--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তেওঁ ফে'চবুকত কয়, 'অনুগ্ৰহ কৰি শান্ত হওক। ৰাষ্ট্ৰীয় সম্পদৰ ক্ষতি আমাৰ সকলোৰে ক্ষতি। এতিয়া সকলোৱে সংযম প্রদর্শন কৰা দৰকাৰ। এতিয়াৰ পৰা আপোনালোকৰ প্ৰজন্মই দেশৰ নেতৃত্ব ল'ব লাগিব।”

ডিজিটেল ডেস্কঃ  নেপালত হোৱা প্ৰবল তথা হিংসাত্মক প্ৰতিবাদৰ সময়ত যেতিয়া মন্ত্ৰী-ৰাজনীতিকসকল আক্ৰমণৰ লক্ষ্য হৈছে তথা তেওঁলোকৰ কোনো কথাই প্রতিবাদকাৰীয়ে শুনিবলৈ বিচৰা নাই, সেই সময়তে এটা নাম উচ্চাৰণ হৈছে- বলেন শ্বাহ। তেওঁ বর্তমান কাঠমাণ্ডু মেট্রপলিটান মহানগৰৰ মেয়ৰ। মঙলবাৰে শ্বাহে প্ৰতিবাদকাৰীলৈ আহ্বানো জনাইছে। এটা ফে'চবুক প'ষ্টত তেওঁ কৈছে যে প্রধানমন্ত্রীয়ে যেতিয়া পদত্যাগ কৰিলে, সেয়ে প্রতিবাদকাৰীয়ে অধিক প্রাণ আৰু সম্পত্তি হানিৰ কামৰ পৰা বিৰত থাকিব লাগে।


তেওঁ ফে'চবুকত কয়, 'অনুগ্ৰহ কৰি শান্ত হওক। ৰাষ্ট্ৰীয় সম্পদৰ ক্ষতি আমাৰ সকলোৰে ক্ষতি। এতিয়া সকলোৱে সংযম প্রদর্শন কৰা দৰকাৰ। এতিয়াৰ পৰা আপোনালোকৰ প্ৰজন্মই দেশৰ নেতৃত্ব ল'ব লাগিব।” 'বয়সৰ সীমা'ৰ (জেন-জেদ) বাবে অংশগ্ৰহণ কৰিব নোৱাৰিলেও সোমবাৰে শ্বাহে প্ৰতিবাদকাৰীৰ প্ৰতি সমর্থন জনাইছিল। নিজৰ মহানগৰতে প্ৰভাৱ সীমিত থকা আন মেয়ৰৰ দৰে নহয় বলেন শ্বাহ, 'টাইম' আলোচনীত '২০২৩ চনৰ শীৰ্ষ ১০০ ব্যক্তিত্ব'ৰ তালিকাত তথা 'নিউয়র্ক টাইমছ'ৰ দৰে সংবাদপত্ৰৰ বাতৰিত স্থান লাভ কৰি তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে দৃষ্টি আকৰ্ষণ কৰিছে।


এই ৩৫ বছৰীয়া ব্যক্তিজন হৈছে এসময়ৰ ৰেপাৰ (ৰেপ ছঙৰ শিল্পী)। তেওঁৰ এটা ৰেপ ছঙৰ কথা হৈছে এনেকুৱা- 'দেশক সুৰক্ষা দি থকা সকলো মূর্খ। সকলো নেতা চোৰ, দেশক লুটিছে আৰু খাইছে।' এইজন ৩৫ বছৰীয়া নেতাকে এতিয়া জেন-জেডৰ প্ৰতিবাদকাৰীয়ে দেশৰ নেতৃত্ব দিবলৈ আহ্বান জনাইছে। অন্য কথাত নেপালৰ পৰৱৰ্তী প্রধানমন্ত্রী পদৰ বাবে জেন-জেডৰ পচন্দ হৈছে বলেন শ্বাহ।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ