--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সেইদিনা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ লগতে আৰক্ষী আৰু আন আন বিভাগৰো নিযুক্তি হ'ব।

ডিজিটেল ডেস্কঃ   নিম্ন প্রাথমিক স্তৰৰ পৰা মাধ্যমিক পর্যায়লৈ ১২ হাজাৰৰো অধিক শিক্ষক পদত নিযুক্তি হ'ব বুলি আজি সংবাদ মাধ্যমৰ আগত মন্ত্রী ডাঃ পেগুৱে কয় যে চূড়ান্ত মেধাৰ তালিকা যিহেতু ওলোৱা নাই সেয়েহে শিক্ষক নিযুক্তিৰ সঠিক সংখ্যাটো এতিয়াই ক'ব পৰা নাযায়। কিন্তু ১২ হাজাৰৰো অধিক অর্থাৎ বৃহৎসংখ্যক শিক্ষক পদত অহা ১০ অক্টোবৰত নিযুক্তি হ'ব।


সেইদিনা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ লগতে আৰক্ষী আৰু আন আন বিভাগৰো নিযুক্তি হ'ব। ইফালে টিউটৰসকলে পূৰ্ণাংগ শিক্ষকৰ মৰ্যাদা বিচাৰি চলাই থকা আন্দোলনৰ প্ৰসংগত শিক্ষা মন্ত্রী ডাঃ পেগুৱে চৰকাৰৰ স্থিতি পুনৰ স্পষ্ট কৰে।


তেওঁ কয় যে শিক্ষকলৈ উন্নীতকৰণত আইনী বাধা আছে। শিক্ষাৰ অধিকাৰ আইন, উচ্চতম ন্যায়ালয়, এন চি টি ইৰ নীতি-নির্দেশনাৰ কথা জড়িত হৈ আছে। শিক্ষকৰ বাবে টে'ট, ডি ই এল এড, বি এড আদি অৰ্হতাৰ বিষয়সমূহো জড়িত হৈ আছে। টিউটৰসকলে যি দৰমহা পাই আছে সেয়া বৃদ্ধি হ'ব লাগে সেই কথা চৰকাৰে মানি লৈছে। কেনেকৈ দৰমহা বঢ়াব পাৰি সেই কথা চৰকাৰে বিবেচনা কৰি আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ