--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ চন্দ্ৰ অভিযানে এতিয়া বিশ্ববাসীক চমক খুৱাইছে।চন্দ্ৰৰ দক্ষিণ অংশটোকলৈ বিজ্ঞানীসকলৰ মাজত দীৰ্ঘদিন ধৰি কৌতূহল অব্যাহত আছে। এতিয়া যেন সেই কৌতূহলৰ অন্ত পৰাৰ দিশে আগবাঢ়িছে। ভাৰতে প্ৰেৰণ কৰা চন্দ্ৰযান-৩ৰ ৰভাৰ প্ৰজ্ঞানৰ 'লেজাৰ-ইনচিডেণ্ট ব্ৰেকডাউন স্পেক্ট্ৰোস্কোপী' পেলোডে শেহতীয়াকৈ চন্দ্ৰপৃষ্ঠত ছালফাৰ ধৰা পেলাইছে। 

ইয়াৰ উপৰি  আশা কৰা অনুসৰি অক্সিজেন, টাইটেনিয়াম, কেলচিয়াম, মেগনেছিয়ামৱ আদি পদাৰ্থৰো উপস্থিতিৰ কথা ধৰা পেলাইছে  প্ৰজ্ঞানে। কিন্তু প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠত এই পদাৰ্থবোৰ কেনেকৈ চিনাক্ত কৰিলে?এল.আই.বি.এছ. (লেজাৰ-প্ৰেৰিত ব্ৰেকডাউন স্পেক্ট্ৰোস্কোপী) সঁজুলিবিধে চন্দ্ৰপৃষ্ঠত ছালফাৰ, অক্সিজেন, টাইটেনিয়াম, এলুমিনিয়াম, কেলচিয়াম, মেগনেছিয়াম, ক্ৰমিয়াম, লো আৰু চিলিকন চিনাক্ত কৰিবলৈ এলআইবিএছ ডিভাইচ নামৰ  উচ্চ প্ৰযুক্তি ব্যৱহাৰ কৰিছে। সেই প্ৰযুক্তিৰ সহায়তে  চন্দ্ৰযান-৩ৰ ৰভাৰে বৰ্তমান চন্দ্ৰত হাইড্ৰজেন বিচাৰি আছে। কিন্তু এই এলআইবিএছ ডিভাইচে কেনেদৰে কাম কৰে?

লেজাৰ-প্ৰেৰিত ব্ৰেকডাউন স্পেক্ট্ৰোস্কোপীয়ে লেজাৰ পালছৰ জৰিয়তে বিভিন্ন সামগ্ৰীৰ গঠন পৰীক্ষা কৰে বুলি ইছৰ’ৱে এক বিবৃতিত প্ৰকাশ কৰিছে। এই প্ৰক্ৰিয়াত এক অতি উচ্চ শক্তিৰ লেজাৰ পালছ মাটি বা শিলত প্ক্ষেপ কৰা হয়। সেই লেজাৰ স্পন্দনৰ ফলত মাটি বা শিলৰ সেই অংশৰ পৰা প্লাজমা ওলাই আহে। তাৰ পিছত সেই প্লাজমা 'চাৰ্জ কাপল্ড ডিভাইচ'ৰ জৰিয়তে সংগ্ৰহ কৰি  পৰীক্ষা কৰা হয়। প্ৰতিটো যৌগিক পদাৰ্থৰ তৰংগ দৈৰ্ঘ্য সৈতে  সেই ডিভাইচত ছেট কৰা হৈছে। এই প্ৰক্ৰিয়াৰ জৰিয়তে এয়া  বুজা যায় যে ভূমিৰ সেই অংশত কি পদাৰ্থ আছে।  

প্ৰজ্ঞান ৰভাৰত থকা 'লুনাৰ চাৰ্ফেচ থাৰ্মোফিজিকেল এক্সপেৰিমেণ্ট' পেলোডে এতিয়া  চন্দ্ৰৰ মাটিৰ তাপমাত্ৰা পৰীক্ষা কৰি আছে আৰু সেই তাপমাত্ৰাৰ সৈতে  পাৰাৰ তাৰতম্যও পৰ্যালোচনা কৰি আছে। দেখা গৈছে যে চন্দ্ৰৰ মাটি যিমানে গভীৰ হয় তাপমাত্ৰা সিমানে কম হয় আৰু মাটিৰ ওপৰৰ তাপমাত্ৰা ভূগৰ্ভতকৈ বহু বেছি। ইছৰ’ৱে চন্দ্ৰৰ তাপমাত্ৰাৰ তাৰতম্যৰ  এখন গ্ৰাফো মুকলি কৰিছিল। ই দেখুৱায় যে চন্দ্ৰৰ মাটিৰ ৮০ মিমিৰ তলৰ তাপমাত্ৰা -১০ ডিগ্ৰী। আৰু ইয়াৰ পৰা   ২০  মিটাৰ ওপৰৰ তাপমাত্ৰা ৬০ ডিগ্ৰী চেলচিয়াছ।  উল্লেখ্য চন্দ্ৰপৃষ্টত  প্ৰজ্ঞানৰ জীৱনকাল  মাত্ৰ ১৪ দিনৰ । ইয়াৰ অৰ্থ হৈছে যে প্ৰজ্ঞানে আৰু কেইটামান দিনৰ  বাবে চন্দ্ৰত অনুসন্ধান কৰিবলৈ সক্ষম হ'ব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল