--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰি কয় যে ফুটবলক এটা বিষয় হিচাপে অন্তর্ভুক্ত কৰিব পৰাকৈ পাঠ্যক্ৰম সংশ্লিষ্ট কর্তৃপক্ষৰ পৰা বিচৰা হৈছে।

ডিজিটেল ডেস্ক : ৰাজ্যৰ বিদ্যালয়সমূহত ফুটবল ঐচ্ছিক বিষয় হিচাপে অন্তর্ভুক্ত হ'ব। বিদ্যালয় শিক্ষাত ক্রীড়া আৰু শৰীৰ চর্চা এটা বিষয় হিচাপে আছে। এই বিষয়টোত ফুটবল এটা ঐচ্ছিক বিষয়ৰূপে অন্তর্ভুক্ত হ'ব।


শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰি কয় যে ফুটবলক এটা বিষয় হিচাপে অন্তর্ভুক্ত কৰিব পৰাকৈ পাঠ্যক্ৰম সংশ্লিষ্ট কর্তৃপক্ষৰ পৰা বিচৰা হৈছে। পাঠ্যক্ৰম লাভ কৰিলেই ফুটবলো বিদ্যালয় শিক্ষাত এটা ঐচ্ছিক বিষয়ৰূপে অন্তর্ভুক্ত হ'ব।


উল্লেখযোগ্য যে ভাৰতীয় বায়ু সেনা বাহিনীয়ে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সুব্রত কাপ ফুটবল প্রতিযোগিতাত এইবাৰ মহানগৰীৰ বেতকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছোৱালীৰ দলটোৱে চেম্পিয়নশ্বিপ অর্জন কৰে। শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সৈতে বিদ্যালয়খনত মঙলবাৰে উপস্থিত হয়গৈ। শিক্ষা মন্ত্রী ডাঃ পেগুৱে খেলুৱৈৰ দলটোক সম্বর্ধনা জনায়। তেওঁ কয় যে এছিয়া মহাদেশে অংশগ্রহণ কৰা সুব্রত কাপ ফুটবলত ছোৱালীৰ দলটোৱে চেম্পিয়নশ্বিপ অৰ্জন কৰাত তেওঁ গর্ব অনুভৱ কৰিছে।


পশ্চিম বংগক পৰাজিত কৰি এই ফল আঁজুৰি অনা দলটোক তেওঁ অভিনন্দন জনাই কয় যে আগতে অসমৰ ল'ৰা আৰু ছোৱালীৰ দলে ৰানাৰ্ছ আপ অৰ্জন কৰিছিল যদিও এইবাৰ চেম্পিয়নশ্বিপ হয়। বেতকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন ভাল বিদ্যালয় বুলি প্রশংসা কৰি মন্ত্রী ডাঃ পেগুৱে কয় যে বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৮ কোটি টকা দিয়া হৈছে আৰু সোনকালে বিদ্যালয়খনৰ নির্মাণ সম্পূর্ণ হৈ উঠিব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু