--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃইৰাণত অপ্ৰতিৰোধ্য গতিত চলি আছে  হিজাব বিৰোধী প্ৰতিবাদ। দেশ খনৰ আৰক্ষী আৰু সেনাই প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ গ্ৰহণ কৰিছে।ইমানৰ পিছতো শাম কটা নাই প্ৰতিবাদ। এতিয়ালৈকে আৰক্ষীৰ গুলীত তিনিশৰো অধিক প্ৰতিবাদকাৰী নিহত হৈছে।  ইৰানৰ নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীক  লাঠি আৰু বন্দুকেৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰি এইবাৰ এক নিকৃষ্ট পন্থা গ্ৰহণ কৰিছে। 

শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি  ইৰানৰ সেনা আৰু আৰক্ষীয়ে প্ৰতিবাদকাৰী  নিৰস্ত্ৰ মহিলাসকলক তেওঁলোকৰ মুখ, স্তন আৰু যৌনাঙ্গত শ্বটগানেৰে গুলীয়াবলৈ আৰম্ভ কৰিছে। এনে বৰ্বৰ পন্থাৰে ইৰানৰ চৰকাৰে প্ৰতিবাদী মহিলা-যুৱতীসকলক প্ৰতিবাদৰ পথৰ পৰা আঁতৰাই নিব বিচাৰিছে। 
দ্য গাৰ্ডিয়ানে   গুলীৰ আঘাত পোৱা মহিলা তথা চিকিৎসকসকলৰ উদ্ধৃতি দি প্ৰতিবেদন প্ৰকাশ কৰিছে। 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যমে  প্ৰকাশ কৰা  কৰা ছবিবোৰত দেখা গৈছে  যে ডজন ডজন সৰু "শ্বট" বল বহু প্ৰতিবাদী মহিলাৰ  মাংসৰ গভীৰলৈ সোমাই গৈছে।  ইৰানৰ আৰক্ষীয়ে প্ৰতিবাদী পুৰুষসকলক তেওঁলোকৰ ভৰি, নিতম্ব আৰু পিঠিত গুলী মাৰি আহিছে। 

"মই ২০ বছৰ বয়সৰ এগৰাকী মহিলাৰ চিকিৎসা কৰিছিলো। তেওঁক   তেওঁৰ যৌনাঙ্গত গুলীয়াই হত্যা কৰা হৈছিল। আন দহটা গুলী তেওঁৰ  উৰুত লাগিছিল ," এজন চিকিৎসকৰ উদ্ধৃত দি প্ৰতিবেদন খনত এনেদৰে কোৱা হৈছে। 

উল্লেখ্য  কুৰ্দি মূলৰ এগৰাকী ২২ বছৰীয়া ইৰানী যুৱতী  মাহচা আমিনীৰ মৃত্যুৰ পিছতে ইৰাণত হিজাব বিৰোধী প্ৰতিবাদ শক্তিশালী হৈ পৰে।  মাহচা আমিনীৰ মৃত্যুৰ পিছৰে পৰা ইৰানৰ বহু  সংখ্যক মহিলাই হিজাব পৰিধান কৰা নাই। দেশখনত ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ  পিছতে মহিলাই হিজাব পিন্ধাটো বাধ্যতামূলক  কৰা হৈছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ