--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অত্যাৱশ্যকীয় সামগ্ৰীত এতিয়াৰ পৰা ১২% আৰু ২৮% জি এছ টি আৰোপ কৰা নহয় আৰু বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি মাত্র ৫% জি এছ টি আৰোপ কৰা হ'ব।

ডিজিটেল ডেস্ক : সামগ্ৰী আৰু সেৱা কৰত (জি এছ টি) আজি বৃহৎ সংশোধন তথা সংস্কাৰ সাধন কৰা হয়। বুধবাৰে অনুষ্ঠিত জি এছ টি পৰিষদৰ বৈঠকত উৎসৱৰ বতৰত দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ দি জি এছ টিৰ হাৰ দুটা স্তৰলৈ হ্রাস কৰা হয়। ইয়াৰ লগে লগে ভালেমান সামগ্ৰীৰ দাম হ্রাস পাব। কেন্দ্ৰীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণৰ পৌৰোহিত্যত কালি অনুষ্ঠিত জি এছ টি পৰিষদৰ বৈঠকত সর্বসন্মতভাৱে এই সিদ্ধান্ত লোৱা হয়


বৈঠকৰ পাছত বিত্ত মন্ত্রীয়ে এখন সংবাদমেলত এই কথা প্রকাশ কৰে। তেওঁ কয় যে এই বৈঠকত জি এছ টিৰ হাৰ মাত্ৰ দুটা স্তৰ- ৫% আৰু ১২% কৰা হয়। ইয়াৰ লগে লগে ১২% আৰু ২৮% হাৰ স্ক'ৰ বিলোপ কৰা হয়। জি এছ টিৰ নতুন হাৰ অহা ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী কৰা হ'ব বুলি বিত্ত মন্ত্রীয়ে প্রকাশ কৰে। বিত্ত মন্ত্রীয়ে কয় যে সৰ্বসাধাৰণে ব্যৱহাৰ কৰা সকলো


অত্যাৱশ্যকীয় সামগ্ৰীত এতিয়াৰ পৰা ১২% আৰু ২৮% জি এছ টি আৰোপ কৰা নহয় আৰু বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি মাত্র ৫% জি এছ টি আৰোপ কৰা হ'ব। বিত্ত মন্ত্ৰীয়ে কয় যে গাখীৰ,ৰুটী, পিজ্জা, ব্রেডকে ধৰি ভালেমান সামগ্ৰীক জি এছ টিমুক্ত কৰা হয়। এই সামগ্ৰীবোৰত এতিয়াৰ পৰা কোনো জি এছ টি দিব নালাগিব। ৩৩বিধ জীৱনদায়িনী ঔষধ, ব্যক্তিগত জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ প্রিমিয়ামত এতিয়াৰ পৰা জি এছ টি আৰোপ কৰা নহয়।


আনহাতে, বিলাসী সামগ্রী আৰু ধঁপাতজাত সামগ্রীকে ধৰি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক সামগ্রীত ৪০%ৰ বিশেষ কৰ আৰোপ কৰা হ'ব। যিবিলাক সামগ্রী ২২ ছেপ্টেম্বৰৰ পৰা জি এছ টিমুক্ত হৈ পৰিব সেইবিলাকৰ ভিতৰত আছে চেনি, গাখীৰ আৰু পনীৰ, চাহ, কয়লা, খোৱা তেল, খিছমিছ, ঘৰুৱা এল পি জি, পি ডি এছৰ কেৰাচিন, ৫০০ টকাতকৈ কম দামৰ জোতা-ছেণ্ডেল, কেঁচুৱাৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা গাখীৰ, পাউডাৰ গাখীৰ, ১০০০ টকাতকৈ কম দামৰ বস্ত্র, ধূপ, মিঠাই, পেঞ্চিল, পেঞ্চিল শ্বাপনাৰ, মেপ, গ্ল'বছ, বহী, ৰবৰ আদিও আছে। আনহাতে, জি এছ টিৰ হাৰ ১২%ৰ পৰা ৫%লৈ হ্রাস কৰা সামগ্ৰীবোৰৰ ভিতৰত ঔষধ, মাখন, ঘিউ, প্রচেছড্ ফুড, বাদাম, ম'বাইল, ফ্রুট জুচ, জেলী, ছাতি, গ্লুক'মিটাৰকে ধৰি কিছুমান চিকিৎসা সামগ্রী, চুলিত ঘঁহা তেল, শ্বেম্পু, চাবোন, টুথ পেষ্ট, টুথ পাউডাৰ, টুথ ব্রাছ, বাচন-বর্তন, আচবাব-পত্র, কেঁচুৱাক খাদ্য খুৱাবৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰী, চিলাই মেচিন, চাইকেল, কৃষিকার্যত ব্যৱহাৰ কৰা মেচিন, কৃষিজাত সামগ্ৰী আৰু অন্যান্য ঘৰুৱা সামগ্রীও আছে।


বিস্কুট, চানা, নুডল্ আদিতো ৫% জি এছ টি আৰোপ কৰা হ'ব। ইফালে ২৮%ৰ পৰা জি এছ টিৰ হাৰ ১৮%লৈ হ্রাস কৰা সামগ্ৰীবোৰৰ ভিতৰত এ চি মেচিন, ৩২ ইঞ্চিতকৈ ডাঙৰ টিভিকে ধৰি সকলোধৰণৰ টিভি, সৰু গাড়ী, ৩৫০ চি চিলৈকে বাইক, ফ্রিজ আদি। চিমেণ্টত জি এছ টিৰ হাৰ ১৮%লৈ হ্রাস পাইছে। বিলাসী গাড়ী, জর্দা, পাণমছলা, ফ্ৰেভাৰ্ড ফুড, পেকেজড ড্রিংক্‌ছ আদিত ৪০% কৰ আৰোপ কৰা হ'ব। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, 'স্বাধীনতা দিৱসৰ দিনা মই দিয়া ভাষণত কৈছিলোঁ যে আমি জি এছ টিত পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ সাধনৰ আশা কৰিছোঁ।


কেন্দ্ৰীয় চৰকাৰে জি এছ টিৰ হাৰৰ সলনি আৰু প্ৰক্ৰিয়া সহজ কৰাৰ কাৰণে এক বিস্তৃত প্ৰস্তাৱ তৈয়াৰ কৰিছিলোঁ। ইয়াৰ উদ্দেশ্য আছিল সৰ্বসাধাৰণৰ জীৱন সহজ কৰি তোলা আৰু দেশৰ অর্থনীতি শক্তিশালী কৰা। জি এছ টি পৰিষদে এই প্রস্তাৱত সন্মতি জনোৱাত মই সন্তোষ পাইছোঁ।' প্রধানমন্ত্রীয়ে কয় যে জি এছ টি হাৰ সংশোধনে সাধাৰণ জনসাধাৰণ, কৃষক, এম এছ এম ই, মধ্যবিত্ত শ্রেণী, মহিলা আৰু যৱক-যুৱতী সকলোকে উপকৃত কৰিব। বিশেষকৈ ক্ষুদ্র ব্যৱসায়ী আৰু উদ্যোগীসকলক সকাহ দিব বুলি প্রধানমন্ত্রীয়ে কয়। উল্লেখযোগ্য যে প্রধানমন্ত্রীয়ে জি এছ টিৰ দুটা হাৰক দেশবাসীৰ বাবে দীপাৱলীৰ উপহাৰ বুলি উল্লেখ কৰিছিল।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ