--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰলৈ মানৱ প্ৰেৰণ কৰাৰ বাবে নাছাকে ধৰি বহুতে চেষ্টা চলাই আছে। চৰকাৰী উদ্যোগৰ লগতে বে-চৰকাৰী ভাবেও চন্দ্ৰ যাত্ৰাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। আনকি চন্দ্ৰলৈ কোন কোন যাব তেওঁলোকৰ নামো প্ৰকাশ কৰা হৈছে। জাপানী বিলিয়নেয়াৰ য়ুচাকু মায়াজাৱাই অহা বছৰ প্ৰথমবাৰৰ বাবে অসামৰিক  চন্দ্ৰ ভ্ৰমণৰ প্ৰস্তুতি চলাইছে। চন্দ্ৰ ভ্ৰমণৰ বাবে  তেওঁ ইতিমধ্যে  ৮ জনীয়া মহাকাশচাৰীৰ দলৰ নামো ঘোষণা কৰিছে।  

এই আঠজন লোক সমগ্ৰ বিশ্বৰ  বিভিন্ন শৈল্পিক কাম যেনে অভিনয়, ডিজে, ইউটিউবিং, স্নোব'ৰ্ডিং আদিৰ সৈতে জড়িত ব্যক্তি।  বিভিন্ন এই শৈল্পিক  ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলে মহাকাশত কেনেধৰণৰ  সৃষ্টিশীল অনুপ্ৰেৰণা লাভ কৰে   সেয়া চাবলৈ য়ুচাকুৱে তেওঁলোকক চন্দ্ৰলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। ।য়ুচাকুৱে কয় " এই আশ্চৰ্যজনক যাত্ৰাত এইসকল লোকে  মোৰ সৈতে সহযোগ  কৰিবলৈ ওলোৱাত  মই অত্যন্ত আনন্দিত আৰু মহাকাশত তেওঁলোকে কেনেধৰণে প্ৰেৰণা লাভ কৰে সেয়া চাবলৈ অপেক্ষা কৰিছো," । 

চন্দ্ৰ ভ্ৰমণৰ বাবে বাছনি কৰা সকলো ক্ৰু সদস্যৰ বিষয়ে তথ্য অৱগত কৰি তেওঁৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত য়ুচাকুৱে লিখিছে, "ক্ৰু ফৰ মুন ট্ৰিপ চিলেক্টেড।" তেওঁৰ লগতে নিৰ্বাচিত আঠজন সদস্য  হৈছে: ষ্টিভ আওকি (আমেৰিকান ডিজে), টপ (চোই চেউং হিউন) (কোৰিয়ান সংগীতজ্ঞ), য়েমি এ.ডি.(সৃষ্টিশীল শিল্পী), ৰিয়েনহ'ন এডাম (আইৰিছ ফটগ্ৰাফিক শিল্পী), টিম ডড (ইউটিউবাৰ), কৰিম লিয়া (ব্ৰিটিছ ফটোগ্ৰাফাৰ), ব্ৰেণ্ডন হল (আমেৰিকান ছিব নিৰ্মাতা) আৰু দেৱ ডি যোশী (ভাৰতীয় অভিনেতা)। তাত দুটা বেকআপ ক্ৰুও আছে। প্ৰথমটো হ'ল কেইটলিন ফাৰিংটন (আমেৰিকান স্নোব'ৰ্ডাৰ) আৰু মিয়ু (জাপানী নৃত্যশিল্পী) ।

চন্দ্ৰলৈ প্ৰথম অসামৰিক অভিযান ২০২৩ চনত আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে। ইলন মাস্কৰ স্পেচ এক্স-ৰ দ্বাৰা বিকশিত ৰকেটটোৱে চন্দ্ৰলৈ যোৱা আৰু উভতি আহিবলৈ এক সপ্তাহ দীঘলীয়া যাত্ৰা কৰিব। ইয়াচাকু মায়েজাৱাই ২০১৮ চনত এই ৰকেটখনত থকা সকলো আসন ক্ৰয় কৰিছিল। তেওঁ ২০২১ চনৰ মাৰ্চ মাহত ঘোষণা কৰিছিল যে তেওঁ সমগ্ৰ বিশ্বৰ পৰা ৮ জন ক্ৰু সদস্য বাছনি কৰিব। কিয়নো তেওঁ তেওঁৰ সৈতে চন্দ্ৰলৈ উৰা মাৰিবলৈ যিমান সম্ভৱ প্ৰতিভাশালী ব্যক্তি লগত নিব  বিচাৰিছে। দেৱ যোশী এজন ভাৰতীয় টেলিভিছন  অভিনেতা । 

তেওঁ  চনি চাবৰ বলবীৰ ৰিটাৰ্ণছ অনুষ্ঠানত বলবীৰৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰিছে। তেওঁ ২০ খনতকৈও অধিক গুজৰাটী চলচ্চিত্ৰত কাম কৰিছে। চন্দ্ৰ যাত্ৰা সফল হ’লে মহাকাশীয় পৰ্যটনৰ দুৱাৰ মুকলি হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী