজ্যৰ বিত্ত আয়োগে দিয়া পৰামৰ্শৰ ভিত্তিত ৰাজ্যখনৰ পঞ্চায়ত আৰু পৌৰসভাসমূহৰ সম্পদৰ পৰিপূৰক হিচাপে ৰাজ্য এখনৰ সমন্বিত পুঁজি বৃদ্ধিৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাসমূহ৷

দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ (২০০৫ চনৰ ৫৩)ৰ অধীনত গঠিত পুঁজিৰ উল্লেখ কৰি আয়োগে দুৰ্যোগ ব্যৱস্থাপনা পদক্ষেপসমূহৰ বিত্তীয় সাহায্যৰ ওপৰত বৰ্তমানৰ ব্যৱস্থাসমূহ পৰ্যালোচনা কৰিব পাৰে আৰু এই সন্দৰ্ভত উপযুক্ত পৰামৰ্শ আগবঢ়াব পাৰে।

আয়োগে ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ পাঁচ বছৰৰ বাবে ২০২৫ চনৰ ৩১ অক্টোবৰৰ ভিতৰত ইয়াৰ প্ৰতিবেদন প্ৰকাশ কৰিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব