--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰাছিয়া আৰু বেলাৰুছৰ সীমান্তৱর্তী ইউৰোপিয়ান ইউনিয়নৰ দেশসমূহ ভ্রমণ কৰাৰ পৰিকল্পনা কৰি অধ্যক্ষাগৰাকী বিমানেৰে যাত্রা কৰিছিল।

ডিজিটেল ডেস্ক : ৰাছিয়াৰ এটা সন্দেহজনক আক্রমণৰ বাবে ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভন ডেৰ লেয়েনক কঢ়িয়াই নিয়া বিমানখনৰ জি পি এছ নেভিগেশ্যন ছিষ্টেম বিকল হৈ পৰে আৰু পেপাৰ মেপ ব্যৱহাৰ কৰি অধ্যক্ষাগৰাকীৰ বিমানখনক বুলগেৰিয়াৰ এটা বিমান বন্দৰ, প্লভডিভত জৰুৰী অৱতৰণ কৰোৱা হয়।


ৰাছিয়া আৰু বেলাৰুছৰ সীমান্তৱর্তী ইউৰোপিয়ান ইউনিয়নৰ দেশসমূহ ভ্রমণ কৰাৰ পৰিকল্পনা কৰি অধ্যক্ষাগৰাকী বিমানেৰে যাত্রা কৰিছিল।


ইউনিয়নৰ মুখপাত্র আৰিয়ানা পডেষ্টাই কয় যে অধ্যক্ষাগৰাকী ভ্ৰমণ কৰা বিমানখনৰ জি পি এছ ছিষ্টেম বিকল কৰিবলৈ জি পি এছ অৱৰোধ কৰিছিল ৰাছিয়াই। তেওঁ কয় যে এই সন্দৰ্ভত বুলগেৰিয়াৰ কর্তৃপক্ষৰ তেওঁলোকে তথ্য লাভ কৰিছে আৰু ইয়াত ৰাছিয়াৰ হস্তক্ষেপৰ বিষয়টো স্পষ্ট হৈ পৰিছে।


ইফালে, বুলগেৰিয়াই জাৰি কৰা এটা বিবৃতিত কোৱা হয় যে বিমানখনৰ জি পি এছ নেভিগেশ্যনৰ বাবে ব্যৱহাৰ কৰা ছেটেলাইট ছিগনেল ব্যাহত হৈ পৰে। বিমানখন প্ল'ভডিভ বিমান বন্দৰৰ ওচৰ পোৱাৰ লগে লগে বিমানখনে জি পি এছ ছিগনেল হেৰুৱাইছিল। কিন্তু সৌভাগ্যক্রমে বিমানখন দুর্ঘটনাগ্রস্ত হোৱাৰ পৰা ৰক্ষা পৰাৰ লগতে ইউৰোপিয়ান অধ্যক্ষাগৰাকীৰো প্ৰাণৰক্ষা পৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ