--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰি কয় যে ফুটবলক এটা বিষয় হিচাপে অন্তর্ভুক্ত কৰিব পৰাকৈ পাঠ্যক্ৰম সংশ্লিষ্ট কর্তৃপক্ষৰ পৰা বিচৰা হৈছে।

ডিজিটেল ডেস্ক : ৰাজ্যৰ বিদ্যালয়সমূহত ফুটবল ঐচ্ছিক বিষয় হিচাপে অন্তর্ভুক্ত হ'ব। বিদ্যালয় শিক্ষাত ক্রীড়া আৰু শৰীৰ চর্চা এটা বিষয় হিচাপে আছে। এই বিষয়টোত ফুটবল এটা ঐচ্ছিক বিষয়ৰূপে অন্তর্ভুক্ত হ'ব।


শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰি কয় যে ফুটবলক এটা বিষয় হিচাপে অন্তর্ভুক্ত কৰিব পৰাকৈ পাঠ্যক্ৰম সংশ্লিষ্ট কর্তৃপক্ষৰ পৰা বিচৰা হৈছে। পাঠ্যক্ৰম লাভ কৰিলেই ফুটবলো বিদ্যালয় শিক্ষাত এটা ঐচ্ছিক বিষয়ৰূপে অন্তর্ভুক্ত হ'ব।


উল্লেখযোগ্য যে ভাৰতীয় বায়ু সেনা বাহিনীয়ে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সুব্রত কাপ ফুটবল প্রতিযোগিতাত এইবাৰ মহানগৰীৰ বেতকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছোৱালীৰ দলটোৱে চেম্পিয়নশ্বিপ অর্জন কৰে। শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সৈতে বিদ্যালয়খনত মঙলবাৰে উপস্থিত হয়গৈ। শিক্ষা মন্ত্রী ডাঃ পেগুৱে খেলুৱৈৰ দলটোক সম্বর্ধনা জনায়। তেওঁ কয় যে এছিয়া মহাদেশে অংশগ্রহণ কৰা সুব্রত কাপ ফুটবলত ছোৱালীৰ দলটোৱে চেম্পিয়নশ্বিপ অৰ্জন কৰাত তেওঁ গর্ব অনুভৱ কৰিছে।


পশ্চিম বংগক পৰাজিত কৰি এই ফল আঁজুৰি অনা দলটোক তেওঁ অভিনন্দন জনাই কয় যে আগতে অসমৰ ল'ৰা আৰু ছোৱালীৰ দলে ৰানাৰ্ছ আপ অৰ্জন কৰিছিল যদিও এইবাৰ চেম্পিয়নশ্বিপ হয়। বেতকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন ভাল বিদ্যালয় বুলি প্রশংসা কৰি মন্ত্রী ডাঃ পেগুৱে কয় যে বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৮ কোটি টকা দিয়া হৈছে আৰু সোনকালে বিদ্যালয়খনৰ নির্মাণ সম্পূর্ণ হৈ উঠিব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ