--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰ অভিযানৰ দৌৰত একে সময়তে নামিছে দুখনকৈ দেশে, এখন ভাৰত, আন খন ৰাছিয়া। ভাৰতে চন্দ্ৰলৈ চন্দ্ৰযান-৩ প্ৰেৰণ কৰাৰ সময়তে ৰাছিয়ায়ো ১১ আগষ্টত চন্দ্ৰলৈ প্ৰেৰণ কৰিছে লুনা-২৫ নামৰ যান খন। চমু পথেৰে চন্দ্ৰলৈ যাত্ৰা কৰা লুনা-২৫ যান খনে আজি প্ৰথমবাৰৰ বাবে চন্দ্ৰপৃষ্ঠৰ ছবি প্ৰেৰণ কৰিছে।

 ৰাছিয়াৰ সুদূৰ পূবৰ ভষ্টোচনি কছমড্ৰোমৰ পৰা উৎক্ষেপণ কৰাৰ এসপ্তাহ পিছত  লুনা-২৫ যান খনে ইতিমধ্যে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছে আৰু চন্দ্ৰ ছবি তুলি প্ৰেৰণ কৰিছে। ৰাছিয়াৰ মহাকাশ গৱেষণা  সংস্থা ৰছকছমছে অভিযানটোৰসময়ত যান খনে গ্ৰহণ কৰা  চন্দ্ৰপৃষ্ঠৰ  ছবি শ্বেয়াৰ কৰিছে। ৰছকছমছে এটা টেলিগ্ৰাম পোষ্টত ছবিখন শ্বেয়াৰ কৰে।

 ছবিখনত চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত থকা জিমান ক্ৰেটাৰটো দৃশ্যমান হৈছে। চন্দ্ৰৰ এই ফালটো   পৃথিৱীৰ পৰা দৃশ্যমান নহয় কিন্তু মহাকাশ সংস্থাটোৰ মতে গৱেষকসকলৰ বাবে ই যথেষ্ট সহায়ক সমল হ’ব।।

উল্লেখ্য  চন্দ্ৰৰ এই ফালটোৰ প্ৰথম ছবিখন ছোভিয়েট লুনা-৩ অভিযানৰসময়ত  লোৱা হৈছিল। ৰাছিয়াই সেই অভিযানৰ বহু পিছত পুনৰ লুনা-২৫ অভিযান হাতত লৈছে।  চন্দ্ৰৰ দক্ষিণ ফালটোত গহ্বৰটোত প্ৰায় ৭,৫৭০ মিটাৰ ওখ এখন  পৰ্বত আছে, যি আমাৰ গ্ৰহটোৰ কিছুমান ডাঙৰ পৰ্বতৰ দৰে দেখিবলৈ একে।   লুনা-২৫  আগষ্টৰ ১১ তাৰিখে প্ৰেৰণ কৰা হৈছিল । 

উল্লেখ্য ভাৰতৰ চন্দ্ৰযান-৩ যান খনে ইতিমধ্যে ইছৰোলৈ প্ৰেৰণ কৰিছিল চন্দ্ৰৰ প্ৰথমটো ভিডিঅ’৷ চন্দ্ৰযান-৩ৰ কেমেৰাত আবদ্ধ ৪৫  ছেকেণ্ডৰ  ভিডিঅ'টোত যানখনে অদূৰৰ পৰা গ্ৰহণ কৰা চন্দ্ৰৰ দৃশ্য দেখা গৈছে৷ ছবি আৰু ভিডিঅ’ত  চন্দ্ৰক এটা ধূসৰ গোলকৰ দৰে দেখা গৈছে । ছবিত একেবাৰে স্পষ্ট হৈ পৰিছে চন্দ্ৰপৃষ্ঠত থকা  ডাঙৰ গহ্বৰবোৰ।

 টুইটাৰত ভিডিঅ'টো মুকলি কৰি ইছৰোৱে লিখিছে, "৫ আগষ্টত চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰাৰ সময়ত চন্দ্ৰযান-৩ মহাকাশযানৰ পৰা চন্দ্ৰটো এনেকুৱা লাগিছিল। "


উল্লেখ্য শনিবাৰে সন্ধিয়া মহাকাশযানখনে পৃথিৱীৰ টান অতিক্ৰম কৰে আৰু চন্দ্ৰৰ 'কক্ষপথ'ত প্ৰৱেশ কৰিছিল৷১৪ জুলাইত,চন্দ্ৰযান-৩ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৰা মাৰিছিল। তেতিয়াৰে পৰা যানখনে  যাত্ৰাৰ প্ৰতিটো পদক্ষেপ সফলতাৰে পাৰ কৰিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু