--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এদিন আগতে প্ৰপালচন মডিউলৰ পৰা সফলতাৰে পৃথক হোৱাৰ পিছত শুকুৰবাৰে চন্দ্ৰযান-৩ৰ বিক্ৰম লেণ্ডাৰে আন এক বিশেষ প্ৰক্ৰিয়াৰ বাবে সাজু হয়। মহাকাশ বিজ্ঞানৰ পৰিভাষাত যাক  ডি-বুষ্টিং কৌশল বুলি কোৱা হয়।  আজি ভাৰতীয় সময়মতে প্ৰায় ১৬০০ বজাত ডি-বুষ্টিং কৌশলৰ সময়  নিৰ্ধাৰণ কৰা হৈছিল। ডিবুষ্টিং হৈছে যান এখনে নিজকে এনে এক কক্ষপথত অৱস্থিত কৰাৰ প্ৰক্ৰিয়া য'ত কক্ষপথৰ চন্দ্ৰৰ নিকটতম বিন্দু (পেৰিলুন) ৩০ কিমি আৰু দূৰৱৰ্তী বিন্দু (এপোলুন) ১০০ কিমি।

 ইছৰোই প্ৰকাশ কৰা মতে " পৰৱৰ্তী লেণ্ডাৰ মডিউল (ডিঅৰ্বিট ১) কৌশলৰ সময় ১৮  আগষ্ট, ২০২৩ত  ভাৰতীয় সময় অনুসৰি প্ৰায় ১৬০০ বজাত নিৰ্ধাৰণ কৰা হৈছিল,"  চন্দ্ৰযান-৩ মিছনৰ লেণ্ডাৰৰ নাম বিক্ৰম চাৰাভাইৰ নামেৰে ৰখা হৈছে , যাক ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ জনক হিচাপে গণ্য কৰা হয়। বুধবাৰে  মহাকাশযানখনে চন্দ্ৰ অভিমুখী কক্ষপথ হ্ৰাস কৌশল সম্পন্ন কৰিছিল। যান খনে  ২৩ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰুত ইয়াৰ নিৰ্ধাৰিত সময় অনুসৰি অৱতৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । আজি লেণ্ডাৰ বিক্ৰম চন্দ্ৰযান-৩ ৰ   প্ৰপালচন মডিউলৰ পৰা সফলতাৰে পৃথক হৈ পৰিছে। ইছৰোৱে  প্ৰকাশ কৰা মতে বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১ বজাত বিক্ৰমে  পৃথক হৈ নিজৰ  যাত্ৰা আৰম্ভ কৰিছে ।


বাক চআকৃতিৰ প্ৰপালচন মডিউলটোত এটা চুপাৰ-চ'লাৰ পেনেল আৰু এটা চিলিণ্ডাৰ আছে। লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞান ইয়াৰ সৈতে সংলগ্ন হৈ আছে । বিচ্ছিন্ন হোৱাৰ পিছত  বিক্ৰমে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ আগবাঢ়িছে। যেতিয়া ই চন্দ্ৰত অৱতৰণ কৰিব তেতিয়াই  জ্ঞানৰ কাম আৰম্ভ হ'ব।

১৪ জুলাইত, তৃতীয় চন্দ্ৰযানে শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৰা মাৰিছিল।  ৫ আগষ্টত মহাকাশযানখনে পৃথিৱীৰ টান অতিক্ৰম কৰি চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰে। তেতিয়াৰে পৰা, সময় পাৰ হোৱাৰ লগে লগে, আশা বৃদ্ধি পাইছে। ভাৰতবাসীয়ে এই বুলি  অপেক্ষা কৰি আছে যে শেষবাৰৰ বিফলতাৰ পিছত বিক্ৰমে কেতিয়া সফলতাৰে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব।চন্দ্ৰযান-৩-এ  ৫ আগষ্টত চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল।  যাৰ পিছত ৬ আৰু ৯ আগষ্টত মহাকাশযানখনে  আন  দুটা কক্ষপথত প্ৰৱেশ কৰে। খনে ২৩ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত অৱতৰণ কৰিব বুলি আশা কৰা হৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু