--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দ্বিতীয়বাৰৰ বাবে যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় হাগ্ৰামা মহিলাৰীয়ে ।

ডিজিটেল ডেস্কঃ কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ। মঙলবাৰে কোকৰাঝাৰত এক সংবাদমেল সম্বোধন কৰি হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক গৰিহনা দিয়ে।


লগতে মঙলবাৰে নিশা ইউপিপিএলৰ গুণ্ডাবাহিনীয়ে কোকৰাঝাৰ জিলাৰ বাওখুংগ্ৰী সমষ্টিত বিপিএফ কৰ্মীক মাৰধৰ, গাড়ী ভাঙচুৰ আৰু চিৰাং জিলাৰ চিৰাং দুৱাৰ সমষ্টিত বিপিএফ কৰ্মীক ইউপিপিএলৰ কৰ্মীয়ে মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে হাগ্ৰামা মহিলাৰীয়ে ।


প্ৰশাসনে দায়িত্ব লৈ কাম কৰক । যিসকল ঘটনাৰ সতে জড়িত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।


ঘটনাৰে জড়িতসকলক চিনাক্ত কৰা হৈছে আৰু প্ৰশাসনক অৱগত কৰা হৈছে , তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত । দ্বিতীয়বাৰৰ বাবে যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় হাগ্ৰামা মহিলাৰীয়ে ।


তেওঁ লগতে কয় যে ''প্ৰমোদ বড়োৱে নিজ কৰ্মীক নিয়ন্ত্ৰণ কৰক । বিপিএফৰ কৰ্মী নিয়ন্ত্ৰণত আছে ৷ আমি বিপিএফ দলে আমাৰ কৰ্মীক আৱেগিক হৈ কাম কৰিবলৈ দিয়া নাই । সকলোৱে যাতে শান্তিপূৰ্ণ ভাৱে ভোটদান কৰিব পাৰে সেই পৰিৱেশ বিপিএফে বিচাৰে।''


বাওঁখুংগ্ৰী পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী ধনেশ্বৰ গয়িৰীয়েও মঙলবাৰে নিশা বাওঁখুংগ্ৰী সমষ্টিত সংঘটিত নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ