--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰ অভিযানৰ দৌৰত একে সময়তে নামিছে দুখনকৈ দেশে, এখন ভাৰত, আন খন ৰাছিয়া। ভাৰতে চন্দ্ৰলৈ চন্দ্ৰযান-৩ প্ৰেৰণ কৰাৰ সময়তে ৰাছিয়ায়ো ১১ আগষ্টত চন্দ্ৰলৈ প্ৰেৰণ কৰিছে লুনা-২৫ নামৰ যান খন। চমু পথেৰে চন্দ্ৰলৈ যাত্ৰা কৰা লুনা-২৫ যান খনে আজি প্ৰথমবাৰৰ বাবে চন্দ্ৰপৃষ্ঠৰ ছবি প্ৰেৰণ কৰিছে।

 ৰাছিয়াৰ সুদূৰ পূবৰ ভষ্টোচনি কছমড্ৰোমৰ পৰা উৎক্ষেপণ কৰাৰ এসপ্তাহ পিছত  লুনা-২৫ যান খনে ইতিমধ্যে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছে আৰু চন্দ্ৰ ছবি তুলি প্ৰেৰণ কৰিছে। ৰাছিয়াৰ মহাকাশ গৱেষণা  সংস্থা ৰছকছমছে অভিযানটোৰসময়ত যান খনে গ্ৰহণ কৰা  চন্দ্ৰপৃষ্ঠৰ  ছবি শ্বেয়াৰ কৰিছে। ৰছকছমছে এটা টেলিগ্ৰাম পোষ্টত ছবিখন শ্বেয়াৰ কৰে।

 ছবিখনত চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত থকা জিমান ক্ৰেটাৰটো দৃশ্যমান হৈছে। চন্দ্ৰৰ এই ফালটো   পৃথিৱীৰ পৰা দৃশ্যমান নহয় কিন্তু মহাকাশ সংস্থাটোৰ মতে গৱেষকসকলৰ বাবে ই যথেষ্ট সহায়ক সমল হ’ব।।

উল্লেখ্য  চন্দ্ৰৰ এই ফালটোৰ প্ৰথম ছবিখন ছোভিয়েট লুনা-৩ অভিযানৰসময়ত  লোৱা হৈছিল। ৰাছিয়াই সেই অভিযানৰ বহু পিছত পুনৰ লুনা-২৫ অভিযান হাতত লৈছে।  চন্দ্ৰৰ দক্ষিণ ফালটোত গহ্বৰটোত প্ৰায় ৭,৫৭০ মিটাৰ ওখ এখন  পৰ্বত আছে, যি আমাৰ গ্ৰহটোৰ কিছুমান ডাঙৰ পৰ্বতৰ দৰে দেখিবলৈ একে।   লুনা-২৫  আগষ্টৰ ১১ তাৰিখে প্ৰেৰণ কৰা হৈছিল । 

উল্লেখ্য ভাৰতৰ চন্দ্ৰযান-৩ যান খনে ইতিমধ্যে ইছৰোলৈ প্ৰেৰণ কৰিছিল চন্দ্ৰৰ প্ৰথমটো ভিডিঅ’৷ চন্দ্ৰযান-৩ৰ কেমেৰাত আবদ্ধ ৪৫  ছেকেণ্ডৰ  ভিডিঅ'টোত যানখনে অদূৰৰ পৰা গ্ৰহণ কৰা চন্দ্ৰৰ দৃশ্য দেখা গৈছে৷ ছবি আৰু ভিডিঅ’ত  চন্দ্ৰক এটা ধূসৰ গোলকৰ দৰে দেখা গৈছে । ছবিত একেবাৰে স্পষ্ট হৈ পৰিছে চন্দ্ৰপৃষ্ঠত থকা  ডাঙৰ গহ্বৰবোৰ।

 টুইটাৰত ভিডিঅ'টো মুকলি কৰি ইছৰোৱে লিখিছে, "৫ আগষ্টত চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰাৰ সময়ত চন্দ্ৰযান-৩ মহাকাশযানৰ পৰা চন্দ্ৰটো এনেকুৱা লাগিছিল। "


উল্লেখ্য শনিবাৰে সন্ধিয়া মহাকাশযানখনে পৃথিৱীৰ টান অতিক্ৰম কৰে আৰু চন্দ্ৰৰ 'কক্ষপথ'ত প্ৰৱেশ কৰিছিল৷১৪ জুলাইত,চন্দ্ৰযান-৩ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৰা মাৰিছিল। তেতিয়াৰে পৰা যানখনে  যাত্ৰাৰ প্ৰতিটো পদক্ষেপ সফলতাৰে পাৰ কৰিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক