--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দ্বিতীয়বাৰৰ বাবে যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় হাগ্ৰামা মহিলাৰীয়ে ।

ডিজিটেল ডেস্কঃ কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ। মঙলবাৰে কোকৰাঝাৰত এক সংবাদমেল সম্বোধন কৰি হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক গৰিহনা দিয়ে।


লগতে মঙলবাৰে নিশা ইউপিপিএলৰ গুণ্ডাবাহিনীয়ে কোকৰাঝাৰ জিলাৰ বাওখুংগ্ৰী সমষ্টিত বিপিএফ কৰ্মীক মাৰধৰ, গাড়ী ভাঙচুৰ আৰু চিৰাং জিলাৰ চিৰাং দুৱাৰ সমষ্টিত বিপিএফ কৰ্মীক ইউপিপিএলৰ কৰ্মীয়ে মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে হাগ্ৰামা মহিলাৰীয়ে ।


প্ৰশাসনে দায়িত্ব লৈ কাম কৰক । যিসকল ঘটনাৰ সতে জড়িত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।


ঘটনাৰে জড়িতসকলক চিনাক্ত কৰা হৈছে আৰু প্ৰশাসনক অৱগত কৰা হৈছে , তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত । দ্বিতীয়বাৰৰ বাবে যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় হাগ্ৰামা মহিলাৰীয়ে ।


তেওঁ লগতে কয় যে ''প্ৰমোদ বড়োৱে নিজ কৰ্মীক নিয়ন্ত্ৰণ কৰক । বিপিএফৰ কৰ্মী নিয়ন্ত্ৰণত আছে ৷ আমি বিপিএফ দলে আমাৰ কৰ্মীক আৱেগিক হৈ কাম কৰিবলৈ দিয়া নাই । সকলোৱে যাতে শান্তিপূৰ্ণ ভাৱে ভোটদান কৰিব পাৰে সেই পৰিৱেশ বিপিএফে বিচাৰে।''


বাওঁখুংগ্ৰী পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী ধনেশ্বৰ গয়িৰীয়েও মঙলবাৰে নিশা বাওঁখুংগ্ৰী সমষ্টিত সংঘটিত নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু