--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চণ্ডীগড়ত চাৰিগৰাকী নাবালক ছাত্ৰই এগৰাকী ১১ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ৭ম শ্ৰেণীৰ ছাত্ৰীগৰাকী আৰু ইয়াৰে এগৰাকী সহপাঠী। আন তিনিজন সন্দেহযুক্ত লোক হৈছে এখন চৰকাৰী বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ।

আৰক্ষী সূত্ৰই জনোৱা মতে, যোৱা ছমাহ ধৰি সন্দেহযুক্ত লোকে ব্লেকমেইলিং কৰি আছিল। বাৰে বাৰে ধৰ্ষণ হৈছিল নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই। পষেক আগতে সংঘটিত হৈছিল এই ঘটনা।আৰক্ষীৰ এজাহাৰত কিশোৰীগৰাকীৰ মাতৃয়ে বিদ্যালয়ৰ বাহিৰত জোপোহাৰ মাজতে চাৰিজন নাবালকে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

বিদ্যালয় প্ৰশাসনক দিয়া এক এজাহাৰত কোৱা হৈছে যে নাবালককেইজনে ছোৱালীজনীক ভাবুকি দিছিল।ছোৱালীজনীয়ে আঘাতপ্ৰাপ্ত হৈ এদিন মাকৰ আগত এই কথা প্ৰকাশ কৰে। শিশুটিৰ হেল্পলাইনত ফোন কৰি ক্লাছৰ শিক্ষকক লগ পায় মাতৃয়ে।

বিদ্যালয়ৰ অধ্যক্ষক জানিবলৈ দিয়া মতে, পষেক পূর্বে এই চাৰিজন সন্দেহযুক্ত লোকে বিদ্যালয়ৰ বাহিৰত ৰখাই দিয়াৰ পাছত বিদ্যালয়ৰ সমীপতে দলবদ্ধ ধর্ষণ কৰে৷ কাৰোবাৰ আগত ঘটনাটো প্ৰকাশ কৰিলে ভয়াৱহ পৰিণতিৰ ভাবুকি দিছিল।আৰক্ষী বিষয়াসকলে জনোৱা মতে, ইতিমধ্যে চাৰিওজনক গ্ৰেপ্তাৰ কৰি কিশোৰ গৃহলৈ প্ৰেৰণ কৰা হৈছে।















FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
পৰ্ণ জগতত ভৰি দিয়া নাই অর্চিতা ফুকনে
অসমীয়া সাহিত্যৰ বিশ্বমুখী যাত্রা, 'বুঢ়ী আইৰ সাধু'ৰ ওড়িয়া সংস্কৰণ উন্মোচন
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে