--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰযান-৩ মিছনৰ ৰভাৰ প্ৰজ্ঞানে চন্দ্ৰৰ দক্ষিণ মেৰুত নিজৰ খোজ আগবঢ়াইছে। সোমবাৰে (২৮ আগষ্ট) ইছৰো-এ ৰভাৰখনৰ আৰু কিছু ছবি মুকলি কৰিছে। লগতে ইছৰ-এ জনাইছে যে দেওবাৰে (২৭ আগষ্ট) ৰভাৰখনে এটা বৃহৎ ক্ৰেটাৰত উপনীত হয়৷ অৱশ্যে ৰোভাৰখন তাৰপৰা নিৰাপদে উভতি আহে।

ফটোখন শ্বেয়াৰ কৰি ইছৰো-এ টুইট  কৰি লিখে যে, "২৭ আগষ্টত চন্দ্ৰযান-৩ মিছনৰ ৰোভাৰ প্ৰজ্ঞানে নিজৰ স্থানৰ পৰা ৩ মিটাৰ আগত ৪ মিটাৰ ব্যাসৰ ক্ৰেটাৰ (ক্ৰেটাৰ)ত উপনীত হৈছিল। ই এতিয়া নিৰাপদে নতুন পথত আগবাঢ়িছে।"

ইয়াৰ পূৰ্বে দেওবাৰে ইছৰো-এ চন্দ্ৰযান-৩ৰ বিক্ৰম লেণ্ডাৰৰ সৈতে সংযুক্ত পেলোডৰ চন্দ্ৰপৃষ্ঠত জুখি উষ্ণতাৰ তাৰতম্যৰ গ্ৰাফ প্ৰকাশ কৰে। ইছৰোৱে প্ৰকাশ কৰা গ্ৰাফত চন্দ্ৰৰ পৃষ্ঠৰ উষ্ণতা -১০ ডিগ্ৰী চেলছিয়াছৰ পৰা ৫০ ডিগ্ৰী চেলছিয়াছতকৈ অধিকলৈকে দেখা যায়।

ইছৰো-এ কৈছিল যে পেলোডত এটা উষ্ণতা অনুসন্ধানৰ ব্যৱস্থা আছে যিয়ে পৃষ্ঠৰ পৰা ১০ চে.মি. গভীৰতাত উপনীত হ’ব পাৰে। ইয়াত ১০টা টেম্পাৰেচাৰ চেন্সৰ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ