--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰাছিয়া আৰু বেলাৰুছৰ সীমান্তৱর্তী ইউৰোপিয়ান ইউনিয়নৰ দেশসমূহ ভ্রমণ কৰাৰ পৰিকল্পনা কৰি অধ্যক্ষাগৰাকী বিমানেৰে যাত্রা কৰিছিল।

ডিজিটেল ডেস্ক : ৰাছিয়াৰ এটা সন্দেহজনক আক্রমণৰ বাবে ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভন ডেৰ লেয়েনক কঢ়িয়াই নিয়া বিমানখনৰ জি পি এছ নেভিগেশ্যন ছিষ্টেম বিকল হৈ পৰে আৰু পেপাৰ মেপ ব্যৱহাৰ কৰি অধ্যক্ষাগৰাকীৰ বিমানখনক বুলগেৰিয়াৰ এটা বিমান বন্দৰ, প্লভডিভত জৰুৰী অৱতৰণ কৰোৱা হয়।


ৰাছিয়া আৰু বেলাৰুছৰ সীমান্তৱর্তী ইউৰোপিয়ান ইউনিয়নৰ দেশসমূহ ভ্রমণ কৰাৰ পৰিকল্পনা কৰি অধ্যক্ষাগৰাকী বিমানেৰে যাত্রা কৰিছিল।


ইউনিয়নৰ মুখপাত্র আৰিয়ানা পডেষ্টাই কয় যে অধ্যক্ষাগৰাকী ভ্ৰমণ কৰা বিমানখনৰ জি পি এছ ছিষ্টেম বিকল কৰিবলৈ জি পি এছ অৱৰোধ কৰিছিল ৰাছিয়াই। তেওঁ কয় যে এই সন্দৰ্ভত বুলগেৰিয়াৰ কর্তৃপক্ষৰ তেওঁলোকে তথ্য লাভ কৰিছে আৰু ইয়াত ৰাছিয়াৰ হস্তক্ষেপৰ বিষয়টো স্পষ্ট হৈ পৰিছে।


ইফালে, বুলগেৰিয়াই জাৰি কৰা এটা বিবৃতিত কোৱা হয় যে বিমানখনৰ জি পি এছ নেভিগেশ্যনৰ বাবে ব্যৱহাৰ কৰা ছেটেলাইট ছিগনেল ব্যাহত হৈ পৰে। বিমানখন প্ল'ভডিভ বিমান বন্দৰৰ ওচৰ পোৱাৰ লগে লগে বিমানখনে জি পি এছ ছিগনেল হেৰুৱাইছিল। কিন্তু সৌভাগ্যক্রমে বিমানখন দুর্ঘটনাগ্রস্ত হোৱাৰ পৰা ৰক্ষা পৰাৰ লগতে ইউৰোপিয়ান অধ্যক্ষাগৰাকীৰো প্ৰাণৰক্ষা পৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান