--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অষ্ট্ৰেলিয়াৰ লোকসকল এতিয়া নিবনুৱা সমস্যা, ঘৰৰ সংকট তথা মূল্য বৃদ্ধিৰ দৰে সমস্যাৰ সন্মুখীন হৈছে। এই সমস্যাৰ বাবে অষ্ট্ৰেলিয়াৰ লোকসকলে ঘাইকৈ প্ৰৱাসী ভাৰতীয়সকলকে দোষাৰোপ কৰিছে।

ডিজিটেল ডেস্ক: অষ্ট্ৰেলিয়াত থকা দহ লাখ ভাৰতীয়ক বহিষ্কাৰৰ দাবীত হাজাৰ হাজাৰ লোকে দেশখনৰ বিভিন্ন স্থানত প্রতিবাদ সাব্যস্ত কৰে। যোৱা দেওবাৰে ছিডনী, মেলব'র্ন, ব্রিছবেন, কেনবেৰা, এডিলেইড, পাৰ্থ আৰু হোবার্টকে ধৰি দেশখনৰ কমেও ২০খন নগৰ-মহানগৰত ভাৰতীয়সকলক বিতাৰণ কৰাৰ দাবীত হাজাৰ হাজাৰ লোকে প্রতিবাদ কাৰ্যসূচীত অংশগ্রহণ কৰে। প্ৰতিবাদকাৰীসকলে বিশাল শোভাযাত্রাও উলিয়ায়। প্রতিবাদী শোভাযাত্ৰাৰ সময়ত প্রতিবাদকাৰীয়ে ভাৰতীয় মূলৰ লোকসকলক প্রধানকৈ লক্ষ্য কৰি লয়। উল্লেখযোগ্য যে বিগত কিছু সময়ত অষ্ট্ৰেলিয়াত ভাৰতীয় মূলৰ লোকসকলৰ প্ৰতি বিদ্বেষৰ ভাব যথেষ্ট বৃদ্ধি পাইছে আৰু প্রৱাসী ভাৰতীয় আক্রমণৰো লক্ষ্য হৈ পৰিছে। অষ্ট্ৰেলিয়াত প্রায় দহ লাখ প্রৱাসী ভাৰতীয় আছে।


মন কৰিবলগীয়া যে অষ্ট্ৰেলিয়াৰ জনসংখ্যাৰ অধিকাংশ হ'ল প্রৱাসী। দেশখনত সর্বাধিকসংখ্যক প্রৱাসী হ'ল ব্রিটেইনৰ। ইয়াৰ পাছতে প্রৱাসী ভাৰতীয়সকলৰ স্থান। তথ্য অনুসৰি অষ্ট্ৰেলিয়াত থকা ভাৰতীয় মূলৰ লোকৰ সংখ্যা হ'ল প্রায় ৯.৭৬ লাখ। এতিয়া ইয়াৰ সংখ্যা অধিক বৃদ্ধি পাইছে। যোৱা বছৰ অষ্ট্ৰেলিয়াৰ মুঠ জনসংখ্যাৰ প্রায় ৩.২% আছিল ভাৰতীয় মূলৰ লোক। অষ্ট্ৰেলিয়াৰ লোকসকল এতিয়া নিবনুৱা সমস্যা, ঘৰৰ সংকট তথা মূল্য বৃদ্ধিৰ দৰে সমস্যাৰ সন্মুখীন হৈছে। এই সমস্যাৰ বাবে অষ্ট্ৰেলিয়াৰ লোকসকলে ঘাইকৈ প্ৰৱাসী ভাৰতীয়সকলকে দোষাৰোপ কৰিছে।


যোৱা দেওবাৰে হোৱা 'মার্চ ফৰ অষ্ট্ৰেলিয়া'ৰ আয়োজকসকলে প্ৰচাৰ পত্ৰতো ভাৰতীয়সকলক বিশেষভাৱে লক্ষ্য কৰি লয়। ইয়াত কোৱা হৈছে যে যোৱা পাঁচ বছৰত যিমান ভাৰতীয় অষ্ট্ৰেলিয়ালৈ আহিছে বিগত এশ বছৰতো সিমানখিনি ইটালিয়ান আৰু গ্ৰীচৰ লোক দেশখনলৈ যোৱা নাই। অৱশ্যে একাংশ লোকৰ মতে, ভাৰতীয় মূলৰ লোকসকলে দেশখনৰ লিবাৰেল পাৰ্টিক সমর্থন কৰে আৰু ভৱিষ্যতৰ নিৰ্বাচনত তেওঁলোকে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে। প্রধানমন্ত্রী এন্থনী আলবানিজৰ নেতৃত্বাধীন অষ্ট্ৰেলিয়াৰ বাওঁপন্থী চৰকাৰে কয় যে এই প্রতিবাদত নক্সালবাদী আৰু নব্য নাজী শক্তি জড়িত হৈ আছে। সামাজিক মাধ্যমত প্ৰতিবাদৰ সমৰ্থক একাংশ ব্যৱহাৰকাৰীক স্ত্রী-বিদ্বেষী, শ্বেত বৰ্ণৰ আধিপত্য বিচৰা, জলবায়ু পৰিৱৰ্তনক অগ্রাহ্য কৰা, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ সমৰ্থক আৰু গৰ্ভপাত বিৰোধী ৰূপে চিনাক্ত কৰা হৈছে। এই প্রতিবাদৰ আয়োজনত জড়িতসকলৰ ভিতৰত নাজীবাদক নতুনকৈ সমর্থন জনোৱা গোটো আছে।


উল্লেখযোগ্য যে দেওবাৰে হোৱা প্ৰতিবাদত দেশখনলৈ প্ৰব্ৰজন বন্ধ কৰাৰ দাবী জনোৱা হয়। তেওঁলোকে বিশেষভাৱে ভাৰতীয় মূলৰ লোকসকলক লক্ষ্য কৰি লয়। অষ্ট্ৰেলিয়ান ব্রডকাষ্টিং কর্প'ৰেশ্যনে প্রকাশ কৰা মতে, ছিডনীত হোৱা প্ৰতিবাদত ৫-৮ হাজাৰ লোকে অংশগ্রহণ কৰে। ইফালে প্ৰব্ৰজন-বিৰোধী প্ৰতিবাদৰ বিৰোধিতা কৰি দেশখনৰ বিভিন্ন স্থানত ৰিফিউজি একশ্যন কোৱালিশ্যনৰ দৰে গোটে প্রতিবাদৰ আয়োজন কৰে। ছিডনীত কেইবা শ লোকে 'শৰণাৰ্থীক আদৰণি'ৰ দৰে শ্ল'গান দিয়া দেখা পোৱা গৈছিল। মেলব'ৰ্নত প্ৰতিবাদকাৰী আৰু তেওঁলোকক বিৰোধিতা কৰাসকলক পৃথক কৰাৰ কাৰণে জালুকৰ গুৰি স্প্রে' কৰাৰ লগতে লাঠীও ব্যৱহাৰ কৰে। ইফালে এই প্রতিবাদক লৈ শংকিত হৈ পৰিছে দেশখনত থকা প্রৱাসী ভাৰতীয়সকল। ভাৰতীয় মূলৰ এগৰাকী মহিলাই কয়, 'ইয়াত বহুত ভাৰতীয় আছে বুলি শুনিবলৈ পোৱা গৈছে, অতি আতংকময় পৰিৱেশ। মই প্রতিদিনে ভাল কাম কৰাৰ চেষ্টা কৰোঁ, কিন্তু মোক কোৱা হৈছে যে মোৰ অৱদান স্বীকাৰ কৰা নহয়।' ইফালে প্রৱাসী ভাৰতীয় নেতাসকলে প্রতিবাদৰ সময়ত ভাৰতীয় মূলৰ লোকসকলক ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ পৰামৰ্শ দিয়ে।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ