--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি সকলো ঠিকে থাকে তেন্তে ভাৰতৰ তৃতীয় চন্দ্ৰযান অভিযান 'চন্দ্ৰযান ৩' যান খনে  ২৩ আগষ্টৰ দিনা চন্দ্ৰৰ পৃথিৱীৰ পৰা নেদেখা অন্ধকাৰ ফালটোত অৱতৰণ কৰিব। ইছৰোই চন্দ্ৰৰ অন্ধকাৰ ,  বিশেষকৈ দক্ষিণ মেৰুত  যান খনৰ ৰভাৰৰ  অৱতৰণ কৰোৱাবলৈ  চেষ্টা চলাই  আছে। ইফালে ৰাছিয়াৰ লুনা-২৫-য়েও প্ৰায় দুদিন আগতে, অৰ্থাৎ ২১ আগষ্টত চন্দ্ৰৰ অন্ধকাৰ ফালটোত ইয়াৰ ৰভাৰৰ  অৱতৰণৰ বাবে সাজু হৈছে।

চন্দ্ৰপৃষ্ঠলৈ মহাকাশযান প্ৰেৰণ কৰাটো এক অভূতপূৰ্ব ঘটনা নহয়। আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু পূৰ্বৰ ছোভিয়েট ইউনিয়ন (বৰ্তমান ৰাছিয়া)কে ধৰি কেইবাখনো দেশে চন্দ্ৰলৈ যাীন পঠিয়াইছে।  অৱশ্যে, কোনো দেশেই  আগতে চন্দ্ৰৰ অন্ধকাৰ ফালটোৰ প্ৰতি গুৰুত্ব দিয়া নাছিল।সেইবাবেই কোনো দেশেই চন্দ্ৰৰ  দক্ষিণ মেৰুত মহাকাশযান অৱতৰণ কৰাৰ চেষ্টা কৰা নাছিল।
লক্ষণীয়ভাৱে প্ৰথমবাৰৰ বাবে দুখন দেশে একেসময়তে এই উচ্চাকাংক্ষী লক্ষ্যত উপনীত হ’বলৈ আগবাঢ়িছে।আগন্তুক দিনবোৰত এনে প্ৰচেষ্টা সফল হয় নে নহয় সেয়া স্পষ্ট হ'ব।

 ইছৰোৰ পূৰ্বৰ অভিযান 'চন্দ্ৰযান-২'য়ে চন্দ্ৰত  অৱতৰণ কৰাত অসুবিধাৰ সন্মুখীন হৈছিল আৰু অৱশেষত যোগাযোগ হেৰুওৱাৰ পিছতে  দুৰ্ঘটনাগ্ৰস্ত হৈছিল। মহাকাশ সংস্থাটোৱে তেনে অভিজ্ঞতাৰ পৰা ভালে খিনি কথা শিকিছে আৰু এতিয়া এই প্ৰত্যাহ্বানসমূহ দূৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।  

বিশ্বই ভাৰত আৰু ৰাছিয়াৰ  অভিযানৰ সফলতা চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে। দৰাচলতে চন্দ্ৰৰ অন্ধকাৰ ফালটো হৈছে দক্ষিণ মেৰু।সেয়া পৃথিৱীৰ পৰা দৃশ্যমান নহয়। অন্ধকাৰ বুলি ক’লেও পিছে সেই এলেকাটোতো দিন-ৰাতিৰ অনুভৱ হয়। পৃথিৱীৰ পৰা  ইয়াক "অন্ধকাৰ দিশ" বুলি উল্লেখ কৰাৰ কাৰণ হৈছে ই মানুহে নেদেখা হৈ আছে। চন্দ্ৰৰ মেৰুদণ্ডত  এটা ঘূৰ্ণন পৃথিৱীৰ ১৪ দিনৰ সমান। সেয়েহে, সেয়েহে আমি সদায় পৃথিৱীৰ পৰা চন্দ্ৰৰ একেটা ফালেই   দেখিবলৈ পাওঁ। ১৯৫৯ চনত ছোভিয়েট মহাকাশযান লুনা ৩ য়ে চন্দ্ৰৰ সেই   ফালটোৰ ছবি প্ৰেৰণ নকৰালৈকে সেই ফালটোৰ কথা মানুহৰ অজ্ঞাত আছিল। এতিয়া ইছৰোই সেই ফালটোতনো কি আছে সেয়া জানিবলৈ চেষ্টা কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক