--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তেওঁ ফে'চবুকত কয়, 'অনুগ্ৰহ কৰি শান্ত হওক। ৰাষ্ট্ৰীয় সম্পদৰ ক্ষতি আমাৰ সকলোৰে ক্ষতি। এতিয়া সকলোৱে সংযম প্রদর্শন কৰা দৰকাৰ। এতিয়াৰ পৰা আপোনালোকৰ প্ৰজন্মই দেশৰ নেতৃত্ব ল'ব লাগিব।”

ডিজিটেল ডেস্কঃ  নেপালত হোৱা প্ৰবল তথা হিংসাত্মক প্ৰতিবাদৰ সময়ত যেতিয়া মন্ত্ৰী-ৰাজনীতিকসকল আক্ৰমণৰ লক্ষ্য হৈছে তথা তেওঁলোকৰ কোনো কথাই প্রতিবাদকাৰীয়ে শুনিবলৈ বিচৰা নাই, সেই সময়তে এটা নাম উচ্চাৰণ হৈছে- বলেন শ্বাহ। তেওঁ বর্তমান কাঠমাণ্ডু মেট্রপলিটান মহানগৰৰ মেয়ৰ। মঙলবাৰে শ্বাহে প্ৰতিবাদকাৰীলৈ আহ্বানো জনাইছে। এটা ফে'চবুক প'ষ্টত তেওঁ কৈছে যে প্রধানমন্ত্রীয়ে যেতিয়া পদত্যাগ কৰিলে, সেয়ে প্রতিবাদকাৰীয়ে অধিক প্রাণ আৰু সম্পত্তি হানিৰ কামৰ পৰা বিৰত থাকিব লাগে।


তেওঁ ফে'চবুকত কয়, 'অনুগ্ৰহ কৰি শান্ত হওক। ৰাষ্ট্ৰীয় সম্পদৰ ক্ষতি আমাৰ সকলোৰে ক্ষতি। এতিয়া সকলোৱে সংযম প্রদর্শন কৰা দৰকাৰ। এতিয়াৰ পৰা আপোনালোকৰ প্ৰজন্মই দেশৰ নেতৃত্ব ল'ব লাগিব।” 'বয়সৰ সীমা'ৰ (জেন-জেদ) বাবে অংশগ্ৰহণ কৰিব নোৱাৰিলেও সোমবাৰে শ্বাহে প্ৰতিবাদকাৰীৰ প্ৰতি সমর্থন জনাইছিল। নিজৰ মহানগৰতে প্ৰভাৱ সীমিত থকা আন মেয়ৰৰ দৰে নহয় বলেন শ্বাহ, 'টাইম' আলোচনীত '২০২৩ চনৰ শীৰ্ষ ১০০ ব্যক্তিত্ব'ৰ তালিকাত তথা 'নিউয়র্ক টাইমছ'ৰ দৰে সংবাদপত্ৰৰ বাতৰিত স্থান লাভ কৰি তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে দৃষ্টি আকৰ্ষণ কৰিছে।


এই ৩৫ বছৰীয়া ব্যক্তিজন হৈছে এসময়ৰ ৰেপাৰ (ৰেপ ছঙৰ শিল্পী)। তেওঁৰ এটা ৰেপ ছঙৰ কথা হৈছে এনেকুৱা- 'দেশক সুৰক্ষা দি থকা সকলো মূর্খ। সকলো নেতা চোৰ, দেশক লুটিছে আৰু খাইছে।' এইজন ৩৫ বছৰীয়া নেতাকে এতিয়া জেন-জেডৰ প্ৰতিবাদকাৰীয়ে দেশৰ নেতৃত্ব দিবলৈ আহ্বান জনাইছে। অন্য কথাত নেপালৰ পৰৱৰ্তী প্রধানমন্ত্রী পদৰ বাবে জেন-জেডৰ পচন্দ হৈছে বলেন শ্বাহ।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু