--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃইৰাণত অপ্ৰতিৰোধ্য গতিত চলি আছে  হিজাব বিৰোধী প্ৰতিবাদ। দেশ খনৰ আৰক্ষী আৰু সেনাই প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ গ্ৰহণ কৰিছে।ইমানৰ পিছতো শাম কটা নাই প্ৰতিবাদ। এতিয়ালৈকে আৰক্ষীৰ গুলীত তিনিশৰো অধিক প্ৰতিবাদকাৰী নিহত হৈছে।  ইৰানৰ নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীক  লাঠি আৰু বন্দুকেৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰি এইবাৰ এক নিকৃষ্ট পন্থা গ্ৰহণ কৰিছে। 

শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি  ইৰানৰ সেনা আৰু আৰক্ষীয়ে প্ৰতিবাদকাৰী  নিৰস্ত্ৰ মহিলাসকলক তেওঁলোকৰ মুখ, স্তন আৰু যৌনাঙ্গত শ্বটগানেৰে গুলীয়াবলৈ আৰম্ভ কৰিছে। এনে বৰ্বৰ পন্থাৰে ইৰানৰ চৰকাৰে প্ৰতিবাদী মহিলা-যুৱতীসকলক প্ৰতিবাদৰ পথৰ পৰা আঁতৰাই নিব বিচাৰিছে। 
দ্য গাৰ্ডিয়ানে   গুলীৰ আঘাত পোৱা মহিলা তথা চিকিৎসকসকলৰ উদ্ধৃতি দি প্ৰতিবেদন প্ৰকাশ কৰিছে। 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যমে  প্ৰকাশ কৰা  কৰা ছবিবোৰত দেখা গৈছে  যে ডজন ডজন সৰু "শ্বট" বল বহু প্ৰতিবাদী মহিলাৰ  মাংসৰ গভীৰলৈ সোমাই গৈছে।  ইৰানৰ আৰক্ষীয়ে প্ৰতিবাদী পুৰুষসকলক তেওঁলোকৰ ভৰি, নিতম্ব আৰু পিঠিত গুলী মাৰি আহিছে। 

"মই ২০ বছৰ বয়সৰ এগৰাকী মহিলাৰ চিকিৎসা কৰিছিলো। তেওঁক   তেওঁৰ যৌনাঙ্গত গুলীয়াই হত্যা কৰা হৈছিল। আন দহটা গুলী তেওঁৰ  উৰুত লাগিছিল ," এজন চিকিৎসকৰ উদ্ধৃত দি প্ৰতিবেদন খনত এনেদৰে কোৱা হৈছে। 

উল্লেখ্য  কুৰ্দি মূলৰ এগৰাকী ২২ বছৰীয়া ইৰানী যুৱতী  মাহচা আমিনীৰ মৃত্যুৰ পিছতে ইৰাণত হিজাব বিৰোধী প্ৰতিবাদ শক্তিশালী হৈ পৰে।  মাহচা আমিনীৰ মৃত্যুৰ পিছৰে পৰা ইৰানৰ বহু  সংখ্যক মহিলাই হিজাব পৰিধান কৰা নাই। দেশখনত ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ  পিছতে মহিলাই হিজাব পিন্ধাটো বাধ্যতামূলক  কৰা হৈছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক