--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সেইদিনা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ লগতে আৰক্ষী আৰু আন আন বিভাগৰো নিযুক্তি হ'ব।

ডিজিটেল ডেস্কঃ   নিম্ন প্রাথমিক স্তৰৰ পৰা মাধ্যমিক পর্যায়লৈ ১২ হাজাৰৰো অধিক শিক্ষক পদত নিযুক্তি হ'ব বুলি আজি সংবাদ মাধ্যমৰ আগত মন্ত্রী ডাঃ পেগুৱে কয় যে চূড়ান্ত মেধাৰ তালিকা যিহেতু ওলোৱা নাই সেয়েহে শিক্ষক নিযুক্তিৰ সঠিক সংখ্যাটো এতিয়াই ক'ব পৰা নাযায়। কিন্তু ১২ হাজাৰৰো অধিক অর্থাৎ বৃহৎসংখ্যক শিক্ষক পদত অহা ১০ অক্টোবৰত নিযুক্তি হ'ব।


সেইদিনা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ লগতে আৰক্ষী আৰু আন আন বিভাগৰো নিযুক্তি হ'ব। ইফালে টিউটৰসকলে পূৰ্ণাংগ শিক্ষকৰ মৰ্যাদা বিচাৰি চলাই থকা আন্দোলনৰ প্ৰসংগত শিক্ষা মন্ত্রী ডাঃ পেগুৱে চৰকাৰৰ স্থিতি পুনৰ স্পষ্ট কৰে।


তেওঁ কয় যে শিক্ষকলৈ উন্নীতকৰণত আইনী বাধা আছে। শিক্ষাৰ অধিকাৰ আইন, উচ্চতম ন্যায়ালয়, এন চি টি ইৰ নীতি-নির্দেশনাৰ কথা জড়িত হৈ আছে। শিক্ষকৰ বাবে টে'ট, ডি ই এল এড, বি এড আদি অৰ্হতাৰ বিষয়সমূহো জড়িত হৈ আছে। টিউটৰসকলে যি দৰমহা পাই আছে সেয়া বৃদ্ধি হ'ব লাগে সেই কথা চৰকাৰে মানি লৈছে। কেনেকৈ দৰমহা বঢ়াব পাৰি সেই কথা চৰকাৰে বিবেচনা কৰি আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু