--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি সকলো ঠিকে থাকে তেন্তে ভাৰতৰ তৃতীয় চন্দ্ৰযান অভিযান 'চন্দ্ৰযান ৩' যান খনে  ২৩ আগষ্টৰ দিনা চন্দ্ৰৰ পৃথিৱীৰ পৰা নেদেখা অন্ধকাৰ ফালটোত অৱতৰণ কৰিব। ইছৰোই চন্দ্ৰৰ অন্ধকাৰ ,  বিশেষকৈ দক্ষিণ মেৰুত  যান খনৰ ৰভাৰৰ  অৱতৰণ কৰোৱাবলৈ  চেষ্টা চলাই  আছে। ইফালে ৰাছিয়াৰ লুনা-২৫-য়েও প্ৰায় দুদিন আগতে, অৰ্থাৎ ২১ আগষ্টত চন্দ্ৰৰ অন্ধকাৰ ফালটোত ইয়াৰ ৰভাৰৰ  অৱতৰণৰ বাবে সাজু হৈছে।

চন্দ্ৰপৃষ্ঠলৈ মহাকাশযান প্ৰেৰণ কৰাটো এক অভূতপূৰ্ব ঘটনা নহয়। আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু পূৰ্বৰ ছোভিয়েট ইউনিয়ন (বৰ্তমান ৰাছিয়া)কে ধৰি কেইবাখনো দেশে চন্দ্ৰলৈ যাীন পঠিয়াইছে।  অৱশ্যে, কোনো দেশেই  আগতে চন্দ্ৰৰ অন্ধকাৰ ফালটোৰ প্ৰতি গুৰুত্ব দিয়া নাছিল।সেইবাবেই কোনো দেশেই চন্দ্ৰৰ  দক্ষিণ মেৰুত মহাকাশযান অৱতৰণ কৰাৰ চেষ্টা কৰা নাছিল।
লক্ষণীয়ভাৱে প্ৰথমবাৰৰ বাবে দুখন দেশে একেসময়তে এই উচ্চাকাংক্ষী লক্ষ্যত উপনীত হ’বলৈ আগবাঢ়িছে।আগন্তুক দিনবোৰত এনে প্ৰচেষ্টা সফল হয় নে নহয় সেয়া স্পষ্ট হ'ব।

 ইছৰোৰ পূৰ্বৰ অভিযান 'চন্দ্ৰযান-২'য়ে চন্দ্ৰত  অৱতৰণ কৰাত অসুবিধাৰ সন্মুখীন হৈছিল আৰু অৱশেষত যোগাযোগ হেৰুওৱাৰ পিছতে  দুৰ্ঘটনাগ্ৰস্ত হৈছিল। মহাকাশ সংস্থাটোৱে তেনে অভিজ্ঞতাৰ পৰা ভালে খিনি কথা শিকিছে আৰু এতিয়া এই প্ৰত্যাহ্বানসমূহ দূৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।  

বিশ্বই ভাৰত আৰু ৰাছিয়াৰ  অভিযানৰ সফলতা চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে। দৰাচলতে চন্দ্ৰৰ অন্ধকাৰ ফালটো হৈছে দক্ষিণ মেৰু।সেয়া পৃথিৱীৰ পৰা দৃশ্যমান নহয়। অন্ধকাৰ বুলি ক’লেও পিছে সেই এলেকাটোতো দিন-ৰাতিৰ অনুভৱ হয়। পৃথিৱীৰ পৰা  ইয়াক "অন্ধকাৰ দিশ" বুলি উল্লেখ কৰাৰ কাৰণ হৈছে ই মানুহে নেদেখা হৈ আছে। চন্দ্ৰৰ মেৰুদণ্ডত  এটা ঘূৰ্ণন পৃথিৱীৰ ১৪ দিনৰ সমান। সেয়েহে, সেয়েহে আমি সদায় পৃথিৱীৰ পৰা চন্দ্ৰৰ একেটা ফালেই   দেখিবলৈ পাওঁ। ১৯৫৯ চনত ছোভিয়েট মহাকাশযান লুনা ৩ য়ে চন্দ্ৰৰ সেই   ফালটোৰ ছবি প্ৰেৰণ নকৰালৈকে সেই ফালটোৰ কথা মানুহৰ অজ্ঞাত আছিল। এতিয়া ইছৰোই সেই ফালটোতনো কি আছে সেয়া জানিবলৈ চেষ্টা কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু