--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰপৃষ্ঠত অচল হৈ পৰি ৰৈছে চন্দ্ৰযান-৩ৰ বিক্ৰম, প্ৰজ্ঞান৷ চন্দ্ৰত সূৰ্য অস্ত যোৱাৰ পিছৰে পৰা প্ৰথমে ১৫ দিন ধৰি অচল হৈ পৰিছিল বিক্ৰম আৰ প্ৰজ্ঞান৷ ভবা হৈছিল সূৰ্যৰ পুনৰ আগমনৰ পিছত নতুনকৈ শক্তি গতাই বিক্ৰম আৰু প্ৰজ্ঞানে সাৰ পাব৷ কিন্তু সেয়া আজিও হোৱা নাই৷ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) চন্দ্ৰযান-৩ অভিযানৰ বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰোভাৰৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা চলাই আছে যদিও এইক্ষেত্ৰত  অক্ষম হৈছে৷ ফলত বিক্ৰম আৰু প্ৰজ্ঞানৰ  কাৰ্যকৰী স্থিতিৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে ইছৰোই। 

বাৰে বাৰে চেষ্টা কৰাৰ পিছতো, চন্দ্ৰ অন্বেষণকাৰী যন্ত্ৰ দুটাৰ পৰা  পৰা কোনো সংকেত পোৱা হোৱা নাই৷ এই যন্ত্ৰই  মহাকাশৰ মাজেৰে ৪০  দিনৰ যাত্ৰাৰ পিছত ২৩  আগষ্টত চন্দ্ৰ দক্ষিণ মেৰু অঞ্চল স্পৰ্শ কৰিছিল। বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰভাৰে  প্ৰাৰম্ভিক কামবোৰ সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছত ২ ছেপ্টেম্বৰত অচল হৈ পৰিছিল৷  ৰভাৰে শিৱ শক্তি বিন্দুৰ পৰা চন্দ্ৰপৃষ্ঠত ১০০ মিটাৰৰো অধিক অতিক্ৰম কৰিছিল৷ চন্দ্ৰত ছালফাৰ, লো, অক্সিজেন আৰু অন্যান্য উপাদানৰ উপস্থিতি নিশ্চিত কৰিছিল প্ৰজ্ঞানেই। অৱশ্যে, তেতিয়াৰ পৰা, ইছৰোৱে আশা কৰি  থকা স্বত্বেও প্ৰজ্ঞানক পুনৰুজ্জীৱিত কৰিবলৈ অক্ষম হৈছে। ইছৰোৱে ৩০  ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া পৰৱৰ্তী চন্দ্ৰ সূৰ্যাস্তলৈকে লেণ্ডাৰ আৰু ৰোভাৰৰ সৈতে সম্পৰ্ক স্থাপনৰ প্ৰচেষ্টা অব্যাহত ৰাখিব।





 সংস্থাটো এতিয়াও আশাবাদী যে শিৱশক্তি পইণ্টত সূৰ্যৰ উদয় হ’লেই  লেণ্ডাৰ আৰু ৰোভাৰ পুনৰ জীৱিত হৈ উঠিব। কাৰণ সেইবোৰ সৌৰশক্তিৰ দ্বাৰাই চলোে৷ অৱশ্যে, এতিয়ালৈকে, চন্দ্ৰযান-৩ৰ সেই সঁজুলিবোৰৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পৰা নাই ইছৰোই৷ কেতিয়া পাৰিব সেয়াও  অনিশ্চিত হৈ আছে।ইছৰোৰ এগৰাকী বিষয়াই কয় " আমি সেইবোৰক  জীৱিত কৰাৰ প্ৰক্ৰিয়া  অব্যাহত ৰাখিম। কিন্তু এতিয়ালৈকে কোনো যোগাযোগ হোৱা নাই," । স্পেচ এপ্লিকেচন চেণ্টাৰ (এছএচি)ৰ সঞ্চালক নীলেশ এম দেশাইৰ মতে লেণ্ডাৰ আৰু ৰোভাৰৰ পুনৰুজ্জীৱিতকৰণ স্বয়ংক্ৰিয় হ'ব লাগিছিল। 

তেওঁ আগতে কৈছিল  যে সংকেতটো সোনকালেই আহিব লাগিব,  ২২ ছেপ্টেম্বৰত চন্দ্ৰপৃষ্ঠত সংঘটিত সূৰ্যোদয়ৰ বাবে সৌৰশক্তিচালিত লেণ্ডাৰ আৰু ৰোভাৰ চাৰ্জ কৰা হ’ব পাৰে। অৱশ্যে, এতিয়ালৈকে কোনো সংকেত পোৱা হোৱা নাই। যদি যন্ত্ৰবোৰ চন্দ্ৰৰ ঠাণ্ডা তাপমাত্ৰাত সক্ৰিয় হৈ থাকে তেন্তে সেইবোৰ  পুনৰুজ্জীৱিত হোৱাৰ ৫০-৫০ শতাংশ সম্ভাৱনা আছে। যদি নহয়, অভিযানটোৱে ইতিমধ্যে ইয়াৰ উদ্দেশ্য প্ৰাপ্ত কৰিছেই, দেশাই কয়। যদি পুনৰুজ্জীৱিত হয়, লেণ্ডাৰ আৰু ৰোভাৰে চন্দ্ৰপৃষ্ঠত  বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখিব। বিক্ৰম আৰু প্ৰজ্ঞানে শুই পৰিলেও  চন্দ্ৰযান-৩ অভিযানে ইতিমধ্যে ইতিহাস সৃষ্টি কৰিছে। ই চন্দ্ৰ দক্ষিণ মেৰু অঞ্চলত  প্ৰথম অৱতৰণ কৰিছে৷  চন্দ্ৰ অন্বেষণত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভৰ এয়া বিশেষ পদক্ষেপ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ