--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰযান-৩ অভিযানৰ সফলতাৰ পাছত এতিয়া ইছৰ’ই সূৰ্য ওপৰত চকু ৰাখিছে। সূৰ্যৰ অধ্যয়নৰ সৈতে জড়িত আদিত্য-এল১ মিছনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। বুধবাৰে (৩০ আগষ্ট) ইছৰ’ই জনাইছে যে ৰকেটৰ উৎক্ষেপণৰ আখৰা আৰু আভ্যন্তৰীণ তদন্ত সম্পূৰ্ণ হৈছে।

ইছৰোৱে টুইট কৰি কয় যে, "পিএছএলভি-চি৫৭/আদিত্য-এল১ মিছন উৎক্ষেপণৰ প্ৰস্তুতি চলি আছে। উৎক্ষেপণৰ আখৰা-বাহনখনৰ আভ্যন্তৰীণ পৰীক্ষা সম্পূৰ্ণ হৈছে।" উল্লেখ্য যে এই অভিযান ২ ছেপ্টেম্বৰৰ পুৱা ১১.৫০ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটা মহাকাশ কেন্দ্ৰৰ পৰা আৰম্ভ হ’ব। ইয়াক PSLV-C57 ৰকেটৰ সৈতে উৎক্ষেপণ কৰা হ’ব।

আদিত্য-এল১ মহাকাশযানখন সূৰ্য্যৰ কক্ষপথ দূৰৈৰ পৰা পৰ্যবেক্ষণৰ বাবে আৰু পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত্বত থকা এল ১ (সূৰ্য্য-পৃথিৱী লেগ্ৰেঞ্জিয়ান বিন্দু)ত সৌৰ বতাহৰ অধ্যয়নৰ বাবে ডিজাইন কৰা হৈছে। সূৰ্যৰ অধ্যয়নৰ বাবে ভাৰতৰ এয়া প্ৰথম নিবেদিত অভিযান।

এই অভিযানৰ উদ্দেশ্য হৈছে ‘L1’ৰ চাৰিওফালে থকা কক্ষপথৰ পৰা সূৰ্য্যক অধ্যয়ন কৰা। সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি ইছৰ’ৰ এগৰাকী বিষয়াই কয় যে আদিত্য-এল১ জাতীয় প্ৰতিষ্ঠানসমূহৰ অংশগ্ৰহণেৰে সম্পূৰ্ণ থলুৱা প্ৰচেষ্টা। ই সূৰ্যৰ আলোকমণ্ডল, ক্ৰম’স্ফিয়াৰ আৰু আটাইতকৈ বাহিৰৰ স্তৰ-পৰিসীমা বিভিন্ন তৰংগদৈৰ্ঘ্যত নিৰীক্ষণ কৰিবলৈ সাতটা পেলোড কঢ়িয়াই নিব।

ইছৰ’ৱে এই অভিযান এনে এটা সময়ত সম্পন্ন কৰিবলৈ ওলাইছে যেতিয়া শেহতীয়াকৈ চন্দ্ৰযান-৩ চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰি ইতিহাসৰ সৃষ্টি কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে