--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ চন্দ্ৰ অভিযানে এতিয়া বিশ্ববাসীক চমক খুৱাইছে।চন্দ্ৰৰ দক্ষিণ অংশটোকলৈ বিজ্ঞানীসকলৰ মাজত দীৰ্ঘদিন ধৰি কৌতূহল অব্যাহত আছে। এতিয়া যেন সেই কৌতূহলৰ অন্ত পৰাৰ দিশে আগবাঢ়িছে। ভাৰতে প্ৰেৰণ কৰা চন্দ্ৰযান-৩ৰ ৰভাৰ প্ৰজ্ঞানৰ 'লেজাৰ-ইনচিডেণ্ট ব্ৰেকডাউন স্পেক্ট্ৰোস্কোপী' পেলোডে শেহতীয়াকৈ চন্দ্ৰপৃষ্ঠত ছালফাৰ ধৰা পেলাইছে। 

ইয়াৰ উপৰি  আশা কৰা অনুসৰি অক্সিজেন, টাইটেনিয়াম, কেলচিয়াম, মেগনেছিয়ামৱ আদি পদাৰ্থৰো উপস্থিতিৰ কথা ধৰা পেলাইছে  প্ৰজ্ঞানে। কিন্তু প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠত এই পদাৰ্থবোৰ কেনেকৈ চিনাক্ত কৰিলে?এল.আই.বি.এছ. (লেজাৰ-প্ৰেৰিত ব্ৰেকডাউন স্পেক্ট্ৰোস্কোপী) সঁজুলিবিধে চন্দ্ৰপৃষ্ঠত ছালফাৰ, অক্সিজেন, টাইটেনিয়াম, এলুমিনিয়াম, কেলচিয়াম, মেগনেছিয়াম, ক্ৰমিয়াম, লো আৰু চিলিকন চিনাক্ত কৰিবলৈ এলআইবিএছ ডিভাইচ নামৰ  উচ্চ প্ৰযুক্তি ব্যৱহাৰ কৰিছে। সেই প্ৰযুক্তিৰ সহায়তে  চন্দ্ৰযান-৩ৰ ৰভাৰে বৰ্তমান চন্দ্ৰত হাইড্ৰজেন বিচাৰি আছে। কিন্তু এই এলআইবিএছ ডিভাইচে কেনেদৰে কাম কৰে?

লেজাৰ-প্ৰেৰিত ব্ৰেকডাউন স্পেক্ট্ৰোস্কোপীয়ে লেজাৰ পালছৰ জৰিয়তে বিভিন্ন সামগ্ৰীৰ গঠন পৰীক্ষা কৰে বুলি ইছৰ’ৱে এক বিবৃতিত প্ৰকাশ কৰিছে। এই প্ৰক্ৰিয়াত এক অতি উচ্চ শক্তিৰ লেজাৰ পালছ মাটি বা শিলত প্ক্ষেপ কৰা হয়। সেই লেজাৰ স্পন্দনৰ ফলত মাটি বা শিলৰ সেই অংশৰ পৰা প্লাজমা ওলাই আহে। তাৰ পিছত সেই প্লাজমা 'চাৰ্জ কাপল্ড ডিভাইচ'ৰ জৰিয়তে সংগ্ৰহ কৰি  পৰীক্ষা কৰা হয়। প্ৰতিটো যৌগিক পদাৰ্থৰ তৰংগ দৈৰ্ঘ্য সৈতে  সেই ডিভাইচত ছেট কৰা হৈছে। এই প্ৰক্ৰিয়াৰ জৰিয়তে এয়া  বুজা যায় যে ভূমিৰ সেই অংশত কি পদাৰ্থ আছে।  

প্ৰজ্ঞান ৰভাৰত থকা 'লুনাৰ চাৰ্ফেচ থাৰ্মোফিজিকেল এক্সপেৰিমেণ্ট' পেলোডে এতিয়া  চন্দ্ৰৰ মাটিৰ তাপমাত্ৰা পৰীক্ষা কৰি আছে আৰু সেই তাপমাত্ৰাৰ সৈতে  পাৰাৰ তাৰতম্যও পৰ্যালোচনা কৰি আছে। দেখা গৈছে যে চন্দ্ৰৰ মাটি যিমানে গভীৰ হয় তাপমাত্ৰা সিমানে কম হয় আৰু মাটিৰ ওপৰৰ তাপমাত্ৰা ভূগৰ্ভতকৈ বহু বেছি। ইছৰ’ৱে চন্দ্ৰৰ তাপমাত্ৰাৰ তাৰতম্যৰ  এখন গ্ৰাফো মুকলি কৰিছিল। ই দেখুৱায় যে চন্দ্ৰৰ মাটিৰ ৮০ মিমিৰ তলৰ তাপমাত্ৰা -১০ ডিগ্ৰী। আৰু ইয়াৰ পৰা   ২০  মিটাৰ ওপৰৰ তাপমাত্ৰা ৬০ ডিগ্ৰী চেলচিয়াছ।  উল্লেখ্য চন্দ্ৰপৃষ্টত  প্ৰজ্ঞানৰ জীৱনকাল  মাত্ৰ ১৪ দিনৰ । ইয়াৰ অৰ্থ হৈছে যে প্ৰজ্ঞানে আৰু কেইটামান দিনৰ  বাবে চন্দ্ৰত অনুসন্ধান কৰিবলৈ সক্ষম হ'ব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে